--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়ালম চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ মোহনলালে নিজৰ অনুৰাগীসকলৰ পুনৰবাৰ ফিটনেছৰ দ্বাৰা মন মোহিছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ব্যায়াম কৰি থকা এটা ভিডিঅ’ আপলোড কৰিছিল য’ত তেওঁ ১০০ কিলোগ্ৰাম ওজন দাঙি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

ভিডিঅ’টোত মোহনলালৰ প্ৰশিক্ষকে তেওঁক অধিক ওজন দাঙিবলৈ উৎসাহিত কৰা দেখা গৈছে আৰু অভিনেতাজনে এই ক্ষেত্ৰত হেমাহি কৰা  নাই। ৬৩ বছৰীয়া অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’টো পোষ্ট কৰিছে৷
অভিনেতাগৰাকীৰ পোষ্টৰ কিছু মিনিটৰ ভিতৰতে অনুৰাগীয়ে মন্তব্যৰ দ্বাৰা তেওঁক  উপচাই পেলায়। তেওঁৰ স্বাস্থ্যৰ প্ৰতি থকা সমৰ্পিত গুণক সকলোৱে শলাগ লয়৷ 

উল্লেখ্য যে, অচিৰেই মোহনলালক বৃষাভা ছবিত দেখা যাব। ছবিখনত শ্বানয়া কাপুৰৰ অভিনয়ৰ আত্মপ্ৰকাশো হৈছে। ইয়াৰ প্ৰযোজক একতা আৰ কাপুৰৰ বালাজী টেলিফিল্মছৰ লগতে কানেক্ট মিডিয়া আৰু এভিএছ ষ্টুডিঅ’।শনিবাৰে টুইটাৰত মোহলালে এই প্ৰকল্পৰ চিত্ৰগ্ৰহণৰ কথা ঘোষণা কৰে। নন্দ কিশোৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ তেলেগু আৰু মালয়ালম ভাষাত হ’ব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ