--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। হাতত বেছি চলচ্চিত্ৰৰ কাম নাথাকিলেও তেওঁ সদায় লাইমলাইটত থাকে। বেছিভাগ সময়তে তেওঁ ব্যক্তিগত জীৱনৰ বাবেই দৃষ্টিৰ কেন্দ্ৰলৈ আহিছে। কেতিয়াবা ১৯০ কোটি টকাৰে ঘৰ কিনাৰ উৰাবাতৰি, কেতিয়াবা ক্ৰিকেট তাৰকা ঋষভ পন্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰি।

এইবাৰ চৰ্চা হৈছে অভিনেত্ৰীগৰাকীৰ শৈক্ষিক অৰ্হতাক। ইমান দিনে তাই আই আই টিৰ ছাত্ৰী বুলি দাবী কৰি আহিছে। অভিনেত্ৰীগৰাকীক ইনষ্টাগ্ৰামত প্ৰফাইলত এই দাবী কৰাৰ পিছত তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সোধা হৈছিল। অভিনেত্ৰীগৰাকীয়ে ক’লে যে তেওঁ বিজ্ঞানৰ স্নাতক। আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

''মই এজন ‘এৰ’নটিকেল ইঞ্জিনিয়াৰ’ হ’ব বিচাৰিছিলো। কেইবাদিনো অসামৰিক সেৱাৰ বাবে অধ্যয়ন কৰিছিলো। কিন্তু একো ফল লাভ কৰা নাছিলো। অৱশেষত অভিনেত্ৰী হৈ পৰিলো।’’- অভিনেত্ৰীয়ে কয়।

 তেওঁ কয়, "দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত মোৰ বিষয় আছিল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান। ফলাফলো যথেষ্ট ভাল। আই আই টি পৰীক্ষাত ক্লিয়াৰ কৰিলোঁ। মই জানো বহুতে মোৰ দৰে আই আই টিত পঢ়াৰ সপোন দেখে। মই প্ৰস্তুতি কৰিলোঁ, পাছ কৰিলোঁ, এয়াই সকলো।''

ইতিমধ্যে এই সাক্ষাৎকাৰ ৰাজহুৱা হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল সলনি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক