--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি আছিল সংবিধানৰ প্ৰনেতা বাবাছাহেব ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী। কালি বেংগালুৰুৰ ৰাষ্ট্ৰীয় মহাবিদ্যালয় খেলপথাৰতে ডাঃ বি আৰ আমদেকাৰৰ ৬৬ সংখ্যক মৃত্যুৰ বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হৈছিল ‘সাংস্কৃতিক প্ৰতিৰোধ সন্মিলন’। আনুমানিক ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানটিত। অনুষ্ঠানত বক্তাসকলে চৰকাৰৰ কথিত নিপীড়নমূলক নীতি, কৰ্ণাটকৰ লগতে সমগ্ৰ দেশতে বৃদ্ধি পোৱা জাতিভিত্তিক অত্যাচাৰক গৰিহণা দিয়ে।

সভাত ভাষণ দি আম্বেদকাৰৰ নাতিনীয়েক ৰামাবাই আনন্দ তেলটুম্বডে দলিতসকলক দেশৰ জ্বলন্ত সমস্যাসমূহৰ বোবা দৰ্শক হৈ নাথাকিবলৈ আহ্বান জনায়। ভাবুকিৰ সন্মুখীন হোৱা ভাৰতৰ সংবিধানখনক সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগে বুলিও তেওঁ উল্লেখ কৰে। 

তেওঁ কয়, ‘অন্যায়ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আম্বেদকাৰে আমাক এটা বাৰ্তা দিছিল, কিন্তু দলিতসকলে আজিকালি কেনেকৈ প্ৰতিবাদ কৰিব লাগে পাহৰি গৈছে। যোৱা ৭ৰ পৰা ৮ বছৰে আমাৰ চাকৰি আৰু শিক্ষাৰ অধিকাৰ প্ৰত্যাহাৰ কৰা হৈছে। প্ৰাক-মেট্ৰিক পৰ্যায়ত অধ্যয়ন কৰা অনুসূচিত জাতি/জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ  বাবে বৃত্তি বন্ধ কৰা হৈছে। আমি এইবোৰ কথা কাকতত পঢ়ি পাহৰি যাও।”

দলিতসকলক প্ৰথমে আম্বেদকাৰৰ ৰচনা পঢ়িবলৈ আহ্বান জনাই মহিলাগৰাকীয়ে পুনৰ কয় , 'আপোনালোক সকলোৱে বিশেষকৈ মহিলাসকলে নিজৰ আৰামদায়ক জীৱনশৈলীৰ পৰা ওলাই আহি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিব বুলি আশা কৰিছো। সংগ্ৰাম নকৰালৈকে ক্ষমতাত আমাৰ অংশ নাপাম।’

দলিত সংঘৰ্ষ সমিতিৰ বিভিন্ন ফৈদ একত্ৰিত হৈ এই অনুষ্ঠানৰ আয়োজন কৰে য’ত ১৫টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱসমূহৰ ভিতৰত আছে অৰ্থনৈতিকভাৱে দুৰ্বল শাখা (ই ডব্লিউ এছ), ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)ৰ অধীনত ১০ শতাংশ কোটাৰ বিৰোধিতা, দলিতৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ হাৰ কম হোৱাৰ বিৰুদ্ধে প্ৰচাৰ, যিহেতু ৯৬ শতাংশ গোচৰ এতিয়াও আদালতত বিচাৰাধীন হৈ আছে আৰু বৃদ্ধিৰ দাবী অনুসূচিত জাতি/জনজাতিৰ বাবে বাৰ্ষিক আয়ৰ সীমা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু