--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাহিৰত প্ৰচণ্ড বৰষুণ। জুন-জুলাই মাহত মুম্বাইত ঘৰৰ পৰা উলাই যোৱাটো অতি কঠিন। কিন্তু ধুমুহা-বৰষুণৰ মাজতো নিজৰ কন্যা আলিয়াৰ চিনেমাৰ বিশেষ প্ৰদৰ্শনত মহেশ ভাট আৰু ছোনী ৰাজদান উপস্থিত হৈছিল।

২৮ জুলাইত মুক্তি পাব আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। ছবিখনৰ পৰিচালক হৈছে কৰণ জোহৰ। ছবিখনৰ বিশেষ প্ৰদৰ্শনীত মায়ানগৰীৰ অধিকাংশ তাৰকা উপস্থিত হয়। আলিয়াৰ অভিনয় দেখি পিতৃ মহেশ ভাটে আপ্লুত আৰু গৌৰৱ অনুভৱ কৰিছে।

পৰিচালক হিচাপে মহেশৰ সুনাম আছে। বহু বছৰ ধৰি তেওঁ এই উদ্যোগত কাম কৰি আহিছে। তেওঁৰ প্ৰথম কন্যা পূজা ভাটো এই উদ্যোগৰ সৈতে জড়িত। নব্বৈৰ দশকৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। আলিয়াৰ ছবিখন চোৱাৰ পাছতে ফটোগ্ৰাফাৰসকলে পৰিচালকৰ প্ৰথম কন্যা পূজা ভাটৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। মহেশে হাঁহি এটা মাৰি ফটোগ্ৰাফাৰসকলৰ প্ৰশ্ন এৰাই চলিছিল। কিন্তু পৰিচালকে উত্তৰ দিবলৈ নাপাহৰিলে। তেওঁ কয়- ''এতিয়া মই আলিয়া ভাটৰ অনুৰাগী।’’
 
উল্লেখ্য যে কন্যা ৰহাৰ জন্মৰ দুমাহৰ পাছত পুনৰ শ্বুটিং ফ্ল’ৰলৈ উভতি আহে নায়িকাগৰাকী। আলিয়াই দেশৰ বিভিন্ন চহৰ ভ্ৰমণ কৰি ছবিখনৰ প্ৰচাৰ চলাই আহিছে। কিছুদিন পূৰ্বে কলকাতাৰ পৰা ভ্ৰমণ কৰিছিল অভিনেত্ৰীগৰাকী। এই ছবিখনত আলিয়াই বঙালী চৰিত্ৰত অভিনয় কৰিছিল। চৰিত্ৰটোৰ নাম ৰাণী চেটাৰ্জী। বঙালী চৰিত্ৰত নায়িকাগৰাকীক দেখি দৰ্শক উৎফুল্লিত হৈ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু