--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দলবদ্ধ ধৰ্ষণৰ গোচৰত সাঙোৰ খাইছে ত্ৰিপুৰাৰ এগৰাকী বিজেপি মন্ত্ৰীৰ পুত্ৰৰ নাম। বিষয়টো লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

বাতৰি অনুযায়ী, ৰাজ্যখনৰ উনাকটি জিলাৰ কুমাৰঘাটত এগৰাকী ষোল্ল বছৰীয়া নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ১৯ অক্টোবৰত হোৱা এই কাণ্ডত তিনিজনকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্তকেইজনৰ উপৰিও ত্ৰিপুৰা চৰকাৰৰ শ্ৰমমন্ত্ৰী ভগৱান দাসৰ পুত্ৰও ইয়াত জড়িত আছে বুলি জানিব পৰা গৈছে। তাকে লৈ বিৰোধী দলসমূহে বুধবাৰে মন্ত্ৰীপুত্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত সৰৱ হৈ পৰে।

কংগ্ৰেছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মানিক সাহাই মুখ খোলাৰ দাবী কৰিছে। তদুপৰি কংগ্ৰেছে অভিযোগ কৰে যে অভিযুক্তৰ তালিকাৰ পৰা মন্ত্ৰীপুত্ৰগৰাকীৰ নাম আঁতৰাবলৈ ভুক্তভোগী পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে।

কংগ্ৰেছৰ উপৰিও তৃণমূল কংগ্ৰেছ, চিপিআইএমেও বিষয়টো লৈ সৰৱ হৈ পৰিছে। আনহাতে, শাসনাধীষ্ঠ বিজেপিয়ে সকলো অভিযোগ নস্যাৎ কৰিছে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক