--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত হ'ব লগীয়া উক্ত স্বাস্থ্য শিবিৰসমূহত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিব।

ডিজিটেল ডেস্ক : ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু সময়মতে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে অহা অক্টোবৰ মাহৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত ৫টাকৈ স্বাস্থ্য শিবিৰ আয়োজন কৰা হ'ব। ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত হ'ব লগীয়া উক্ত স্বাস্থ্য শিবিৰসমূহত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিব।


ইয়াৰ উপৰি যিকোনো প্রয়োজনীয় চিকিৎসা ব্যৱস্থাৰো দিহা কৰিব স্বাস্থ্য বিভাগে। বিশেষকৈ শিবিৰত বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱা হ'ব।


উল্লেখযোগ্য যে এই সন্দৰ্ভত লোক সেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত অক্টোবৰ মাহৰ পৰা স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আনহাতে, ৰোগীসকলক বিভিন্ন স্বাস্থ্য খণ্ডৰ কল্যাণ আঁচনিৰ সৈতে সংযুক্ত কৰা হ'ব, যাতে তেওঁলোকে মাজভাগতে চিকিৎসা গ্রহণ এৰি দিব লগা নহয়। শিবিৰসমূহত বিনামূলীয়া কাউঞ্চেলিং আৰু ঔষধ প্ৰদান কৰা হ'ব। একেদৰে এই শিবিৰসমূহত চিনাক্ত হোৱা জটিল ৰোগত আক্রান্ত ৰোগীসকলৰ যিসকলৰ আয়ুষ্মান কার্ড নাই, তেওঁলোকক সেই কার্ড প্রদানকে ধৰি অন্যান্য সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব।


মুখ্যমন্ত্রী ড° শর্মাই সোমবাৰে নিশা লোক সেৱা ভৱনত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ব'ৰ্ডৰ ২৩সংখ্যক বৈঠকতো অংশগ্ৰহণ কৰে। বৈঠকত লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বাবে অনুমোদন প্রদান কৰাৰ লগতে গুৱাহাটীস্থিত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত নতুন 'PET-CT' মেচিন স্থাপনৰ বাবে অনুমোদন জনোৱা হয়। ইয়াৰ উপৰি ফাউণ্ডেশ্যনৰ অধীনত ৪খন কেঞ্চাৰ কেয়াৰ হস্পিটেল নিৰ্মাণৰ কাম অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী