--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সত গুলি কৰি হত্যা কৰা হ’ল এজন ফুটবলাৰক। দেশখনৰ মাৰ্চেই নামৰ চহৰখনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। ২২ বছৰীয়া ফুটবলাৰজনৰ নাম আদেল সান্তানা মেণ্ডি নামেৰে জনা গৈছে।

উল্লেখ্য যে বিশ্বকাপ ফাইনেলত ফ্ৰান্স পৰাজীত হোৱাৰ পাছতে উত্তেজিত হৈ আছে দেশখন। ফাইনেল শেষ হোৱা এসপ্তাহ হৈ যোৱাৰ পাছতে এই উত্তেজনা সাম কটা নাই। এই উত্তেজনাময় পৰিস্থিতিৰে বলি হ’ল ফুটবলাৰ আদেল।

যোৱা জুন মাহত ফ্ৰান্সৰ ঘৰুৱা লীগৰ চতুৰ্থ ডিভিজনৰ ক্লাব ওবানিয়াত যোগ দিছিল আদেলে। কিয় তেওঁক গুলিয়াই হত্যা কৰা হ’ল সেই বিষয়ে আৰক্ষীয়ে একো জনোৱা নাই। ইতিমধ্যে ফুটবলাৰজনৰ মৃত্যুক লৈ তদন্ত আৰম্ভ হৈছে।

কৃষ্ণাং ফুটবলাৰগৰাকীৰ জন্ম ফ্ৰান্সত হ’লেও আদেলৰ পিতৃমাতৃ চেনেগালৰ। ফ্ৰান্সৰ মাৰ্চেই যুৱ একাডেমিৰ পৰা ফুটবলৰ শিক্ষা লাভ কৰা তৰুণ ফুটবলাৰগৰাকীয়ে কেইবাটাও ক্লাবত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।

আনহাতে, আদেলৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই তেওঁৰ ক্লাব ওবানিয়াই। সামাজিক মাধ্যমত ক্লাবটোৱে লিখিছে- ''বিৰাট এটা শূণ্যস্থান সৃষ্টি হ’ল। আদেল সদায়েই আমাৰ মাজত থাকিব। তেওঁৰ পৰিয়ালক সমবেদনা জনাইছো।
FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?