--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত নেতিবাচক চৰিত্ৰৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰা অভিনেতা কবীৰ দুহান এতিয়া বিবাহসূত্ৰত বান্ধ খাইছে। হাৰিয়ানাৰ এগৰাকী শিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে অভিনেতাগৰাকী। যাৰ কিছুমান ছবি তেওঁ অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ছবিবোৰো এতিয়া ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

কবীৰ দুহানে নিজৰ বিয়াৰ কিছু বিশেষ ছবি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। এই ছবিবোৰত কবীৰক দৰাৰ সাজ-পোছাক পৰিধান কৰি ক্ৰীম ৰঙৰ শ্বেৰৱানী পিন্ধা দেখা গৈছে। আনহাতে, লাল সুৰখ যোধনত কবীৰৰ কইনাক খুউব ধুনীয়া দেখা গৈছে। কবীৰ আৰু তেওঁৰ কইনাক মঞ্চত মালা পিন্ধি ইজনে সিজনৰ হাতত ধৰি থকা দেখা যায়। দ্বিতীয়খন ছবিত কবীৰে কইনাৰ শিৰত সেন্দূৰ দি আছে। 

ছবিকেইখনৰ উপৰিও কবীৰে তেওঁৰ পত্নীৰ সৈতে বিয়াৰ এক সুন্দৰ ভিডিঅ’ও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ইয়াত দুয়োকে বিয়াৰ মণ্ডপত বহি থকা দেখা যায়। এই কথা শ্বেয়াৰ কৰি অভিনেতাজনে লিখিছে - 'ঘৰলৈ স্বাগতম শ্ৰীমতী কবীৰ.'৷ উল্লেখযোগ্য যে কবীৰৰ পত্নীৰ নাম সীমা। যি হাৰিয়ানাৰ বাসিন্দা আৰু পেছাত শিক্ষক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু