--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যৱসায়ীক হানী ট্ৰেপিং কৰি ৮০ লাখ টকা লুট কৰা এগৰাকী জনপ্ৰিয় ইউটিউবাৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। নামৰা কাদিৰ নামৰ এই ইউটিউবাৰগৰাকীয়ে এটা ব্যক্তিগত কোম্পানীৰ মালিকক ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।

সোমবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা নামৰা কাদিৰক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কাদিৰৰ স্বামী তথা গোচৰৰ সহ-অভিযুক্ত মনীষ ওৰফে বিৰাট বেনিৱাল বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁক বিচাৰিবলৈ অভিযান চলোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, কাদিৰে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। ভুক্তভোগীৰ পৰা লোৱা ধন আৰু সামগ্ৰী উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। তেওঁৰ স্বামীকো অতি সোনকালে বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা হ’ব।

২২ বছৰীয়া নমৰা কাদিৰৰ ইউটিউবত ৬.১৭ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। আগষ্ট মাহত বাদশ্বাহপুৰৰ ২১ বছৰীয়া দীনেশ যাদৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কাদিৰ আৰু তেওঁৰ স্বামীয়ে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছিল।এই আৱেদন আদালতে নাকচ কৰাৰ পিছত ২৬ নৱেম্বৰত নয়ডা ছেক্টৰ ৫০ থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। 

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এই ইউটিউবাৰগৰাকীয়ে বিবাহৰ অজুহাতত দীনেশ যাদৱৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। তাৰপাছত ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে। নামৰাই ব্যৱসায়ীজনৰ সৈতে সম্পৰ্ক স্থাপন কৰি থকাৰ সময়ত তেওঁৰ ফোনত কিছু ছবি ৰেকৰ্ড কৰিছিল। এই ঘটনাৰ কিছুদিন পাছতে কাদিৰে ব্যৱসায়ীজনক ধৰ্ষণৰ ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰে। আনকি ৮০ লাখ টকা আদায় কৰাৰ পিছতো যেতিয়া নামৰা সন্তুষ্ট নহ’ল, তেতিয়া ২৪ নৱেম্বৰত ক্ষতিগ্ৰস্ত ব্যৱসায়ীজনে ছেক্টৰ ৫০ থানাত এফআইআৰ দাখিল কৰে। ইয়াৰ পিছত আৰক্ষী তদন্তত নামি পৰে।

বিজ্ঞাপন প্ৰতিষ্ঠান চলোৱা ব্যৱসায়ী দিনেশে আৰক্ষীক জনোৱা মতে কিছুদিনৰ আগতে তেওঁ নামৰা কাদিৰৰ সংস্পৰ্শলৈ আহিছিল। তেতিয়া স্বামী বিৰাট বেনিৱালো তেওঁৰ লগত আছিল। নামৰা কাদিৰে নিজৰ চেনেলত দীনেশৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে ২ লাখ টকা বিচাৰিছিল।

দীনেশে কয়, ‘কিছু দিনৰ পাছত নামৰাই মোক ক’লে যে তেওঁ মোক ভাল পায় আৰু বিয়া হ’ব বিচাৰে। ইয়াৰ পিছত আমি দুয়ো ভাল বন্ধু হৈ পৰিলোঁ। 

দীনেশৰ মতে, দুয়োজনে মিলি তেওঁৰ পৰা ৮০ লাখৰো অধিক টকা আৰু উপহাৰৰ সামগ্ৰী লুটিছে। অৱশেষত আৰক্ষীৰ কাষ চাপে দীনেশ যাদৱ। সেই এজাহাৰৰ ভিত্তিতে তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নামৰা কাদিৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু