--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাহিৰত প্ৰচণ্ড বৰষুণ। জুন-জুলাই মাহত মুম্বাইত ঘৰৰ পৰা উলাই যোৱাটো অতি কঠিন। কিন্তু ধুমুহা-বৰষুণৰ মাজতো নিজৰ কন্যা আলিয়াৰ চিনেমাৰ বিশেষ প্ৰদৰ্শনত মহেশ ভাট আৰু ছোনী ৰাজদান উপস্থিত হৈছিল।

২৮ জুলাইত মুক্তি পাব আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। ছবিখনৰ পৰিচালক হৈছে কৰণ জোহৰ। ছবিখনৰ বিশেষ প্ৰদৰ্শনীত মায়ানগৰীৰ অধিকাংশ তাৰকা উপস্থিত হয়। আলিয়াৰ অভিনয় দেখি পিতৃ মহেশ ভাটে আপ্লুত আৰু গৌৰৱ অনুভৱ কৰিছে।

পৰিচালক হিচাপে মহেশৰ সুনাম আছে। বহু বছৰ ধৰি তেওঁ এই উদ্যোগত কাম কৰি আহিছে। তেওঁৰ প্ৰথম কন্যা পূজা ভাটো এই উদ্যোগৰ সৈতে জড়িত। নব্বৈৰ দশকৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। আলিয়াৰ ছবিখন চোৱাৰ পাছতে ফটোগ্ৰাফাৰসকলে পৰিচালকৰ প্ৰথম কন্যা পূজা ভাটৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। মহেশে হাঁহি এটা মাৰি ফটোগ্ৰাফাৰসকলৰ প্ৰশ্ন এৰাই চলিছিল। কিন্তু পৰিচালকে উত্তৰ দিবলৈ নাপাহৰিলে। তেওঁ কয়- ''এতিয়া মই আলিয়া ভাটৰ অনুৰাগী।’’
 
উল্লেখ্য যে কন্যা ৰহাৰ জন্মৰ দুমাহৰ পাছত পুনৰ শ্বুটিং ফ্ল’ৰলৈ উভতি আহে নায়িকাগৰাকী। আলিয়াই দেশৰ বিভিন্ন চহৰ ভ্ৰমণ কৰি ছবিখনৰ প্ৰচাৰ চলাই আহিছে। কিছুদিন পূৰ্বে কলকাতাৰ পৰা ভ্ৰমণ কৰিছিল অভিনেত্ৰীগৰাকী। এই ছবিখনত আলিয়াই বঙালী চৰিত্ৰত অভিনয় কৰিছিল। চৰিত্ৰটোৰ নাম ৰাণী চেটাৰ্জী। বঙালী চৰিত্ৰত নায়িকাগৰাকীক দেখি দৰ্শক উৎফুল্লিত হৈ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ