--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি সেই টকা দি থকা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। এই অভিযোগ উত্থাপন কৰিছে শ শ প্রতিবন্ধীয়ে।

ডিজিটেল ডেস্ক : প্রতিবন্ধীসকলে আইন মতে পাব লগা পেঞ্চনৰ ধনেৰে ৰাজ্য চৰকাৰে চলাই আছে অৰুণোদয় আঁচনি। প্রয়োজনীয় প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি সেই টকা দি থকা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। এই অভিযোগ উত্থাপন কৰিছে শ শ প্রতিবন্ধীয়ে।


প্রতিবন্ধী সুৰক্ষা সংস্থাৰ শ শ প্ৰতিবাদকাৰীয়ে কালি দিছপুৰৰ ৰাজপথতে বহি উত্তাল প্রতিবাদ সাব্যস্ত কৰাই নহয় ২০২৩ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বন্ধ কৰি ৰখা প্ৰতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন শীঘ্রেই মোকলাই দিবলৈ চৰকাৰক সকীয়াই দিয়াই নহয় প্রতিবন্ধীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি অহা বিভাগীয় সঞ্চালক ভাস্কৰজ্যোতি মান্তাৰ বদলিকৰণৰ দাবী কৰিছে।


প্ৰতিবাদকাৰীসকলে কয় যে আৰ পি ডি আইনৰ ছেক্সন ২৪ অনুসৰি প্ৰতিবন্ধীসকলে পেঞ্চন পাব লাগে আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তেওঁলোকক সেই অনুসৰি ১০০০ টকাকৈ পেঞ্চন দি আহিছিল। কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই আইন ভৰিৰে মোহাৰি ২০২৩ চনৰ পৰাই প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি অৰুণোদয় আঁচনি চলাই আহিছে।


প্রতিবাদকাৰীসকলে লগতে এই বুলিও কয় যে সময়ে সময়ে তেওঁলোকে সেয়েহে অৰুণোদয় আঁচনিৰ বিৰোধিতা কৰি আহিছে। ইফালে, বিভাগীয় সঞ্চালক ভাস্কৰজ্যোতি মান্তাই এক পত্ৰযোগে বিগত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰা হ'ব বুলি পত্রযোগে জনাইছিল। তাৰ পাছতো এই বৈঠকৰ বাবে বিভাগীয় সঞ্চালকজনে বহু তাৰিখ ঠিক কৰিছিল যদিও আজি পর্যন্ত বৈঠকখনেই অনুষ্ঠিত নহ'ল বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰিছে। ইফালে দিছপুৰৰ ৰাজপথত শ শ প্রতিবন্ধীৰ এই বৃহৎ প্ৰতিবাদৰ ফলত মহানগৰীত অভাৱনীয় যান-জটৰ সৃষ্টি হয়।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি