--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়ালম চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ মোহনলালে নিজৰ অনুৰাগীসকলৰ পুনৰবাৰ ফিটনেছৰ দ্বাৰা মন মোহিছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ব্যায়াম কৰি থকা এটা ভিডিঅ’ আপলোড কৰিছিল য’ত তেওঁ ১০০ কিলোগ্ৰাম ওজন দাঙি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

ভিডিঅ’টোত মোহনলালৰ প্ৰশিক্ষকে তেওঁক অধিক ওজন দাঙিবলৈ উৎসাহিত কৰা দেখা গৈছে আৰু অভিনেতাজনে এই ক্ষেত্ৰত হেমাহি কৰা  নাই। ৬৩ বছৰীয়া অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’টো পোষ্ট কৰিছে৷
অভিনেতাগৰাকীৰ পোষ্টৰ কিছু মিনিটৰ ভিতৰতে অনুৰাগীয়ে মন্তব্যৰ দ্বাৰা তেওঁক  উপচাই পেলায়। তেওঁৰ স্বাস্থ্যৰ প্ৰতি থকা সমৰ্পিত গুণক সকলোৱে শলাগ লয়৷ 

উল্লেখ্য যে, অচিৰেই মোহনলালক বৃষাভা ছবিত দেখা যাব। ছবিখনত শ্বানয়া কাপুৰৰ অভিনয়ৰ আত্মপ্ৰকাশো হৈছে। ইয়াৰ প্ৰযোজক একতা আৰ কাপুৰৰ বালাজী টেলিফিল্মছৰ লগতে কানেক্ট মিডিয়া আৰু এভিএছ ষ্টুডিঅ’।শনিবাৰে টুইটাৰত মোহলালে এই প্ৰকল্পৰ চিত্ৰগ্ৰহণৰ কথা ঘোষণা কৰে। নন্দ কিশোৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ তেলেগু আৰু মালয়ালম ভাষাত হ’ব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?