ডিজিটেল ডেস্ক: পুৱা উঠাৰ পিছত মুখত এটাৰ পিছত আনটো বহুতো প্ৰডাক্ট ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। ছাল স্বাস্থ্যকৰ আৰু জিলিকি থকাটো নিশ্চিত কৰিবলৈ আপুনি কেৱল ৩ টা পদক্ষেপেৰে গঠিত মৰ্ণিং স্কিন কেয়াৰ ৰুটিন অনুসৰণ কৰিব লাগিব। আপোনাৰ ছালৰ ধৰণ অনুসৰি কেনেদৰে এণ্টিঅক্সিডেণ্ট, মইশ্ব’ৰাইজাৰ আৰু ছানস্ক্ৰীণ স্কিন কেয়াৰত অন্তৰ্ভুক্ত কৰিব লাগে, সেই বিষয়ে জানক।
স্বাস্থ্যকৰ আৰু জিলিকি থকা ছালৰ বিষয়ে ইমানেই চৰ্চা হৈছে যে আপুনি এতিয়ালৈকে নিশ্চিতভাৱে বিভ্ৰান্ত হৈ পৰিছে যে আচলতে কি কৰিব লাগে। স্কিন কেয়াৰত এণ্টিঅক্সিডেণ্ট, মইশ্ব’ৰাইজাৰ আৰু ছানস্ক্ৰীণ অন্তৰ্ভুক্ত।
প্ৰথমে ছালৰ ধৰণ অনুসৰি বাছনি কৰক এণ্টিঅক্সিডেণ্ট
এণ্টিঅক্সিডেণ্টে ছাললৈ বহুত লাভ লৈ আহে। ইয়াক আপোনাৰ মৰ্ণিং স্কিনকেয়াৰ ৰুটিনৰ অংশ বনাব পাৰি। কিন্তু আপুনি ইয়াক আপোনাৰ ছালৰ ধৰণ অনুসৰি বাছি ল’ব লাগিব। এণ্টিঅক্সিডেণ্টৰ বাবে ভিটামিন চি (Vitamin C) অতি উত্তম। মুখ পৰিষ্কাৰ কৰাৰ পিছত ভিটামিন চি চিৰামৰ কেইটামান টোপাল মুখত লগাব পাৰি। কিন্তু এইটো সকলোৰে বাবে উপযোগী নহয়। যদি আপুনিও তেওঁলোকৰ মাজৰ এজন যাৰ বাবে ভিটামিন চি চিৰাম ব্যৱহাৰ কৰাত সমস্যা হয়, তেন্তে আপুনি ছালৰ ধৰণৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য এণ্টিঅক্সিডেণ্ট চিৰাম বাছি লোৱা উচিত। কোনবিধ ছালৰ বাবে কি ভাল, তলত জানক:
১) চেন্সিটিভ ছালৰ বাবে নাইচিনামাইড (Niacinamide): যদি আপোনাৰ ছাল চেন্সিটিভ, তেন্তে মৰ্ণিং স্কিনকেয়াৰ ৰুটিনৰ বাবে নাইচিনামাইড এটা ভাল বিকল্প হ’ব পাৰে। ইয়াক স্কিনকেয়াৰৰ এটা মাল্টিপাৰ্পাছ মলিকিউল বুলি গণ্য কৰা হয়। ছালৰ বিভিন্ন প্ৰয়োজনত ইয়াক ব্যৱহাৰ কৰা হয়। নাইচিনামাইডক মৃদু অৰ্থাৎ মাইল্ড কৰি ৰাখিব লাগে, অৰ্থাৎ আপুনি ইয়াক অতি উচ্চ শক্তি বা ষ্ট্ৰেংথত ল’বলগীয়া নহয়। ডাৰ্মাট’লজিষ্টৰ মতে ৫ শতাংশ নাইচিনামাইডৰ পৰা আৰম্ভ কৰিব পাৰি। যদি অধিক ষ্ট্ৰেংথ লোৱা হয় তেন্তে কিছুমান মানুহৰ ছালত ফ্ৰিকেল বা ইৰিটেচন হ’ব পাৰে। সেয়েহে যেতিয়াই চিৰাম কিনিব, নাইচিনামাইডৰ শতকৰা হাৰ (percentage) বেছিকৈ চোৱাৰ পৰিৱৰ্তে নিজৰ ছালখন বুজিবলৈ চেষ্টা কৰক যাতে ইয়াৰ পৰা কোনো চেন্সিটিভিটি নহয়।
২) একনে থকা ছালৰ বাবে চালিচিলিক এচিড (Salicylic Acid): অ’ইলী আৰু ব্ৰন থকা ছালৰ বাবে তেল নিয়ন্ত্ৰণ কৰা এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজন হয়। এই কামত চালিচিলিক এচিডে আপোনাক সহায় কৰিব। আপুনি ইয়াক আপোনাৰ মৰ্ণিং ৰুটিনত অন্তৰ্ভুক্ত কৰিব লাগিব। ই ছালৰ ছিদ্ৰ (pores) আৰু ছালত থকা অতিৰিক্ত তেল হ্ৰাস কৰাৰ কাম কৰে। চালিচিলিক এচিড নিয়ন্ত্ৰিতভাৱেহে লগাব লাগে। যদি ইয়াৰ ব্যৱহাৰ অত্যাধিক কৰা হয় তেন্তে ছালখন শুকান হ’বলৈ ধৰে আৰু তাত খজুৱতি তথা জ্বলা-পোৰা সমস্যাও হ’ব পাৰে। অ’ইলী ছালত আপুনি ইয়াক হাইলোৰনিক এচিড, ভিটামিন ই বা পেপ্টাইড থকা প্ৰডাক্টৰ সৈতে ৰুটিনৰ অংশ বনাব পাৰে। অৰ্থাৎ একনেৰ সমস্যাৰ ওপৰত কাম কৰাৰ লগতে ছালৰ আৰ্দ্ৰতাৰ (moisture) প্ৰতিও ধ্যান দিয়াটো জৰুৰী।
পৰৱৰ্তী পদক্ষেপ হৈছে মইশ্ব’ৰাইজাৰ
চিৰামৰ পিছত আপুনি মইশ্ব’ৰাইজাৰ লগোৱাৰো প্ৰয়োজন আছে। প্ৰায়ে অ’ইলী ছালৰ লোকসকলৰ ধাৰণা হয় যে তেওঁলোকৰ ইয়াৰ প্ৰয়োজন নাই। কিন্তু এনেদৰে ভবাটো ভুল। অ’ইলী ছালৰো মইশ্ব’ৰাইজাৰৰ অতি প্ৰয়োজন আছে কিয়নো ছালৰ পৰা আৰ্দ্ৰতা কমি গ’লে ছালে হাইড্ৰেচন নিয়ন্ত্ৰণ কৰিবলৈ আৰু অধিক তেল উৎপাদন কৰিবলৈ ধৰে। সেয়েহে যদি আপুনি তেল নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে মইশ্ব’ৰাইজাৰ বাদ নিদিব।
আপোনাৰ ছালৰ ধৰণ অনুসৰি এটা পাতল মইশ্ব’ৰাইজাৰ বাছি ল’ব পাৰি। যদি আপুনি একনি বা অ’ইলী ছালৰ বাবে মইশ্ব’ৰাইজাৰ লগাব বিচাৰে তেন্তে জেল বেজড বা ৱাটাৰ বেজড নন-কমিড’জেনিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক। আনহাতে, যদি আপোনাৰ ছাল অতিশয় শুকান হয়, তেন্তে আপোনাক হেভি মইশ্ব’ৰাইজেচনৰ প্ৰয়োজন হ’ব পাৰে। এইটো বহু পৰিমাণে বতৰৰ ওপৰতো নিৰ্ভৰ কৰে।
ছানস্ক্ৰীণ হৈছে অতি প্ৰয়োজনীয়
ছানস্ক্ৰীণে আপোনাৰ ছালক ফ’টো এজিং (photo aging)ৰ পৰা বচাব পাৰে যাৰ ফলত আপুনি কম বয়সতে ফাইলাইনছ আৰু অন্যান্য বয়সৰ ছাপৰ (aging signs) সন্মুখীন হ’বলগীয়া নহ’ব। চেষ্টা কৰক যাতে এছ পি এফ ৩০ বা তাতকৈ অধিক ব্ৰড স্পেকট্ৰমযুক্ত ছানস্ক্ৰীণ নিতৌ লগাব পাৰে, সেয়া আপুনি ঘৰৰ ভিতৰতে কিয় নাথাকক কিয়।
যদি আপোনাৰ ছানস্ক্ৰীণত ইতিমধ্যে মইশ্ব’ৰাইজিং গুণ বিদ্যমান আছে, তেন্তে বেলেগকৈ মইশ্ব’ৰাইজাৰ লগোৱাৰ প্ৰয়োজন আপোনাৰ ছালৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। যদি ছালখন অ’ইলী হয় তেন্তে বেলেগকৈ মইশ্ব’ৰাইজাৰ বাদ দিব পাৰি।
অ’ইলী ছালখন অতিশয় শুকান কৰিবলৈ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। বৰঞ্চ অ’ইলী ছালে আপোনাৰ বাবে এণ্টি এজিং বৰদান হিচাপে কাম কৰে। এই ধৰণৰ ছালত বয়সৰ চাপ সোনকালে নাহে আৰু ফাইলাইনছ দূৰৈত থাকে।