--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তিনি বছৰৰ কাৰাবাসৰ সন্মুখীন হ’ল সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খান। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে ঘৃণাত্মক মন্তব্য কৰাৰ এটা গোচৰ সম্পৰ্কত ৰামপুৰ আদালতে আজি এই ৰায় প্ৰদান কৰে।

২০১৯ চনৰ ৯ এপ্ৰিলত ৰামপুৰৰ মিলক কটৱালীত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আদালতে এই ৰায় প্ৰদান কৰিছে। গোচৰটোত আজম খানৰ বিৰুদ্ধে অভিযোগ কৰা হৈছিল যে তেওঁ যোগী আদিত্যনাথ আৰু আইএএছ বিষয়া অঞ্জনেয়া কুমাৰ সিঙৰ বিৰুদ্ধে হিংসাত্মক মন্তব্য কৰিছে। তাৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩ (এ), ৫০১-১ৰ অধীনত গোচৰটো ৰুজু হৈছিল।

উল্লেখ্য যে সমাজবাদী পাৰ্টিৰ অন্যতম সংখ্যালঘু নেতা আজম খানৰ বিৰুদ্ধে বৰ্তমানলৈকে ৯০ টাকৈ গোচৰ ৰুজু হৈ আছে। ৰামপুৰ সমষ্টিৰ বিধায়কগৰাকীক ইয়াৰ পূৰ্বে ২০২০ চনতো গ্ৰেপ্তাৰ কৰা হৈছিল।

 




FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement