--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মাতৃ, ভগ্নী, আত্মীয়ই অমৃতপ্ৰভাক চমজি ল’লে কাৰাগাৰৰ পৰা। এখন ক’লা থাৰত উঠি গুৱাহাটী অভিমুখে অমৃতপ্ৰভা। পাছত হাফলঙতে বাহন সলনি কৰি আৰম্ভ যাত্ৰা। অমৃতপ্ৰভাৰ লক্ষ্যস্থান কি নলবাৰীৰ ঘৰ নে গীতানগৰ ?

ডিজিটেল ডেস্ক: হাফলং কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল গায়িকা অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি কাৰাবাস খাটি থকা গায়িকা তথা অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই ৯ অক্টোবৰ,শনিবাৰে লাভ কৰিছিল জামিন। উচ্চ ন্যায়ালয়ৰ নির্দেশ মৰ্মে প্ৰায় এবছৰৰ কাৰাবাসৰ অন্তত হাফলং উপ-কাৰাগাৰৰ পৰা আজি মুক্তি লাভ কৰি তেওঁ মুকলি আকাশৰ তললৈ আহে। কাৰাগাৰৰ সন্মুখত মোতায়েন কৰা হৈছিল আৰক্ষী-CRPF।


মাতৃ, ভগ্নী, আত্মীয়ই অমৃতপ্ৰভাক চমজি ল’লে কাৰাগাৰৰ পৰা। এখন ক’লা থাৰত উঠি গুৱাহাটী অভিমুখে অমৃতপ্ৰভা। পাছত হাফলঙতে বাহন সলনি কৰি আৰম্ভ যাত্ৰা। অমৃতপ্ৰভাৰ লক্ষ্যস্থান কি নলবাৰীৰ ঘৰ নে গীতানগৰ ? বৰ্তমান গীতানগৰৰ মনালিছা পথৰ ভাৰাঘৰত ওলমি আছে তলা।


উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ আদালতে ৫০ হাজাৰ টকাৰ বণ্ড আৰু দুজন জামিনদাৰৰ বিনিময়ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে পুৱা ৬.৩০ বজাত তেওঁ হাফলং কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।


২০২৫ চনৰ অক্টোবৰ মাহত ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ঘটনাৰ পিছতে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT) এ তেওঁক সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল। এছ.আই.টি.য়ে দাখিল কৰা চাৰ্জশ্বীটত অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত হিচাপে নামভুক্ত কৰিছিল।  


জামিন লাভ কৰিলে যদিও আদালতে তেওঁৰ ওপৰত কিছু কঠোৰ চৰ্ত আৰোপ কৰিছে। নিৰ্দেশ অনুযায়ী, তেওঁ নিজৰ পাছপ’ৰ্ট আদালতত জমা দিব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতিটো শুনানিত নিয়মীয়াকৈ হাজিৰ হ’ব লাগিব।  


উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে জামিন লাভ কৰা প্ৰথমগৰাকী অভিযুক্ত হ’ল অমৃতপ্ৰভা মহন্ত। এই গোচৰত আন অভিযুক্তসকলৰ বিৰুদ্ধে আইনী যুঁজ আৰু বিচাৰ প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি