--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটপ্ৰেমীৰ এটা অংশই আশা কৰিছিল যে ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্টৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা যশস্বী জয়ছৱালে লাভ কৰিব। কিন্তু নিৰ্বাচকসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল যশপ্ৰীত বুমৰাহৰ ৯টা উইকেট দখল। ভাৰতীয় দলৰ ভাইচ অধিনায়কক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।

প্ৰথম ইনিংছত অলি পোপক বুমৰাহৰ য়ৰ্কাৰে আউট কৰিছিল৷ তাকে লৈ ক্ৰিকেট মহলত চৰ্চা চলিছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাকাৰ ইউনিছৰ য়ৰ্কাৰৰ সৈতে তুলনা কৰা হৈছে। বুমৰাহক সেই য়ৰ্কাৰৰ গোপন কথা জানিবলৈ কোৱা হৈছিল মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত।

তেওঁ কয়- ‘‘মই টেনিছ খেলাৰ পৰাই ইউনিছ, ৱাছিম ​​আক্ৰাম, জাহীৰ খানৰ বলিং চাই শিকিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াৰ পৰাই মইও তেওঁলোকৰ দৰে yorkers কৰিবলৈ চেষ্টা কৰিলোঁ। সেই সময়ত এনে লাগিছিল যে কেৱল ইয়ৰ্কাৰেৰেহে  উইকেটহে পাব পাৰি। তেতিয়াৰ পৰাই মই য়ৰ্কাৰ দিবলৈ শিকিছো। লক্ষ্য প্ৰতিটো সমস্যা সমাধান কৰা। প্ৰতিটো উইকেট বেলেগ বেলেগ। প্ৰত্যেকৰে গুৰুত্ব আছে। উইকেট লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰো। যিমানেই উপায়েৰে ক'ব পাৰো, প্ৰয়োজন অনুসৰি সকলো ব্যৱহাৰ কৰো।''

ভাৰতৰ শক্তিশালী বলাৰসকলে সাধাৰণতে বহিঃৰাষ্ট্ৰ ভ্ৰমণত উইকেট লাভ কৰে। ভাৰতীয় খেলপথাৰত ইটোৰ পিছত সিটো উইকেট লৈছে বুমৰাহ। বুমৰাহে কয়, “মই উইকেটৰ সংখ্যাৰ কথা নাভাবো। সৰুতে এই বিষয়ে চিন্তা কৰিছিলোঁ। এতিয়া দেশৰ হৈ খেলি থাকোঁতে উইকেটৰ সংখ্যাৰ কথা ভাবিলে চাপৰ সৃষ্টি হয়। দলৰ জয়ত মই অৰিহণা যোগাবলৈ সক্ষম হৈছো। সেইটোৱে মোক আটাইতকৈ বেছি আনন্দ দিয়ে।”

বুমৰাহে নিজকে ভাৰতীয় বলিং আক্ৰমণৰ নেতা বুলি গণ্য নকৰে। তেওঁৰ বক্তব্য, "চাওক আমি এটা পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছো। বহু নতুন বলাৰ আহি আছে। মই তেওঁলোকৰ লগত থাকিবলৈ চেষ্টা কৰো। পৰামৰ্শ দিবলৈ চেষ্টা কৰো।''

বুমৰাহে অৱশ্যে কয় যে ৰোহিত শৰ্মাই তেওঁৰ সৈতে নেতৃত্বৰ বিষয়ে আলোচনা কৰিছিল। কয়- ‘‘আমি সকলো কথা আলোচনা কৰোঁ। ৰোহিতে জানিব বিচাৰে মই কি ভাবিছো। তেওঁৰ চিন্তাবোৰো মই জানো। আমি তেনেকৈ খেলিবলৈ চেষ্টা কৰোঁ।’’

বুমৰাহে কয়, ইংলেণ্ডৰ জেমছ এণ্ডাৰছনৰ সৈতে তেওঁৰ কোনো যুঁজ নাই। কয়- ‘‘মই ফাষ্ট বলিং চাই ভাল পাওঁ। বলাৰ মোৰ দলৰ হওক বা বিপক্ষ দলৰ হওক, মই সকলোৰে বলিং চাবলৈ চেষ্টা কৰো। কোনোবাই ভাল কৰিলে নিশ্চয় চাম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু