--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটপ্ৰেমীৰ এটা অংশই আশা কৰিছিল যে ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্টৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা যশস্বী জয়ছৱালে লাভ কৰিব। কিন্তু নিৰ্বাচকসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল যশপ্ৰীত বুমৰাহৰ ৯টা উইকেট দখল। ভাৰতীয় দলৰ ভাইচ অধিনায়কক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।

প্ৰথম ইনিংছত অলি পোপক বুমৰাহৰ য়ৰ্কাৰে আউট কৰিছিল৷ তাকে লৈ ক্ৰিকেট মহলত চৰ্চা চলিছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাকাৰ ইউনিছৰ য়ৰ্কাৰৰ সৈতে তুলনা কৰা হৈছে। বুমৰাহক সেই য়ৰ্কাৰৰ গোপন কথা জানিবলৈ কোৱা হৈছিল মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত।

তেওঁ কয়- ‘‘মই টেনিছ খেলাৰ পৰাই ইউনিছ, ৱাছিম ​​আক্ৰাম, জাহীৰ খানৰ বলিং চাই শিকিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াৰ পৰাই মইও তেওঁলোকৰ দৰে yorkers কৰিবলৈ চেষ্টা কৰিলোঁ। সেই সময়ত এনে লাগিছিল যে কেৱল ইয়ৰ্কাৰেৰেহে  উইকেটহে পাব পাৰি। তেতিয়াৰ পৰাই মই য়ৰ্কাৰ দিবলৈ শিকিছো। লক্ষ্য প্ৰতিটো সমস্যা সমাধান কৰা। প্ৰতিটো উইকেট বেলেগ বেলেগ। প্ৰত্যেকৰে গুৰুত্ব আছে। উইকেট লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰো। যিমানেই উপায়েৰে ক'ব পাৰো, প্ৰয়োজন অনুসৰি সকলো ব্যৱহাৰ কৰো।''

ভাৰতৰ শক্তিশালী বলাৰসকলে সাধাৰণতে বহিঃৰাষ্ট্ৰ ভ্ৰমণত উইকেট লাভ কৰে। ভাৰতীয় খেলপথাৰত ইটোৰ পিছত সিটো উইকেট লৈছে বুমৰাহ। বুমৰাহে কয়, “মই উইকেটৰ সংখ্যাৰ কথা নাভাবো। সৰুতে এই বিষয়ে চিন্তা কৰিছিলোঁ। এতিয়া দেশৰ হৈ খেলি থাকোঁতে উইকেটৰ সংখ্যাৰ কথা ভাবিলে চাপৰ সৃষ্টি হয়। দলৰ জয়ত মই অৰিহণা যোগাবলৈ সক্ষম হৈছো। সেইটোৱে মোক আটাইতকৈ বেছি আনন্দ দিয়ে।”

বুমৰাহে নিজকে ভাৰতীয় বলিং আক্ৰমণৰ নেতা বুলি গণ্য নকৰে। তেওঁৰ বক্তব্য, "চাওক আমি এটা পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছো। বহু নতুন বলাৰ আহি আছে। মই তেওঁলোকৰ লগত থাকিবলৈ চেষ্টা কৰো। পৰামৰ্শ দিবলৈ চেষ্টা কৰো।''

বুমৰাহে অৱশ্যে কয় যে ৰোহিত শৰ্মাই তেওঁৰ সৈতে নেতৃত্বৰ বিষয়ে আলোচনা কৰিছিল। কয়- ‘‘আমি সকলো কথা আলোচনা কৰোঁ। ৰোহিতে জানিব বিচাৰে মই কি ভাবিছো। তেওঁৰ চিন্তাবোৰো মই জানো। আমি তেনেকৈ খেলিবলৈ চেষ্টা কৰোঁ।’’

বুমৰাহে কয়, ইংলেণ্ডৰ জেমছ এণ্ডাৰছনৰ সৈতে তেওঁৰ কোনো যুঁজ নাই। কয়- ‘‘মই ফাষ্ট বলিং চাই ভাল পাওঁ। বলাৰ মোৰ দলৰ হওক বা বিপক্ষ দলৰ হওক, মই সকলোৰে বলিং চাবলৈ চেষ্টা কৰো। কোনোবাই ভাল কৰিলে নিশ্চয় চাম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক