--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া শীতকাল। এই শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। এনে সময়ত যেতিয়াই মহিলাসকলে বিউটি পাৰ্লাৰলৈ যায়, তেতিয়া প্ৰায় সংখ্যক মহিলাই অমিতাৰ ফেচিয়েল বাছি লয়। যিবোৰ কৃত্ৰিম ক্ৰীম আৰু ৰাসায়নিক পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়, যিয়ে আপোনাৰ মুখৰ ক্ষতি কৰিব পাৰে। সেয়ে ঘৰতে অমিতাৰ ফেচ পেক প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। অমিতাত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ ছালৰ বাবে উপকাৰী। অমিতাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ দিব পাৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে কেঁচা অমিতাই ছালৰ ঘাঁবোৰ সোনকালে ভাল কৰে। ঘৰতে অমিতাৰ ফেচ পেক কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানো আহক।

আধা কাপ পকা অমিতা লৈ ভালদৰে গুড়ি কৰি লওক। তাৰ পাছত তাত দুচামুচ গাখীৰ আৰু এচামুচ মৌ দিব। এই মিশ্ৰণটো ভালদৰে মিহলাই লওক। আপোনাৰ ফেচ মাস্ক সাজু হৈছে। এই মিশ্ৰণ মুখ আৰু ডিঙিত লগাব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুব। দেখিব যে  মুখখন জিলিকি উঠিব। উল্লেখযোগ্য যে অমিতায়ে ছালত হাইড্ৰেট কৰি দাগ আৰু মৰা ছাল আঁতৰাই পেলায়। পেঁপাৰ ফেচ মাস্কে শীতকালতো আপোনাৰ ছাল শুকান নকৰে।

????টেনিং 
ছালৰ টেনিং আঁতৰাবলৈ অমিতাৰ পেষ্ট বনাওক। তাৰ পাছত তাত অলিভ অইল আৰু নেমু কেইটোপালমান দিব। ইয়াৰ লগতে ইয়াত এচিকুট হালধিও দিব। তাৰ পাছত এই মিশ্ৰণটো ভালদৰে মিহলাই লওক। এই ফেচ পেকে আপোনাৰ টেনিং আঁতৰাই পেলাব।

????কল-অমিতাৰ মাস্ক
যদি আপোনাৰ ঘৰত কল আছে, তেন্তে অমিতাৰ লগত মিহলাই লওক। দুয়োটাকে ভালদৰে গুড়ি কৰিব। তাৰ পাছত এই মিশ্ৰণটো মুখত লগাব। ১৫ মিনিটৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু