--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচলচ্চিত্ৰ মহাতাৰকা ৰজনীকান্তৰ ছবি ‘জেইলাৰ’ মুক্তি লাভ কৰাৰ পাছতে বক্স অফিচত জোকাৰণি তুলিছে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে ছবিখনে এতিয়ালৈকে ৩০০ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিছে। এতিয়া কমল হাছানেও এই উপলক্ষে ৰজনীকান্তক অভিনন্দন জনাইছে।

‘জেইলাৰ’ৰ সফলতাত কমল হাছানো অতি সুখী আৰু এনে পৰিস্থিতিত তেওঁ ৰজনীকান্তক ফোন কৰি অভিনন্দন জনায়। ইয়াৰ পৰা এটা কথা স্পষ্ট যে কমলে জেইলাৰৰ সংগ্ৰহৰ ওপৰত চকু ৰাখিছিল। উল্লেখযোগ্য যে ৰজনীকান্তেও কমল হাছানক তেওঁৰ ছবি বিক্ৰমৰ সফলতাৰ বাবে অভিনন্দন জনাইছিল।

সম্পূৰ্ণ একচন ভৰ্তি ছবি ‘জেইলাৰ’ৰ উন্মাদনা বৃদ্ধি পাইছে দক্ষিণ অঞ্চলত। বহু ছবিগৃহত হাউচফুল হিচাপে ছবিখনে বহুত টকা উপাৰ্জন কৰিছে। এতিয়া কমল হাছানে কেৱল ৰজনীকান্তই নহয় ছবিখনৰ পৰিচালক নেলছন দিলীপ কুমাৰকো অভিনন্দন জনাইছে।

উল্লেখ্য যে ৰজনীকান্ত বৰ্তমান হিমালয় ভ্ৰমণত আছে। তেওঁৰ ছবি মুক্তিৰ প্ৰথম দিনাই হিমালয়লৈ ৰাওনা হৈছিল। এই সময়ত তেওঁ বদ্ৰীনাথ ধামত বদ্ৰী বিশাল ভগৱানৰ পূজা কৰে।

‘জেইলাৰ’ৰ কথা ক’বলৈ গ’লে ৰজনীকান্তক ছবিখনত এজন আৰক্ষীৰ চৰিত্ৰত দেখা গৈছে। তেওঁৰ দুটা ৰূপ ছবিখনত দেখুওৱা হৈছে। এজন পৰিয়ালৰ মানুহ আৰু আনজন একচন ভৰ্তি পুলিচ হিচাপে জেইলাৰৰ সৈতে দুবছৰৰ পাছত ডাঙৰ পৰ্দাত পুনৰ উভতি আহিছিল থালাইভাৰ অভিনেতাগৰাকী আৰু অনুৰাগীসকলে তেওঁৰ ছবিখনৰ বাবে যথেষ্ট অপেক্ষা কৰিছিল।

‘জেইলাৰ’ ছবিখনত ৰজনীকান্তৰ উপৰি তমন্না ভাটিয়া, জেকী শ্ৰফ, শিৱ ৰাজকুমাৰ, ৰাম্য কৃষ্ণণ, প্ৰিয়ংকা মোহনৰ দৰে তাৰকাক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনত মালয়ালম অভিনেতা মোহনলালৰ কেমিঅ’ও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু