--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত জি-২০ সন্মিলনৰ মাজতে ৫দিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি ইউৰোপত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বৃহস্পতিবাৰে ব্ৰুছেলছৰ ইউৰোপীয় সংঘৰ সাংসদৰ সৈতে আলোচনাত মিলিত হয় ৰাহুল গান্ধী। 

বৈঠকত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা তথা সাম্প্ৰতিক পৰিস্থিতিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে গান্ধীয়ে। বিদেশৰ মাটিত পুনৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতাগৰাকীয়ে। ভাৰতত বৰ্তমান মহাত্মা গান্ধী আৰু নাথুৰাম গডছেৰ বিচাৰধাৰাৰ মাজত যুঁজ অব্যাহত আছে। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত নিতৌ আক্ৰমণ কৰিছে মোদী চৰকাৰে। দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ঘৃণা, হিংসা তথা ভেদ-ভাবৰ পৰিস্থিতি। সংখ্যালঘু, দলিত, আদিবাসী আৰু নিম্নবৰ্গৰ লোকৰ ওপৰত নিতৌ অব্যাহত আছে আক্ৰমণ। 

ভাৰতত সম্প্ৰতি বিচাৰধাৰা পৰিৱৰ্তনৰ চেষ্টা চলি আছে। বিগত সময়ছোৱাত কেইবা কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পৰিল। বিগত ৪০ বছৰৰ সৰ্বাধিক নিবনুৱাৰ হাৰ বৃদ্ধি পালে মোদী চৰকাৰৰ দিনত। এনেদৰেই ইটোৰ পাছত সিটো বিষয়ক লৈ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতাগৰাকীয়ে। মণিপুৰ প্ৰসংগও উত্থাপন হ’ল এই বৈঠকত। মণিপুৰত গণতান্ত্ৰিক অধিকাৰৰ লগতে শান্তি-শৃংখলা বিচাৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ। ঠিক সেইদৰে কাশ্মীৰক ভাৰতক অভিন্ন অংগ বুলি দাবী কৰি পাকিস্তানক আওপকীয়াকৈ সকীয়ালে কংগ্ৰেছ নেতাগৰাকীয়ে। চীনে ভাৰতৰ ভূমি দখল কৰাক লৈও ইউৰোপৰ মাটিত সৰব হ’ল। 

গৌতম আদানিৰে প্ৰধানমন্ত্ৰী মোদীৰ মিতিৰালিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। দেশৰ বন্দৰ, কৃষিখণ্ডকে ধৰি ৰাজহুৱা প্ৰতিষ্ঠান আদানিৰ হাতত গতোৱাৰ কথা উল্লেখ কৰি চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। ইপিনে বিৰোধী মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ হোৱাৰ বাবে দেশৰ নাম সলনি কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিলে ৰাহুল গান্ধীয়ে। 

G-20 বৈঠকৰ নৈশ ভোজলৈ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেক নিমন্ত্ৰণ নিদিয়াক লৈও মন্তব্য ৰাহুল গান্ধীৰ। শেহতীয়াকৈ ইটোৰ পাছত সিটো বিদেশ ভ্ৰমণ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। বিগত জুন মাহত ১০দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হৈছিল ৰাহুল গান্ধী। ৱাশ্বিংটন ডিচি, নিউয়ৰ্ক, ছেনফ্ৰান্সিছকো আদিত প্ৰৱাসী ভাৰতীৰে মত-বিনিময় অনুষ্ঠানত অংশ লৈছিল ৰাহুল গান্ধীয়ে। অৱশ্যে ৰাহুল গান্ধীৰ প্ৰতিটো বিদেশ ভ্ৰমণক লৈ সমালোচনাৰো সন্মুখীন হৈ আহিছে কংগ্ৰেছ নেতাগৰাকী। 

ৰাহুল গান্ধীৰ প্ৰতিটো বিদেশ ভ্ৰমণৰ পাছতে কংগ্ৰেছ নেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি আহিছে বিজেপিয়ে। বিদেশৰ মাটিত ভাৰতৰ দুৰ্নাম গাই অহা বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। অৱশ্যে তাৰ মাজতো বিদেশ ভ্ৰমণ বাদ দিয়া নাই কংগ্ৰেছ নেতাগৰাকীয়ে। দেশত G-20 সন্মিলন অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীৰ এই ইউৰোপ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ