--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

মুছফিক হুছেইন : গুৱাহাটী মহানগৰ। কংক্ৰিটৰ এই চহৰখনলৈ মানুহ ঢাপলি মেলে নিজৰ সপোনৰ পম খেদি। বুকুত লৈ ফুৰা মানুহৰ সপোনবোৰ ঠন ধৰিবলৈ লয় গুৱাহাটী মহানগৰতে। শদিয়াৰ পৰা ধুবুৰীলৈ যেন সকলো সপোন সম্ভৱা পক্ষীবোৰ উৰি আহে গুৱাহাটী মহানগৰলৈ। কোনোৱে যদি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আহে, কোনোৱে আকৌ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আন কোনোৱে আকৌ নিজৰ উপযুক্ত কৰ্মভূমি হিচাপে মহানগৰখন বাছি লয়। মুঠৰ ওপৰত নিশা মহানগৰৰ কৃত্ৰিম পোহৰবোৰৰ দৰে হাজাৰজন সপোনসন্ধানী পক্ষীৰ সপোনবোৰ তিৰবিৰায় এইখন চহৰতে। কিন্তু এই সপোনবোৰ বাস্তবায়িত কৰিবলৈ কোনো-কোনোৱে হয়তো কৰিব লগা সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰ চকুলো সেমেকিব অৱশ্যে একে সময়তে তেওঁলোকৰ কাহিনীয়ে অনুপ্ৰেৰণাও যোগায়।

আজি আমাৰ "লাইফ ইন এ মেট্ৰ' ত তেনেকুৱা এটা জীয়া কাহিনী আপোনালোকৰ মাজলৈ উলিয়াই আনিম, যিটো কাহিনী শুনিলে আপুনিও হয়তো আবেগিক আৰু অনুপ্ৰাণিত হৈ পৰিব। যুৱকজনৰ নাম চন্দ্ৰ জ্যোতি বণিয়া, ধেমাজিৰ চন্দ্ৰই উচ্চ শিক্ষাগ্ৰহণৰ বাবে ২০১৭ বৰ্ষতে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। বৰ্তমানো তেওঁ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকত অধ্যায়ন কৰি আছে। সৰুৰে পৰা দায়িত্ববোধৰ গুৰত্ব বুজি পোৱা যুৱকজনে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছৰে পৰা এটা ধাৰণা গঢ় লৈছিল যে, নিজৰ পঢ়াৰ বাবে যদি সামান্যতম খৰচ নিজে অৰ্জন কৰিব পাৰি, তেনেহলে ঘৰখনে এইক্ষেত্ৰত যথেষ্ট সকাহ পাব, যিহেতু পিতৃৰ অৱসৰৰ পাছত ঘৰখনৰ উৰ্পাজনৰ পথো একপ্ৰকাৰে বন্ধ হৈ পৰিছিল। তদুপৰি গুৱাহাটীৰ দৰে এখন মহানগৰত পদে-পদে প্ৰয়োজন হোৱা টকা-পইচাৰ সামান্যতমো যাতে নিজে উলিয়াব পাৰি তাৰেই সন্ধানত আছিল ধেমাজিৰ চন্দ্ৰ জ্যোতি বণিয়া।

সংগ্ৰামখন আৰম্ভ হৈছিল তেতিয়াই, প্ৰথমে তেওঁ নিজৰ পঢ়া সমান্তৰালকৈ আৰম্ভ কৰিছিল টিউচন, কলেজ সামৰি সন্ধিয়া যুৱকজনে মানুহৰ ঘৰে-ঘৰে গৈছিল টিউচন কৰিবলৈ লগতে যুৱকজনে সেই সময়ত গুৱাহাটীত চলাই নিছিল কেইবাটাও সৰু ব্যৱসায় পাছলৈ যেতিয়া লকডাউনৰ ফলত শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছিল তেতিয়াই তেওঁ ঘৰত গৈ আৰম্ভ কৰিছিল এখন ব্ৰয়লাৰ ফাৰ্ম আৰু তাৰ পৰাও তেওঁ যথেষ্ট আৰ্থিক সকাহ লাভ কৰিছিল।
শেহতীয়াকৈ তেওঁ আৰম্ভ কৰিছে zomato ফুড ডেলিভাৰী বয়ৰ কাম। দিনৰ ভাগত কলেজৰ ক্লাছ শেষ কৰি আবেলিৰ পৰা নিশা ১১ বজালৈ যুৱকজনে আৰম্ভ কৰে ডেলিভাৰী বয়ৰ কাম, সেই কামৰ পৰাই বৰ্তমান তেওঁৰ পঢ়াৰ ক্ষেত্ৰত হোৱা খৰচ নিজে উলিয়াবলৈ সক্ষম হৈছে যুৱকজন। তদুপৰি শাৰীৰিকভাৱে অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা চন্দ্ৰই নিজৰ চিকিৎসাৰ খৰচো তেওঁ নিজে বহন কৰি আহিছে। মহানগৰীৰ উজ্জ্বল আলোকমালাৰ মাজত নিজৰ কৰ্মৰ জ্যোতিৰে উজলি উঠা চন্দ্ৰ এজন সংস্কৃতিপ্ৰেমী যুৱক। বহু প্ৰতিভাৰ অধিকাৰী চন্দ্ৰৰ ওঁঠত প্ৰাণ পাই উঠে পেঁপা, বাঁহী বাদ্যই। কটন বিশ্ববিদালয়ক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি ফক অৰ্কেষ্ট্ৰা বা লোকসংগীতৰ অৰ্কেষ্ট্ৰা আৰু ফক ডেঞ্চ অৰ্থাৎ লোক নৃত্যত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল চন্দ্ৰই। চন্দ্ৰৰ এই সংগ্ৰামী যাত্ৰা তথা তেওঁৰ জীৱনমুখী অভিযানৰ বিষয়ে আৰু কেইটামান কথা জনাৰ বাবে আমি তেওঁক সুধিছিলোঁ…

১) পঢ়াৰ উপৰি উপাৰ্জনো কৰিব লাগিব, এই চিন্তাটো মনলৈ কিয়, কেতিয়া আহিল?
চন্দ্ৰ : ডাঙৰ হৈ অহাৰ লগে-লগে কিছুমান কথা অলপ গভীৰভাৱে ভাবিবলৈ ললোঁ। ঘৰখনৰ একমাত্ৰ ল’ৰা মই। দেউতা চৰকাৰী চাকৰিয়াল আছিল, গতিকে ঘৰত তেনেধৰণৰ আৰ্থিক অভাৱো নাছিল। প্ৰয়োজন হোৱা টকাকেইটা ঘৰৰ পৰা সদায়েই পাইছিলোঁ। কিন্তু তাৰ পাছতো মই ভাবিলোঁ যে, সেই প্ৰয়োজনীয় হাত খৰচকেইটা যদি ঘৰত নিবিচৰাকৈ কিবা এটা কাম গুৱাহাটীতে কৰি উলিয়াব পাৰোঁ সেয়া বেছি ভাল হ’ব, তেনেদৰেই আৰম্ভ হৈছিল যাত্ৰা।

২) ডেলিভাৰী ছাৰ্ভিছৰ সমান্তৰালকৈ পঢ়া-শুনা একেলগে কেনেকৈ আগুৱাই নিছে?
চন্দ্ৰ : মই শিক্ষাগ্ৰহণ আৰু কৰ্ম দুয়োটা সমানেই বজাই ৰাখিব চেষ্টা কৰিছোঁ। কটনৰ দৰে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত নিজকে যিহেতু আন সকলোৰে দৰে ফেৰ মাৰি চলিব লাগে, গতিকে সেইটো মই maintain কৰিছোঁ। ডেলিভাৰী ছাৰ্ভিছটো যিহেতু মোৰ পাৰ্ট টাইম জব্‌ গতিকে ই মোক পঢ়াৰ ক্ষেত্ৰত ক্ষতি কৰা নাই।
৩) সততে দেখিবলৈ পোৱা যায় যে ডেলিভাৰী বয়সমূহক বহুতে বেয়া চকুৰে চায়, আপোনাৰ তেনেকুৱা সমস্যৰ সন্মুখীন হৈছে নেকি?

চন্দ্ৰ: খুব ভাল প্ৰশ্ন উত্থাপন কৰিছে। ডেলিভাৰী বয়ৰ প্ৰতি কিছুসংখ্যক মানুহৰ মনোভাব ইমান নিকৃষ্ট যে, তাক ভাষেৰে বুজাব নোৱাৰিম। এই কামৰ জৰিয়তে মই বহুতো অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। তাত তিতা-মিঠা দুয়োটাই আছে। কাৰোবাক যদি ৭ কি:মি: পৰ্যন্ত গৈ ডেলিভাৰি দিবলৈ গৈ ঘৰৰ আগলৈ অকণমান আগুৱাই আহিবলৈ কওঁ কয় যে, ডেলিভাৰীৰ পইচা দিছোঁ নহয় একেবাৰে ঘৰত বস্তু দি যোৱাহি, আমি বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। অৱশ্যে কোনো-কোনোৱে মৰমতে আকৌ জেপত ১০-২০ টকা দিওঁ পঠায়, চাহ খাবা বুলি।

৪) আপোনাৰ এই কৰ্মময় যাত্ৰাৰ অভিজ্ঞতাৰে, আপোনাৰ সমবয়সীয়া বা নতুন প্ৰজন্মক কি ক'ব?

চন্দ্ৰ : কামৰ কোনো সৰু-বৰ নাথাকে। সকলোৱে নিজে মন বান্ধি লব লাগে যে, নিজৰ হাত খৰচটো আমি নিজে কেনেকৈ অৰ্জন কৰিব পাৰোঁ। ব্যৱসায়ৰ কৰাৰ পথ যিহেতু অভাৱ নাই, গতিকে আমি যিমানলৈকে পাৰোঁ নিজৰ পৰাখিনি কৰি যাব লাগে। আৰু এটা কথা নিজে উপাৰ্জন কৰি খৰচ কৰাৰ মজাও বেলেগ, কেৱল কৰাজনেহে বুজি পায় সেই কথা, লগতে পইচাৰ মূল্যও বুজি পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement