--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ পৰা ব্ৰাজিলৰ অনাকাংক্ষিত প্ৰস্থানৰ পিছতেই দলটোৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল টিটেই। কিন্তু তৎসত্বেও প্ৰশিক্ষকগৰাকীৰ ওপৰত ব্ৰাজিলৰ ফুটবলপ্ৰেমীসকলৰ মনৰ পৰা ক্ষোভ আঁতৰা নাই।

ব্ৰাজিলৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা মতে, যোৱা সপ্তাহত ৰিঅ’ত তেওঁৰ ঘৰৰ সন্মুখত এজন ব্যক্তিয়ে তেওঁক মাৰ ধৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰতিবেদন অনুসৰি, টিটে যোৱা সপ্তাহত তেওঁৰ পত্নীৰ সৈতে ৰাতিপুৱা ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ গৈছিল। সেই সময়তে এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ কান্ধত আঘাত কৰে। লোকজনে তেওঁৰ ডিঙিৰ চেইনডালো কাঢ়ি লয়। '’ব্ৰাজিলে কিয় কাটাৰ বিশ্বকাপৰ পৰা এনেদৰে বিদায় ল’লে’’- মানুহজনে টিটেৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছিল।

অৱশ্যে, প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে কৈছিল যে লোকজনে টিটেৰ চুবুৰীয়াৰ বাগিচাত বান্ধি থোৱা চাইকেল চুৰি কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে তেওঁ শাৰীৰিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হয়। পত্নীয়ে টিটেক বচাবলৈ আগবাঢ়ি অহাত পৰিস্থিতি বিষম দেখি লোকজন পলাই যায়।

কাটাৰৰ পৰা পৰাজয়ৰ গ্লানি লৈ উভতি অহাৰ পিছত টিটে কোনো সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই নাই। তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ৰিঅ’ত ঘৰতে দিন কটাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক