--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত প্ৰত্যাহ্বানৰ সমুখীন বিজেপি৷ শুকুৰবাৰে বিৰোধী দল কংগ্ৰেছ-ইউডিএফে কেৰালাৰ পুঠুপল্লী বিধানসভাৰ আসনখনত জয়লাভ কৰে৷ কংগ্ৰেছৰ প্ৰাৰ্থী চাণ্ডী ওমেনে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা শাসকীয় এলডিএফৰ প্ৰাৰ্থী জেক চি থমাছক ৩৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

জয়ৰ পিছত কংগ্ৰেছ দলে সংবাদ সংস্থা পিটিআইক জনাইছে যে নিৰ্বাচনৰ ফলাফল এলডিএফৰ অপশাসনৰ বিৰুদ্ধে জয় আৰু কংগ্ৰেছৰ বাবে ১০০ শতাংশ ৰাজনৈতিক জয়।কংগ্ৰেছৰ নেতা প্ৰয়াত উমেন চাণ্ডীৰ পুত্ৰ ওমেনে প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই  জয়লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা শাসকীয় এল ডি এফৰ প্ৰাৰ্থী জেক চি থমাছে কোনো এটা ৰাউণ্ডত অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হয়।

চি পি আই (এম) নেতৃত্বাধীন এল ডি এফে নিজৰ দুৰ্গ অঞ্চলতো স্থান হেৰুৱাই৷উল্লেখ্য যে গণনা শেষ হোৱাৰ সময়ত বিজেপিৰ প্ৰাৰ্থী লিজিন লালে  অতি শোচনীয়ভাৱে পৰাজয় বৰণ কৰে৷সাতত্ৰিশ বছৰীয়া চাণ্ডী ওমেন বৰ্তমান যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আউটৰিচ চেলৰ অধ্যক্ষ আৰু সমষ্টিটোত তেওঁৰ পিতৃৰ ৩৩,২৫৫ ভোটৰ ব্যৱধানৰ অভিলেখ ভংগ কৰে৷

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে অহা উপ-নিৰ্বাচনৰ ফলাফলক বিৰোধী কংগ্ৰেছ জয় আৰু বিজেপিৰ দুৰ্নীতি আৰু নেপটিজিমৰ অভিযোগৰ সন্মুখীন হোৱা শাসকীয় চিপিআই(এম)ৰ বাবে এক বৃহৎ বিপৰ্যয় হিচাপে গণ্য কৰা হৈছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক