--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত জি-২০ সন্মিলনৰ মাজতে ৫দিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি ইউৰোপত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বৃহস্পতিবাৰে ব্ৰুছেলছৰ ইউৰোপীয় সংঘৰ সাংসদৰ সৈতে আলোচনাত মিলিত হয় ৰাহুল গান্ধী। 

বৈঠকত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা তথা সাম্প্ৰতিক পৰিস্থিতিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে গান্ধীয়ে। বিদেশৰ মাটিত পুনৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতাগৰাকীয়ে। ভাৰতত বৰ্তমান মহাত্মা গান্ধী আৰু নাথুৰাম গডছেৰ বিচাৰধাৰাৰ মাজত যুঁজ অব্যাহত আছে। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত নিতৌ আক্ৰমণ কৰিছে মোদী চৰকাৰে। দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ঘৃণা, হিংসা তথা ভেদ-ভাবৰ পৰিস্থিতি। সংখ্যালঘু, দলিত, আদিবাসী আৰু নিম্নবৰ্গৰ লোকৰ ওপৰত নিতৌ অব্যাহত আছে আক্ৰমণ। 

ভাৰতত সম্প্ৰতি বিচাৰধাৰা পৰিৱৰ্তনৰ চেষ্টা চলি আছে। বিগত সময়ছোৱাত কেইবা কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পৰিল। বিগত ৪০ বছৰৰ সৰ্বাধিক নিবনুৱাৰ হাৰ বৃদ্ধি পালে মোদী চৰকাৰৰ দিনত। এনেদৰেই ইটোৰ পাছত সিটো বিষয়ক লৈ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতাগৰাকীয়ে। মণিপুৰ প্ৰসংগও উত্থাপন হ’ল এই বৈঠকত। মণিপুৰত গণতান্ত্ৰিক অধিকাৰৰ লগতে শান্তি-শৃংখলা বিচাৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ। ঠিক সেইদৰে কাশ্মীৰক ভাৰতক অভিন্ন অংগ বুলি দাবী কৰি পাকিস্তানক আওপকীয়াকৈ সকীয়ালে কংগ্ৰেছ নেতাগৰাকীয়ে। চীনে ভাৰতৰ ভূমি দখল কৰাক লৈও ইউৰোপৰ মাটিত সৰব হ’ল। 

গৌতম আদানিৰে প্ৰধানমন্ত্ৰী মোদীৰ মিতিৰালিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। দেশৰ বন্দৰ, কৃষিখণ্ডকে ধৰি ৰাজহুৱা প্ৰতিষ্ঠান আদানিৰ হাতত গতোৱাৰ কথা উল্লেখ কৰি চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। ইপিনে বিৰোধী মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ হোৱাৰ বাবে দেশৰ নাম সলনি কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিলে ৰাহুল গান্ধীয়ে। 

G-20 বৈঠকৰ নৈশ ভোজলৈ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেক নিমন্ত্ৰণ নিদিয়াক লৈও মন্তব্য ৰাহুল গান্ধীৰ। শেহতীয়াকৈ ইটোৰ পাছত সিটো বিদেশ ভ্ৰমণ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। বিগত জুন মাহত ১০দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হৈছিল ৰাহুল গান্ধী। ৱাশ্বিংটন ডিচি, নিউয়ৰ্ক, ছেনফ্ৰান্সিছকো আদিত প্ৰৱাসী ভাৰতীৰে মত-বিনিময় অনুষ্ঠানত অংশ লৈছিল ৰাহুল গান্ধীয়ে। অৱশ্যে ৰাহুল গান্ধীৰ প্ৰতিটো বিদেশ ভ্ৰমণক লৈ সমালোচনাৰো সন্মুখীন হৈ আহিছে কংগ্ৰেছ নেতাগৰাকী। 

ৰাহুল গান্ধীৰ প্ৰতিটো বিদেশ ভ্ৰমণৰ পাছতে কংগ্ৰেছ নেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি আহিছে বিজেপিয়ে। বিদেশৰ মাটিত ভাৰতৰ দুৰ্নাম গাই অহা বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। অৱশ্যে তাৰ মাজতো বিদেশ ভ্ৰমণ বাদ দিয়া নাই কংগ্ৰেছ নেতাগৰাকীয়ে। দেশত G-20 সন্মিলন অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীৰ এই ইউৰোপ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু