--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বাওঁহাতৰ অলৰাউণ্ডাৰ নেল ব্ৰেণ্ডে অভিষেক টেষ্টতে চমক দিয়ে। প্ৰথম টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬টা উইকেট দখল কৰি তেওঁ বহু নজিৰ গঢ়ি তুলিছিল। 

নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ব্ৰেণ্ডে ২৬ অভাৰত ১১৯ ৰান সংগ্ৰহ কৰি ৬টা উইকেট দখল কৰে। এই সফলতাৰ বাবেই বহু নজিৰ গঢ় লৈ উঠিছে। ব্ৰেণ্ডে অভিষেক টেষ্টত শ্ৰেষ্ঠ বলিঙৰ আদৰ্শ দাঙি ধৰিলে। বাংলাদেশৰ নাইমুৰ ৰহমান দুৰ্জয়ৰ ২৪ বছৰীয়া অভিলেখ ভংগ কৰিলে। ২০০০ চনত ভাৰতৰ বিৰুদ্ধে অভিষেকে ১৩২ ৰানত ৬টা উইকেট দখল কৰিছিল।

এই নজিৰ গঢ়ি তোলাৰ পূৰ্বে ব্ৰেণ্ডে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰসকলৰ মাজত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ নজিৰ গঢ়ি তুলিছিল। ১৯৫৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক টেষ্টত ক্লাইভ বেৰেঞ্জ ভান ৰিজনেভেল্ডে ৩৭ ৰানত ২টা উইকেট দখল কৰে। টেষ্টত অভিষেক ঘটোৱা দক্ষিণ আফ্ৰিকাৰ এজন স্পিনাৰৰ সেইটোৱেই আছিল আজিলৈকে সৰ্বশ্ৰেষ্ঠ বলিং। ব্ৰেণ্ডেও সেই অভিলেখ ভংগ কৰিলে।

ব্ৰেণ্ডে ২৩ বছৰ বয়সৰ ভিতৰত টেষ্ট মেচত এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ অধিনায়ক হিচাপে পৰিগণিত হয়। শ্বেন পোলকে শেষবাৰৰ বাবে ২০০১ চনত এই কৃতিত্ব অৰ্জন কৰিছিল। ভাৰতৰ বিৰুদ্ধে ৫৬ ৰানত ৬ উইকেট দখল কৰে।

প্ৰথম ইনিংছত নিউজিলেণ্ডে ৫১১ ৰান সংগ্ৰহ কৰে। কেন উইলিয়ামছনৰ বেটৰ পৰা আহে ১১৮ ৰানৰ ইনিংছ। ৰচিন ৰবিন্দ্ৰই ২৪০ ৰানৰ ইনিংছ খেলিছিল। টেষ্টত তেওঁৰ এইটোৱেই প্ৰথম ডাবল চেঞ্চুৰী। তেওঁৰ উপৰিও ডেৰিল মিচেল, গ্লেন ফিলিপছ, মিচেল ছাণ্টনাৰ, মেট হেনৰী আৰু টিম চাউথীকো ব্ৰেণ্ড আউট কৰা হৈছে। দ্বিতীয় দিনৰ খেলখনৰ শেষলৈকে দক্ষিণ আফ্ৰিকাই ৪ উইকেটত ৮০ ৰান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু