--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ আংশিক প্ৰাৰ্থী তালিকা। বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে।  আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি  বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়।  আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে।

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী  অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা  বিজেপিয়ে  শনিবাৰে প্ৰকাশ কৰা  প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল  বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ  জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী  প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। 

তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে।  তালিকাত প্ৰায়  ৩৪ গৰাকী  মন্ত্ৰী আৰু দুগৰাকী  প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত  ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী  আৰু অ'বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে।  

তালিকাত ৫১ গৰাকী  উত্তৰ প্ৰদেশৰ , ২০ গৰাকী  পশ্চিম বংগৰ আৰু পাঁচগৰাকী  দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো  প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু