--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ পৰা ব্ৰাজিলৰ অনাকাংক্ষিত প্ৰস্থানৰ পিছতেই দলটোৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল টিটেই। কিন্তু তৎসত্বেও প্ৰশিক্ষকগৰাকীৰ ওপৰত ব্ৰাজিলৰ ফুটবলপ্ৰেমীসকলৰ মনৰ পৰা ক্ষোভ আঁতৰা নাই।

ব্ৰাজিলৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা মতে, যোৱা সপ্তাহত ৰিঅ’ত তেওঁৰ ঘৰৰ সন্মুখত এজন ব্যক্তিয়ে তেওঁক মাৰ ধৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰতিবেদন অনুসৰি, টিটে যোৱা সপ্তাহত তেওঁৰ পত্নীৰ সৈতে ৰাতিপুৱা ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ গৈছিল। সেই সময়তে এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ কান্ধত আঘাত কৰে। লোকজনে তেওঁৰ ডিঙিৰ চেইনডালো কাঢ়ি লয়। '’ব্ৰাজিলে কিয় কাটাৰ বিশ্বকাপৰ পৰা এনেদৰে বিদায় ল’লে’’- মানুহজনে টিটেৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছিল।

অৱশ্যে, প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে কৈছিল যে লোকজনে টিটেৰ চুবুৰীয়াৰ বাগিচাত বান্ধি থোৱা চাইকেল চুৰি কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে তেওঁ শাৰীৰিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হয়। পত্নীয়ে টিটেক বচাবলৈ আগবাঢ়ি অহাত পৰিস্থিতি বিষম দেখি লোকজন পলাই যায়।

কাটাৰৰ পৰা পৰাজয়ৰ গ্লানি লৈ উভতি অহাৰ পিছত টিটে কোনো সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই নাই। তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ৰিঅ’ত ঘৰতে দিন কটাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু