--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পিছত এইবাৰ একপ্ৰকাৰে তামিলনাডুত শল ঠেকত  পৰিছে বিজেপি। ৰাজ্য খনৰ প্ৰধান বিৰোধী এআইএডিএমকেই অৱশেষত  বিজেপি নেতৃত্বাধীন এন ডি এ ত্যাগ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এআইএডিএমকেৰ মুৰব্বী এডাপ্পাডি কে পালানিস্বামীৰ অধ্যক্ষতাত দলটোৰ  কাৰ্যসমিতিৰ এখন বৈঠকত বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লোৱা হয়। 

তামিলনাডুৰ  প্ৰাক্তন মন্ত্ৰী কে পি মুনুস্বামীয়ে কয়, "আমি আৰু অ-বিজেপি মিত্ৰশক্তিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে পৃথক মিত্ৰতাত তামিলনাডুৰ সকলো ৩৯ খন আসনত একেলগে প্ৰতিদ্বন্দিতা কৰিম।" '


এই মাহৰ আৰম্ভণিতে পালানিস্বামীৰ ঘনিষ্ঠ আন এজন নেতা ডি জয়কুমাৰে কৈছিল যে বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাইৰ আচৰণক লৈ এআইএডিএমকে নেতৃত্ব ক্ষুব্ধ। তেওঁ লগতে ইংগিত দিছিল যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এআইএডিএমকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰা আঁতৰি আহিব পাৰে। সোমবাৰে, তেওঁ সেয়া  সঁচা প্ৰমাণিত কৰিলে। শেহতীয়াকৈ, আন্নামালাই তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী আৰু দ্ৰাবিড় ৰাজনীতিৰ উল্লেখনীয়  ব্যক্তিত্ব আন্নাদুৰাইৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰিছিল। সেয়েহে, এই সিদ্ধান্ত তাৰেই প্ৰতিবাদত লোৱা হৈছে বুলি এআইএডিএমকেই  কয়। তামিল চলচ্চিত্ৰ তাৰকা আৰু বিৰোধী দলৰ প্ৰাক্তন নেতা বিজয়কান্তৰ ডিএমডিকেয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত এন ডি এ ত্যাগ কৰিছিল।

একাংশ  ৰাজনৈতিক পৰ্যবেক্ষকে বিশ্বাস কৰে যে নতুন পৰিস্থিতিত, বিজেপিয়ে ডিএমকে-এডিএমকেক বাদ দি আন দ্ৰাবিড় দলৰ সৈতে মিত্ৰতা গঢ়িব পাৰে। বিজয়কান্তৰ উপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বহিষ্কৃত এআইএডিএমকে নেতা অ' পন্নীৰচেলভম, আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অম্বুমণি ৰামাফোছাৰ দল পিএমকেৰ নেতৃত্বত পিএমকেৰ নামক লৈ জল্পনা-কল্পনা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক