--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত নেতিবাচক চৰিত্ৰৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰা অভিনেতা কবীৰ দুহান এতিয়া বিবাহসূত্ৰত বান্ধ খাইছে। হাৰিয়ানাৰ এগৰাকী শিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে অভিনেতাগৰাকী। যাৰ কিছুমান ছবি তেওঁ অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ছবিবোৰো এতিয়া ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

কবীৰ দুহানে নিজৰ বিয়াৰ কিছু বিশেষ ছবি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। এই ছবিবোৰত কবীৰক দৰাৰ সাজ-পোছাক পৰিধান কৰি ক্ৰীম ৰঙৰ শ্বেৰৱানী পিন্ধা দেখা গৈছে। আনহাতে, লাল সুৰখ যোধনত কবীৰৰ কইনাক খুউব ধুনীয়া দেখা গৈছে। কবীৰ আৰু তেওঁৰ কইনাক মঞ্চত মালা পিন্ধি ইজনে সিজনৰ হাতত ধৰি থকা দেখা যায়। দ্বিতীয়খন ছবিত কবীৰে কইনাৰ শিৰত সেন্দূৰ দি আছে। 

ছবিকেইখনৰ উপৰিও কবীৰে তেওঁৰ পত্নীৰ সৈতে বিয়াৰ এক সুন্দৰ ভিডিঅ’ও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ইয়াত দুয়োকে বিয়াৰ মণ্ডপত বহি থকা দেখা যায়। এই কথা শ্বেয়াৰ কৰি অভিনেতাজনে লিখিছে - 'ঘৰলৈ স্বাগতম শ্ৰীমতী কবীৰ.'৷ উল্লেখযোগ্য যে কবীৰৰ পত্নীৰ নাম সীমা। যি হাৰিয়ানাৰ বাসিন্দা আৰু পেছাত শিক্ষক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক