--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্যালয়ৰ ফাইলৰ দমৰ মাজত এডাল সাপ ওলোৱাৰ কথাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশ শক্তি নিগমৰ  সচিবালয়ৰ চতুৰ্থ মহলাত ঘটনা সংঘটিত হৈছে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ শক্তি ভৱনত ফাইলৰ  মাজৰ পৰা হঠাতে এডাল সাপ ওলাই আহে।

 ইয়াৰ পিছতে কাৰ্যালয়টোত হুৱা-দুৱা লাগে।  অৱশ্যে, সাপডাললৈ চাই সেয়া এডাল পোৱালি সাপ যেনেই অনুমান হৈছিল।  তাত উপস্থিত থকা কৰ্মচাৰীসকলে লাঠিৰ সহায়ত সাপডাল খেদি পঠিয়াবলৈ চেষ্টা চলায়।  

এজন কৰ্মচাৰীয়ে সাপডাল  মূৰৰ  পিছফালে ধৰি বাহিৰলৈ দলিয়াই দিয়ে।  এই ঘটনাৰ মাজতে সাপডালে  তাত উপস্থিত থকা এজন কৰ্মচাৰী অমিতোষ কুমাৰক দংশন কৰে। 

সাপে দংশন কৰাৰ  পিছতে  কৰ্মচাৰীজনক লগে লগে স্থানীয়  অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । এই ঘটনাই এতিয়া ৰাজ্য খনত আলোড়ণৰ সৃষ্টি কৰিছে। বহুতে ধাৰণা কৰিছে যে ফাইলৰ দমৰ মাজত থকা নিগনি খাবলৈয়েই সাপডালে তালৈ আহিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন