--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যৱসায়ীক হানী ট্ৰেপিং কৰি ৮০ লাখ টকা লুট কৰা এগৰাকী জনপ্ৰিয় ইউটিউবাৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। নামৰা কাদিৰ নামৰ এই ইউটিউবাৰগৰাকীয়ে এটা ব্যক্তিগত কোম্পানীৰ মালিকক ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।

সোমবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা নামৰা কাদিৰক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কাদিৰৰ স্বামী তথা গোচৰৰ সহ-অভিযুক্ত মনীষ ওৰফে বিৰাট বেনিৱাল বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁক বিচাৰিবলৈ অভিযান চলোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, কাদিৰে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। ভুক্তভোগীৰ পৰা লোৱা ধন আৰু সামগ্ৰী উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। তেওঁৰ স্বামীকো অতি সোনকালে বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা হ’ব।

২২ বছৰীয়া নমৰা কাদিৰৰ ইউটিউবত ৬.১৭ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। আগষ্ট মাহত বাদশ্বাহপুৰৰ ২১ বছৰীয়া দীনেশ যাদৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কাদিৰ আৰু তেওঁৰ স্বামীয়ে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছিল।এই আৱেদন আদালতে নাকচ কৰাৰ পিছত ২৬ নৱেম্বৰত নয়ডা ছেক্টৰ ৫০ থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। 

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এই ইউটিউবাৰগৰাকীয়ে বিবাহৰ অজুহাতত দীনেশ যাদৱৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। তাৰপাছত ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে। নামৰাই ব্যৱসায়ীজনৰ সৈতে সম্পৰ্ক স্থাপন কৰি থকাৰ সময়ত তেওঁৰ ফোনত কিছু ছবি ৰেকৰ্ড কৰিছিল। এই ঘটনাৰ কিছুদিন পাছতে কাদিৰে ব্যৱসায়ীজনক ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰে। আনকি ৮০ লাখ টকা আদায় কৰাৰ পিছতো যেতিয়া নামৰা সন্তুষ্ট নহ’ল, তেতিয়া ২৪ নৱেম্বৰত ক্ষতিগ্ৰস্ত ব্যৱসায়ীজনে ছেক্টৰ ৫০ থানাত এফআইআৰ দাখিল কৰে। ইয়াৰ পিছত আৰক্ষী তদন্তত নামি পৰে।

বিজ্ঞাপন প্ৰতিষ্ঠান চলোৱা ব্যৱসায়ী দিনেশে আৰক্ষীক জনোৱা মতে কিছুদিনৰ আগতে তেওঁ নামৰা কাদিৰৰ সংস্পৰ্শলৈ আহিছিল। তেতিয়া স্বামী বিৰাট বেনিৱালো তেওঁৰ লগত আছিল। নামৰা কাদিৰে নিজৰ চেনেলত দীনেশৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে ২ লাখ টকা বিচাৰিছিল।

দীনেশে কয়, ‘কিছু দিনৰ পাছত নামৰাই মোক ক’লে যে তেওঁ মোক ভাল পায় আৰু বিয়া হ’ব বিচাৰে। ইয়াৰ পিছত আমি দুয়ো ভাল বন্ধু হৈ পৰিলোঁ। 

দীনেশৰ মতে, দুয়োজনে মিলি তেওঁৰ পৰা ৮০ লাখৰো অধিক টকা আৰু উপহাৰৰ সামগ্ৰী লুটিছে। অৱশেষত আৰক্ষীৰ কাষ চাপে দীনেশ যাদৱ। সেই এজাহাৰৰ ভিত্তিতে তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নামৰা কাদিৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক