--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰ’দে পুৰি নিয়া সেই দিনবোৰ আহিবলৈ মাজত আৰু বেছি দিন নাই। শীতে লাহে লাহে বিদায় মাগিবলৈ ওলাইছে।  পূৰ্বৰ অভিলেখ ভংগ কৰি  এইবাৰ দেশত প্ৰচণ্ড গৰম পৰিব। বতৰ বিজ্ঞান বিভাগে মাৰ্চৰ আৰম্ভণিৰ পৰা 'এল নিনো'ৰ পূৰ্বানুমান কৰিছে। গ্ৰীষ্মকালত  এইবাৰ  সমগ্ৰ দেশতে 'এল নিনো'ৰ প্ৰভাৱ পৰিব। ফলত গৰমৰ মাত্ৰা ভবাতকৈয়ো বহু বেছি হ’ব।বতৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে  যে এই বছৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বহু বেছি হ'ব। 

যোৱা বছৰতেই পৰিৱেশ বিজ্ঞানীসকলে 'এল নিনো' প্ৰাদুৰ্ভাৱৰ কথা কৈছিল। তেওঁলোকে ভৱিষ্যতবাণী কৰিছিল যে ২০২৪ত  তাপমাত্ৰা অভিলেখ হাৰত বৃদ্ধি পাব। সেই ভৱিষ্যতবাণী সঁচা হৈ আহিছে। বতৰ বিজ্ঞানীসকলৰ মতে, 'এল নিনো'য়ে দক্ষিণ ভাৰতৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলাব। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ কিছুমান জিলাত হিটৱেভে সংহাৰৰ সৃষ্টি কৰিব। কেৱল দক্ষিণ ভাৰতেই নহয় ওড়িশা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো উষ্ণতা বৃদ্ধি পাব। কিছুমান ঠাইত এপ্ৰিলত তাপমাত্ৰাই ৪০  ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

 ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে ভাৰতৰ বেছিভাগ অংশত মাৰ্চৰ পৰা মে’ মাহলৈ স্বাভাৱিকতকৈ  অধিক তাপমাত্ৰা হ’ব।  মাৰ্চ মাহত উত্তৰ আৰু মধ্য ভাৰতত হিটৱেভ  বিৰাজ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, এই মাহত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বৰষুণ গড়ে ২৯.৯ মিমি হ’ব  বুলি অনুমান কৰা হৈছে। 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয়, "মাৰ্চৰ পৰা মে’ মাহলৈকে পশ্চিমবংগৰ নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। ৰাতি বেছি  গৰম হ'ব। ভাৰতে যোৱা বছৰত 'এল নিনো'ৰ  প্ৰভাৱত সামান্যভাবে পৰিছিল। বতৰ বিজ্ঞানীসকলৰ মতে, যোৱা বছৰৰ তুলনাত এই বছৰ তাপমাত্ৰা অধিক বৃদ্ধি হ'ব। পূৰ্বে ২০১৬ চনটো আছিল অভিলেখ সৃষ্টিকাৰী  আটাইতকৈ উষ্ণ বছৰ। সেই ধাৰাটো ২০২৩ চনতো দেখা গৈছিল।  ধাৰণা কৰা হৈছে  যে ২০২৪ চনত পূৰ্বৰ গ্ৰীষ্মকালৰ সকলো অভিলেখ ভংগ কৰিব পাৰে।

কিন্তু কি এই  'এল নিনো' ?  পূব প্ৰশান্ত মহাসাগৰত, দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলত, পেৰু আৰু ইকুৱেডৰত  ডিচেম্বৰ মাহৰ ভিতৰত এক প্ৰকাৰৰ দক্ষিণমুখী উষ্ণ প্ৰবাহ সৃষ্টি হয়।  কৰে। ইয়াক "এল নিনো" বুলি কোৱা হয়। পেৰু আৰু ইকুৱেডৰৰ উপকূলত কেতিয়াবা এল নিনোৰ  বিপৰীতে ঠাণ্ডা প্ৰবাহৰ  সৃষ্টি হয়। ইয়াৰ  নাম লা নিনো। দুয়োটা প্ৰবাহে পৃথিৱীৰ বতৰক প্ৰভাৱান্বিত  কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু