--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া শীতকাল। এই শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। এনে সময়ত যেতিয়াই মহিলাসকলে বিউটি পাৰ্লাৰলৈ যায়, তেতিয়া প্ৰায় সংখ্যক মহিলাই অমিতাৰ ফেচিয়েল বাছি লয়। যিবোৰ কৃত্ৰিম ক্ৰীম আৰু ৰাসায়নিক পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়, যিয়ে আপোনাৰ মুখৰ ক্ষতি কৰিব পাৰে। সেয়ে ঘৰতে অমিতাৰ ফেচ পেক প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। অমিতাত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ ছালৰ বাবে উপকাৰী। অমিতাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ দিব পাৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে কেঁচা অমিতাই ছালৰ ঘাঁবোৰ সোনকালে ভাল কৰে। ঘৰতে অমিতাৰ ফেচ পেক কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানো আহক।

আধা কাপ পকা অমিতা লৈ ভালদৰে গুড়ি কৰি লওক। তাৰ পাছত তাত দুচামুচ গাখীৰ আৰু এচামুচ মৌ দিব। এই মিশ্ৰণটো ভালদৰে মিহলাই লওক। আপোনাৰ ফেচ মাস্ক সাজু হৈছে। এই মিশ্ৰণ মুখ আৰু ডিঙিত লগাব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুব। দেখিব যে  মুখখন জিলিকি উঠিব। উল্লেখযোগ্য যে অমিতায়ে ছালত হাইড্ৰেট কৰি দাগ আৰু মৰা ছাল আঁতৰাই পেলায়। পেঁপাৰ ফেচ মাস্কে শীতকালতো আপোনাৰ ছাল শুকান নকৰে।

????টেনিং 
ছালৰ টেনিং আঁতৰাবলৈ অমিতাৰ পেষ্ট বনাওক। তাৰ পাছত তাত অলিভ অইল আৰু নেমু কেইটোপালমান দিব। ইয়াৰ লগতে ইয়াত এচিকুট হালধিও দিব। তাৰ পাছত এই মিশ্ৰণটো ভালদৰে মিহলাই লওক। এই ফেচ পেকে আপোনাৰ টেনিং আঁতৰাই পেলাব।

????কল-অমিতাৰ মাস্ক
যদি আপোনাৰ ঘৰত কল আছে, তেন্তে অমিতাৰ লগত মিহলাই লওক। দুয়োটাকে ভালদৰে গুড়ি কৰিব। তাৰ পাছত এই মিশ্ৰণটো মুখত লগাব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক