--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচলচ্চিত্ৰ মহাতাৰকা ৰজনীকান্তৰ ছবি ‘জেইলাৰ’ মুক্তি লাভ কৰাৰ পাছতে বক্স অফিচত জোকাৰণি তুলিছে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে ছবিখনে এতিয়ালৈকে ৩০০ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিছে। এতিয়া কমল হাছানেও এই উপলক্ষে ৰজনীকান্তক অভিনন্দন জনাইছে।

‘জেইলাৰ’ৰ সফলতাত কমল হাছানো অতি সুখী আৰু এনে পৰিস্থিতিত তেওঁ ৰজনীকান্তক ফোন কৰি অভিনন্দন জনায়। ইয়াৰ পৰা এটা কথা স্পষ্ট যে কমলে জেইলাৰৰ সংগ্ৰহৰ ওপৰত চকু ৰাখিছিল। উল্লেখযোগ্য যে ৰজনীকান্তেও কমল হাছানক তেওঁৰ ছবি বিক্ৰমৰ সফলতাৰ বাবে অভিনন্দন জনাইছিল।

সম্পূৰ্ণ একচন ভৰ্তি ছবি ‘জেইলাৰ’ৰ উন্মাদনা বৃদ্ধি পাইছে দক্ষিণ অঞ্চলত। বহু ছবিগৃহত হাউচফুল হিচাপে ছবিখনে বহুত টকা উপাৰ্জন কৰিছে। এতিয়া কমল হাছানে কেৱল ৰজনীকান্তই নহয় ছবিখনৰ পৰিচালক নেলছন দিলীপ কুমাৰকো অভিনন্দন জনাইছে।

উল্লেখ্য যে ৰজনীকান্ত বৰ্তমান হিমালয় ভ্ৰমণত আছে। তেওঁৰ ছবি মুক্তিৰ প্ৰথম দিনাই হিমালয়লৈ ৰাওনা হৈছিল। এই সময়ত তেওঁ বদ্ৰীনাথ ধামত বদ্ৰী বিশাল ভগৱানৰ পূজা কৰে।

‘জেইলাৰ’ৰ কথা ক’বলৈ গ’লে ৰজনীকান্তক ছবিখনত এজন আৰক্ষীৰ চৰিত্ৰত দেখা গৈছে। তেওঁৰ দুটা ৰূপ ছবিখনত দেখুওৱা হৈছে। এজন পৰিয়ালৰ মানুহ আৰু আনজন একচন ভৰ্তি পুলিচ হিচাপে জেইলাৰৰ সৈতে দুবছৰৰ পাছত ডাঙৰ পৰ্দাত পুনৰ উভতি আহিছিল থালাইভাৰ অভিনেতাগৰাকী আৰু অনুৰাগীসকলে তেওঁৰ ছবিখনৰ বাবে যথেষ্ট অপেক্ষা কৰিছিল।

‘জেইলাৰ’ ছবিখনত ৰজনীকান্তৰ উপৰি তমন্না ভাটিয়া, জেকী শ্ৰফ, শিৱ ৰাজকুমাৰ, ৰাম্য কৃষ্ণণ, প্ৰিয়ংকা মোহনৰ দৰে তাৰকাক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনত মালয়ালম অভিনেতা মোহনলালৰ কেমিঅ’ও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক