--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত মায়াৱতী নেতৃত্বাধীন   বিএছপিয়ে নিলম্বন কৰিলে দলৰ সাংসদ  সংসদ দানিশ আলীক ।বিছএছপিয়ে আলীৰ নিলম্বন সন্ধৰ্ত জাৰি কৰা বিবৃতিত কৈছে"আপোনাক  দলৰ নীতি, আদৰ্শ আৰু অনুশাসনৰ বিৰুদ্ধে কাম নকৰিবলৈ  বহুবাৰ  সতৰ্ক কৰি দিয়া হৈছিল। কিন্তু, তথাপিও আপুনি নিৰন্তৰভাৱে দলটোৰ বিৰুদ্ধে কাম কৰি আহিছে," । 


উল্লেখ্য বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সংসদত আলীক তেওঁৰ ঘৃণামূলক মন্তব্যৰ বাবে  ৰাজহুৱাভাৱে দুৰ্ব্যৱহাৰ কৰিছিল।সেই ঘটনাই এসময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।ইয়াৰ মাজতে বিএছপিৰ মুৰব্বী  মায়াৱতীয়ে দল বিৰোধী কাৰ্যকলাপৰ বাবে দানিশ আলীক  নিলম্বনৰ নিৰ্দেশ দিয়ে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  কংগ্ৰেছৰ সৈতে আলীৰ অত্যধিক ঘনিষ্ঠতাৰ বাবেই আলীক নিলম্বন কৰা হৈছে। উল্লেখ্য মহুৱা মৈত্ৰৰ সাংসদ পদ বাতিল কৰাৰ পিছত আলীয়েও আন বিৰোধী সাংসদসকলৰ সৈতে সংসদৰ পৰা ওলাই গৈছিল।  

মায়াৱতীয়ে কিছু দিনৰে  পৰা কংগ্ৰেছ আৰু বিজেপিৰে  দূৰত্বৰ বজাই ৰখাৰ  নীতি অনুসৰণ কৰি আহিছে। তেওঁ আনকি ইণ্ডিয়া   মিত্ৰজোঁটতো যোগদান কৰা নাই। কিন্তু দানিশে  দলৰ স্থিতিৰ বিৰুদ্ধে গৈ   ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলৰ সৈতে হলসি-গলি অব্যাহত ৰাখিছে।কংগ্ৰেছৰ সৈতে তেওঁৰ ঘনিষ্ঠতা এতিয়া আৰু গোপন কথা হৈ থকা নাই।বিজেপিৰ  ৰমেশ বিধুৰীয়ে দানিশৰ  বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এদিন পিছতে  ৰাহুল গান্ধীয়েও আলীক লগ কৰিবলৈ গৈছিল। তেতিয়াৰে পৰা তেওঁ এজন কংগ্ৰেছ সাংসদৰ দৰে আচৰণ কৰি আহিছে।

 সম্ভৱতঃ সেইকাৰণেই মায়াৱতীয়ে আলীক  নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে। বিএছপিৰ সাধাৰণ সম্পাদক সতীশ মিশ্ৰাই আলীলৈ  এখন পত্ৰ লিখি দলৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। আমৰোহাৰ সাংসদগৰাকীয়ে দেৱগৌড়াৰ জেডি(এছ)ৰ সৈতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ  ঘনিষ্ঠ আছিল। ২০১৯  চনৰ লোকসভা নিৰ্বাচনত  দানিশে দেৱগৌড়াৰ সন্মতিত উত্তৰ প্ৰদেশৰ আমৰোহাৰ পৰা বিএছপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল। বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো  তেওঁ মুছলমান অধ্যুষিত আসনখনত ৬৩,০০০ ভোটত জয়ী হৈছিল। অনুমান কৰা হৈছে যে নিলম্বিত বিএছপি সাংসদজনে কংগ্ৰেছ বা সমাজবাদী পাৰ্টিত যোগদান কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা