--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দলবদ্ধ ধৰ্ষণৰ গোচৰত সাঙোৰ খাইছে ত্ৰিপুৰাৰ এগৰাকী বিজেপি মন্ত্ৰীৰ পুত্ৰৰ নাম। বিষয়টো লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

বাতৰি অনুযায়ী, ৰাজ্যখনৰ উনাকটি জিলাৰ কুমাৰঘাটত এগৰাকী ষোল্ল বছৰীয়া নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ১৯ অক্টোবৰত হোৱা এই কাণ্ডত তিনিজনকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্তকেইজনৰ উপৰিও ত্ৰিপুৰা চৰকাৰৰ শ্ৰমমন্ত্ৰী ভগৱান দাসৰ পুত্ৰও ইয়াত জড়িত আছে বুলি জানিব পৰা গৈছে। তাকে লৈ বিৰোধী দলসমূহে বুধবাৰে মন্ত্ৰীপুত্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত সৰৱ হৈ পৰে।

কংগ্ৰেছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মানিক সাহাই মুখ খোলাৰ দাবী কৰিছে। তদুপৰি কংগ্ৰেছে অভিযোগ কৰে যে অভিযুক্তৰ তালিকাৰ পৰা মন্ত্ৰীপুত্ৰগৰাকীৰ নাম আঁতৰাবলৈ ভুক্তভোগী পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে।

কংগ্ৰেছৰ উপৰিও তৃণমূল কংগ্ৰেছ, চিপিআইএমেও বিষয়টো লৈ সৰৱ হৈ পৰিছে। আনহাতে, শাসনাধীষ্ঠ বিজেপিয়ে সকলো অভিযোগ নস্যাৎ কৰিছে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু