--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত মায়াৱতী নেতৃত্বাধীন   বিএছপিয়ে নিলম্বন কৰিলে দলৰ সাংসদ  সংসদ দানিশ আলীক ।বিছএছপিয়ে আলীৰ নিলম্বন সন্ধৰ্ত জাৰি কৰা বিবৃতিত কৈছে"আপোনাক  দলৰ নীতি, আদৰ্শ আৰু অনুশাসনৰ বিৰুদ্ধে কাম নকৰিবলৈ  বহুবাৰ  সতৰ্ক কৰি দিয়া হৈছিল। কিন্তু, তথাপিও আপুনি নিৰন্তৰভাৱে দলটোৰ বিৰুদ্ধে কাম কৰি আহিছে," । 


উল্লেখ্য বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সংসদত আলীক তেওঁৰ ঘৃণামূলক মন্তব্যৰ বাবে  ৰাজহুৱাভাৱে দুৰ্ব্যৱহাৰ কৰিছিল।সেই ঘটনাই এসময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।ইয়াৰ মাজতে বিএছপিৰ মুৰব্বী  মায়াৱতীয়ে দল বিৰোধী কাৰ্যকলাপৰ বাবে দানিশ আলীক  নিলম্বনৰ নিৰ্দেশ দিয়ে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  কংগ্ৰেছৰ সৈতে আলীৰ অত্যধিক ঘনিষ্ঠতাৰ বাবেই আলীক নিলম্বন কৰা হৈছে। উল্লেখ্য মহুৱা মৈত্ৰৰ সাংসদ পদ বাতিল কৰাৰ পিছত আলীয়েও আন বিৰোধী সাংসদসকলৰ সৈতে সংসদৰ পৰা ওলাই গৈছিল।  

মায়াৱতীয়ে কিছু দিনৰে  পৰা কংগ্ৰেছ আৰু বিজেপিৰে  দূৰত্বৰ বজাই ৰখাৰ  নীতি অনুসৰণ কৰি আহিছে। তেওঁ আনকি ইণ্ডিয়া   মিত্ৰজোঁটতো যোগদান কৰা নাই। কিন্তু দানিশে  দলৰ স্থিতিৰ বিৰুদ্ধে গৈ   ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলৰ সৈতে হলসি-গলি অব্যাহত ৰাখিছে।কংগ্ৰেছৰ সৈতে তেওঁৰ ঘনিষ্ঠতা এতিয়া আৰু গোপন কথা হৈ থকা নাই।বিজেপিৰ  ৰমেশ বিধুৰীয়ে দানিশৰ  বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এদিন পিছতে  ৰাহুল গান্ধীয়েও আলীক লগ কৰিবলৈ গৈছিল। তেতিয়াৰে পৰা তেওঁ এজন কংগ্ৰেছ সাংসদৰ দৰে আচৰণ কৰি আহিছে।

 সম্ভৱতঃ সেইকাৰণেই মায়াৱতীয়ে আলীক  নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে। বিএছপিৰ সাধাৰণ সম্পাদক সতীশ মিশ্ৰাই আলীলৈ  এখন পত্ৰ লিখি দলৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। আমৰোহাৰ সাংসদগৰাকীয়ে দেৱগৌড়াৰ জেডি(এছ)ৰ সৈতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ  ঘনিষ্ঠ আছিল। ২০১৯  চনৰ লোকসভা নিৰ্বাচনত  দানিশে দেৱগৌড়াৰ সন্মতিত উত্তৰ প্ৰদেশৰ আমৰোহাৰ পৰা বিএছপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল। বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো  তেওঁ মুছলমান অধ্যুষিত আসনখনত ৬৩,০০০ ভোটত জয়ী হৈছিল। অনুমান কৰা হৈছে যে নিলম্বিত বিএছপি সাংসদজনে কংগ্ৰেছ বা সমাজবাদী পাৰ্টিত যোগদান কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক