--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বাওঁহাতৰ অলৰাউণ্ডাৰ নেল ব্ৰেণ্ডে অভিষেক টেষ্টতে চমক দিয়ে। প্ৰথম টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬টা উইকেট দখল কৰি তেওঁ বহু নজিৰ গঢ়ি তুলিছিল। 

নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ব্ৰেণ্ডে ২৬ অভাৰত ১১৯ ৰান সংগ্ৰহ কৰি ৬টা উইকেট দখল কৰে। এই সফলতাৰ বাবেই বহু নজিৰ গঢ় লৈ উঠিছে। ব্ৰেণ্ডে অভিষেক টেষ্টত শ্ৰেষ্ঠ বলিঙৰ আদৰ্শ দাঙি ধৰিলে। বাংলাদেশৰ নাইমুৰ ৰহমান দুৰ্জয়ৰ ২৪ বছৰীয়া অভিলেখ ভংগ কৰিলে। ২০০০ চনত ভাৰতৰ বিৰুদ্ধে অভিষেকে ১৩২ ৰানত ৬টা উইকেট দখল কৰিছিল।

এই নজিৰ গঢ়ি তোলাৰ পূৰ্বে ব্ৰেণ্ডে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰসকলৰ মাজত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ নজিৰ গঢ়ি তুলিছিল। ১৯৫৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক টেষ্টত ক্লাইভ বেৰেঞ্জ ভান ৰিজনেভেল্ডে ৩৭ ৰানত ২টা উইকেট দখল কৰে। টেষ্টত অভিষেক ঘটোৱা দক্ষিণ আফ্ৰিকাৰ এজন স্পিনাৰৰ সেইটোৱেই আছিল আজিলৈকে সৰ্বশ্ৰেষ্ঠ বলিং। ব্ৰেণ্ডেও সেই অভিলেখ ভংগ কৰিলে।

ব্ৰেণ্ডে ২৩ বছৰ বয়সৰ ভিতৰত টেষ্ট মেচত এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ অধিনায়ক হিচাপে পৰিগণিত হয়। শ্বেন পোলকে শেষবাৰৰ বাবে ২০০১ চনত এই কৃতিত্ব অৰ্জন কৰিছিল। ভাৰতৰ বিৰুদ্ধে ৫৬ ৰানত ৬ উইকেট দখল কৰে।

প্ৰথম ইনিংছত নিউজিলেণ্ডে ৫১১ ৰান সংগ্ৰহ কৰে। কেন উইলিয়ামছনৰ বেটৰ পৰা আহে ১১৮ ৰানৰ ইনিংছ। ৰচিন ৰবিন্দ্ৰই ২৪০ ৰানৰ ইনিংছ খেলিছিল। টেষ্টত তেওঁৰ এইটোৱেই প্ৰথম ডাবল চেঞ্চুৰী। তেওঁৰ উপৰিও ডেৰিল মিচেল, গ্লেন ফিলিপছ, মিচেল ছাণ্টনাৰ, মেট হেনৰী আৰু টিম চাউথীকো ব্ৰেণ্ড আউট কৰা হৈছে। দ্বিতীয় দিনৰ খেলখনৰ শেষলৈকে দক্ষিণ আফ্ৰিকাই ৪ উইকেটত ৮০ ৰান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক