--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। হাতত বেছি চলচ্চিত্ৰৰ কাম নাথাকিলেও তেওঁ সদায় লাইমলাইটত থাকে। বেছিভাগ সময়তে তেওঁ ব্যক্তিগত জীৱনৰ বাবেই দৃষ্টিৰ কেন্দ্ৰলৈ আহিছে। কেতিয়াবা ১৯০ কোটি টকাৰে ঘৰ কিনাৰ উৰাবাতৰি, কেতিয়াবা ক্ৰিকেট তাৰকা ঋষভ পন্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰি।

এইবাৰ চৰ্চা হৈছে অভিনেত্ৰীগৰাকীৰ শৈক্ষিক অৰ্হতাক। ইমান দিনে তাই আই আই টিৰ ছাত্ৰী বুলি দাবী কৰি আহিছে। অভিনেত্ৰীগৰাকীক ইনষ্টাগ্ৰামত প্ৰফাইলত এই দাবী কৰাৰ পিছত তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সোধা হৈছিল। অভিনেত্ৰীগৰাকীয়ে ক’লে যে তেওঁ বিজ্ঞানৰ স্নাতক। আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

''মই এজন ‘এৰ’নটিকেল ইঞ্জিনিয়াৰ’ হ’ব বিচাৰিছিলো। কেইবাদিনো অসামৰিক সেৱাৰ বাবে অধ্যয়ন কৰিছিলো। কিন্তু একো ফল লাভ কৰা নাছিলো। অৱশেষত অভিনেত্ৰী হৈ পৰিলো।’’- অভিনেত্ৰীয়ে কয়।

 তেওঁ কয়, "দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত মোৰ বিষয় আছিল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান। ফলাফলো যথেষ্ট ভাল। আই আই টি পৰীক্ষাত ক্লিয়াৰ কৰিলোঁ। মই জানো বহুতে মোৰ দৰে আই আই টিত পঢ়াৰ সপোন দেখে। মই প্ৰস্তুতি কৰিলোঁ, পাছ কৰিলোঁ, এয়াই সকলো।''

ইতিমধ্যে এই সাক্ষাৎকাৰ ৰাজহুৱা হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল সলনি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন