--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ’২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টাৰ্গেট ৩৭০খন আসনত জয়লাভ। NDAৰ টাৰ্গেট ৪০০ আসন দখল কৰা। ৩৭০খন আসন দখলৰ মিছন লৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া আৰম্ভ কৰিছে আন এটা বিশেষ মিছন। মোদীৰ এই মিছনটো হৈছে ‘মিছন ছাউথ ইণ্ডিয়া’। 

এই মিছনৰ প্ৰথম পৰ্যায় হিচাপে দক্ষিণ ভাৰতত পাঁচ দিনকৈ ধৰি মাৰাথন প্ৰচাৰ চলায় মোদীয়ে। তামিলনাডু, কেৰালা,তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ। এই চাৰিখন ৰাজ্যত পাঁচটা দিনত কেইবাখনো জনসভা সম্বোধন কৰে মোদীয়ে। মোদীয়ে বুজি উঠিছে কেৱল হিন্দী বলয়ৰ আসনৰ দ্বাৰা মিছন ৩৭০ সম্ভৱ নহয়। মিছন ৩৭০ৰ সফলতাৰ বাবে বিজেপিক লাগিব দক্ষিণ ভাৰতৰো সন্তোষজনক আসন। দক্ষিণ ভাৰতৰ পাঁচখন ৰাজ্যত আছে ১৩০ খন আসন। ইয়াৰ ভিতৰত অন্ততঃ ৬০ খন আসন বিজেপি অথবা NDAই দখল কৰাটো লক্ষ্য মোদীৰ। দক্ষিণ ভাৰতত কৰ্ণাটকৰ বাহিৰে অন্য ৰাজ্যসমূহত বিশেষ শক্তিশালী নহয় বিজেপি। 

গতিকে, তামিলনাডুৰ দৰে বিজেপিৰ ভেটি দুৰ্বল থকা ৰাজ্যক লক্ষ্য কৰি লয় মোদীয়ে। তামিলনাডুৰ ৩৮ টা লোকসভা সমষ্টিৰ অন্তত: ১০টাত বিজয়ৰ লক্ষ্য মোদীৰ। তামিলনাডুৰ আঞ্চলিক দল PMKৰ লগত মোদীৰ নেতৃত্বত বিজেপিয়ে কৰিছে মিত্ৰতা। PMK ৰ সহায়ত ৰাজ্যখনত সন্মানজনক আসন লাভৰ লক্ষ্য মোদীৰ। ৰাহুল গান্ধীৰ শক্তি মন্তব্যক লৈ হিন্দু ভোটক তামিল জনতাক বিজেপিমুখী কৰিবলৈ তৎপৰ হৈ পৰে মোদী। INDIA মৰ্চা হিন্দী বিৰোধী বুলিও প্ৰচাৰ চলায় মোদীয়ে। তামিলনাডুৰ লগতে কেৰালাতো ধুমুহা গতিত প্ৰচাৰ চলায় মোদীয়ে। কেৰালাত বাঁও মৰ্চাৰ সৈতে বিজেপিৰ আছে আদৰ্শগত যুঁজ। ৰাজ্যখনত কংগ্ৰেছো শক্তিশালী স্থিতিত। কেৰালাত বাঁও মৰ্চা আৰু কংগ্ৰেছ অন্তৰ্ভুক্ত ইণ্ডিয়া মৰ্চাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্য বিজেপিৰ। কেৰালাত অন্তত ৫খন আসন লাভৰ লক্ষ্যৰে প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰী মোদীয়ে। 

ৰাজ্যখনত তিনিখন আসন দখলো বিজেপিৰ বাবে হ’ব বৃহৎ সফলতা। তেলেংগানাত কংগ্ৰেছৰ লগতে BRSৰ বিৰুদ্ধে যুঁজত নামিব বিজেপি। তেলেংগানাতো হিন্দু ভোট একত্ৰিত কৰাৰ কৌশল বিজেপিৰ। ‘কা’, ৰাম মন্দিৰৰ প্ৰসংগৰে হিন্দু ভোট বিজেপিমুখী কৰিবলৈ ইতিমধ্যে প্ৰচাৰ চলাই গৈছে দলটোৰ নেতৃবৰ্গই। মিছন ছাউথ ইণ্ডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে এই ধাৰাৰেই তেলেংগানাৰ জনতাক বিজেপিমুখী কৰিবলৈ প্ৰচাৰ চলায়।

অন্ধ্ৰপ্ৰদেশত আছে লোকসভাৰ ২৫খন আসন। বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ পৰা এজনো বিজেপি সাংসদ লোকসভাত নাই। এইবাৰ ৰাজ্যখনৰ পৰা NDAৰ ১০জন সাংসদ জিকাই অনাৰ লক্ষ্য মোদীৰ। মিছন ছাউথ ইণ্ডিয়াৰ অধীনত ইতিমধ্যে অন্ধ্ৰৰ শক্তিশালী দল তেলেগু দেশমক NDAৰ অন্তৰ্ভুক্ত কৰিছে বিজেপিয়ে। তেলেগু দেশমৰ সৈতে লগ হৈ ৰাজ্যখনত সন্তোষজনক প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য বিজেপিৰ। মিছন ছাউথ ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্যায়সমূহত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত অধিক বিস্তাৰিতভাৱে প্ৰচাৰ চলাব মোদীয়ে। ২৪ৰ নিৰ্বাচনত দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যতে ফুলিব লাগিব পদুম ফুল। ২৪ৰ নিৰ্বাচনৰ পৰাই দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যতে শক্তিশালী দল হৈ পৰিব লাগিব বিজেপি। মিছন ৩৭০ৰ সফলতাৰ লগতে এই উদ্দেশ্যৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মিছন ছাউথ ইণ্ডিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু