--°C
Loading...
Listen to Article
2 min read
80%
২২ ডিচেম্বৰ ২০২২, বৃহস্পতিবাৰ

মেষ ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাৱনাই ইতিবাচক ফল দিব । আজিৰ দিনটোত আৰ্থিকভাৱে সবল থাকিব।

বৃষৰাশি – ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম-প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাৱনা থাকিব।

মিথুন ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। বিবাহৰ কথা আগবঢ়োৱাৰ বাবে আজি উপযুক্ত দিন। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব।

কৰ্কটৰাশি- প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক মনোকষ্ট দিয়াৰ সম্ভাৱনা । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে।

সিংহ ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

কন্যা ৰাশি- কৰ্মক্ষেত্ৰত সুনাম হব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীৱনসংগীৰ সৈতে ভ্ৰমণৰ যোগ। প্ৰেমৰ মাজেৰে দিনটো পাৰ হ’ব।

তুলাৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিক টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে।

বৃশ্চিক ৰাশি – নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় নিমন্ত্ৰণৰ লগতে উপহাৰো লাভ কৰাৰ যোগ আছে।

ধনু ৰাশি – আৰ্থিক সংকটে দেখা দিব পাৰে, কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হ’ব পাৰে, ক্ৰোধ সম্বৰণ কৰিব।

মকৰ ৰাশি- বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনত আনন্দ পাব । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক।

কুম্ভৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা।

মীন ৰাশি – কৰ্মক্ষেত্ৰত আজি আপুনি এক ভাল খবৰ লাভ কৰিব পাৰে । জীৱন সন্দৰ্ভতো সতৰ্কতা অৱলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক