--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি সেই টকা দি থকা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। এই অভিযোগ উত্থাপন কৰিছে শ শ প্রতিবন্ধীয়ে।

ডিজিটেল ডেস্ক : প্রতিবন্ধীসকলে আইন মতে পাব লগা পেঞ্চনৰ ধনেৰে ৰাজ্য চৰকাৰে চলাই আছে অৰুণোদয় আঁচনি। প্রয়োজনীয় প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি সেই টকা দি থকা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। এই অভিযোগ উত্থাপন কৰিছে শ শ প্রতিবন্ধীয়ে।


প্রতিবন্ধী সুৰক্ষা সংস্থাৰ শ শ প্ৰতিবাদকাৰীয়ে কালি দিছপুৰৰ ৰাজপথতে বহি উত্তাল প্রতিবাদ সাব্যস্ত কৰাই নহয় ২০২৩ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বন্ধ কৰি ৰখা প্ৰতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন শীঘ্রেই মোকলাই দিবলৈ চৰকাৰক সকীয়াই দিয়াই নহয় প্রতিবন্ধীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি অহা বিভাগীয় সঞ্চালক ভাস্কৰজ্যোতি মান্তাৰ বদলিকৰণৰ দাবী কৰিছে।


প্ৰতিবাদকাৰীসকলে কয় যে আৰ পি ডি আইনৰ ছেক্সন ২৪ অনুসৰি প্ৰতিবন্ধীসকলে পেঞ্চন পাব লাগে আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তেওঁলোকক সেই অনুসৰি ১০০০ টকাকৈ পেঞ্চন দি আহিছিল। কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই আইন ভৰিৰে মোহাৰি ২০২৩ চনৰ পৰাই প্রতিবন্ধীৰ ১২৫০ টকাৰ পেঞ্চন বন্ধ কৰি অৰুণোদয় আঁচনি চলাই আহিছে।


প্রতিবাদকাৰীসকলে লগতে এই বুলিও কয় যে সময়ে সময়ে তেওঁলোকে সেয়েহে অৰুণোদয় আঁচনিৰ বিৰোধিতা কৰি আহিছে। ইফালে, বিভাগীয় সঞ্চালক ভাস্কৰজ্যোতি মান্তাই এক পত্ৰযোগে বিগত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰা হ'ব বুলি পত্রযোগে জনাইছিল। তাৰ পাছতো এই বৈঠকৰ বাবে বিভাগীয় সঞ্চালকজনে বহু তাৰিখ ঠিক কৰিছিল যদিও আজি পর্যন্ত বৈঠকখনেই অনুষ্ঠিত নহ'ল বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰিছে। ইফালে দিছপুৰৰ ৰাজপথত শ শ প্রতিবন্ধীৰ এই বৃহৎ প্ৰতিবাদৰ ফলত মহানগৰীত অভাৱনীয় যান-জটৰ সৃষ্টি হয়।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ