--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত হ'ব লগীয়া উক্ত স্বাস্থ্য শিবিৰসমূহত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিব।

ডিজিটেল ডেস্ক : ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু সময়মতে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে অহা অক্টোবৰ মাহৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত ৫টাকৈ স্বাস্থ্য শিবিৰ আয়োজন কৰা হ'ব। ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত হ'ব লগীয়া উক্ত স্বাস্থ্য শিবিৰসমূহত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিব।


ইয়াৰ উপৰি যিকোনো প্রয়োজনীয় চিকিৎসা ব্যৱস্থাৰো দিহা কৰিব স্বাস্থ্য বিভাগে। বিশেষকৈ শিবিৰত বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱা হ'ব।


উল্লেখযোগ্য যে এই সন্দৰ্ভত লোক সেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত অক্টোবৰ মাহৰ পৰা স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আনহাতে, ৰোগীসকলক বিভিন্ন স্বাস্থ্য খণ্ডৰ কল্যাণ আঁচনিৰ সৈতে সংযুক্ত কৰা হ'ব, যাতে তেওঁলোকে মাজভাগতে চিকিৎসা গ্রহণ এৰি দিব লগা নহয়। শিবিৰসমূহত বিনামূলীয়া কাউঞ্চেলিং আৰু ঔষধ প্ৰদান কৰা হ'ব। একেদৰে এই শিবিৰসমূহত চিনাক্ত হোৱা জটিল ৰোগত আক্রান্ত ৰোগীসকলৰ যিসকলৰ আয়ুষ্মান কার্ড নাই, তেওঁলোকক সেই কার্ড প্রদানকে ধৰি অন্যান্য সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব।


মুখ্যমন্ত্রী ড° শর্মাই সোমবাৰে নিশা লোক সেৱা ভৱনত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ব'ৰ্ডৰ ২৩সংখ্যক বৈঠকতো অংশগ্ৰহণ কৰে। বৈঠকত লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বাবে অনুমোদন প্রদান কৰাৰ লগতে গুৱাহাটীস্থিত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত নতুন 'PET-CT' মেচিন স্থাপনৰ বাবে অনুমোদন জনোৱা হয়। ইয়াৰ উপৰি ফাউণ্ডেশ্যনৰ অধীনত ৪খন কেঞ্চাৰ কেয়াৰ হস্পিটেল নিৰ্মাণৰ কাম অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা