ডিজিটেল ডেস্ক: ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ২০২৬ বৰ্ষৰ বাবা চাহেব বি. আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটাৰ বাবে নিৰ্বাচিত হৈছে নামৰূপৰ মিনাৰাম চুতীয়া৷
নামৰূপৰ জেষ্ঠ নাগৰিক তথা সমাজকৰ্মী চুতীয়াক ভাৰতীয় দলিত একাডেমীৰ ৰাষ্ট্ৰীয় সভাপতি ড° এচ পি সুমনাস্কৰে এক পত্ৰ প্ৰেৰণ কৰি উক্ত বঁটাৰ বাবে নিমন্ত্ৰণ জনায়৷ উল্লেখ্য যে চুতীয়াই বিগত কেইবাটাও দশক জুৰি ব্যৱসায়ৰ জৰিয়তে বহুতো নিৱনুৱাক সংস্থাপিত কৰাৰ উপৰিও আৰ্তজনক সহায় কৰি আহিছে।
নামৰূপৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰি সমাজলৈ অৱদান আগবঢ়াই আহিছে চুতীয়াই৷ ইয়াৰ উপৰিও দীৰ্ঘদিনৰ পাছত প্ৰকাশ হোৱা চুতীয়া জাতি বুৰঞ্জী প্ৰণয়নৰ ক্ষেত্ৰতো মিনাৰাম চুতীয়াই অহোপুৰুষাৰ্থ কৰে৷ চুতীয়াৰ এই সাফল্যত নামৰূপৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে৷
চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে তেওঁ উক্ত বঁটা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷