--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৫ ডিচেম্বৰ। আহি পালে সেই প্ৰত্যাশিত দিনটো। আজি পৱিত্ৰ বৰদিন। বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে বৰদিন পালন কৰিছে। 

সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টানধৰ্মী লোকসকলে পালন কৰিছে বৰদিন। অসমৰ বিভিন্ন প্ৰান্তত বৰদিনক লৈ ব্যাপক প্ৰস্তুতি। ৰং-বিৰঙী পোহৰেৰে সজাই-পৰাই তোলা হৈছে গীৰ্জাঘৰসমূহ।

এই পৰ্ব উপলক্ষে প্ৰতিটো গীৰ্জা চকুত লগাকৈ সজাই-পৰাই তোলা হৈছে। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কেৰলৰ ধ্বনিৰে চৌপাশ মুখৰিত হৈছে।

সকলোৰে কুশল-মংগল কামনাৰে যীশু খ্ৰীষ্টক জনাইছে প্ৰাৰ্থনা। ঘৰত প্ৰস্তুত কৰিছে বিধে-বিধে ব্যঞ্জন। খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী তৰাৰে গীৰ্জাঘৰৰ লগতে বাসগৃহসমূহ সজাই তুলিছে খ্ৰীষ্টানধৰ্মী লোকসকলে। 

উল্লেখ্য যে ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়।

ইংৰাজী শব্দ খ্ৰীষ্টমাছ হৈছে ‘খ্ৰীষ্টৰ মাছ’ (মাছ মানে উৎসৱ) ৰ সংক্ষিপ্ত ৰূপ। ২২ ডিচেম্বৰৰ মকৰ সংক্ৰান্তিৰ পিছত উত্তৰ গোলাৰ্ধত দিন ক্ৰমাৎ দিন দীঘল বা বৰ হবলৈ আৰম্ভ হয়। আকৌ খ্ৰীষ্টানসকলৰ বাবে যীশুৰ জন্মদিনক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়, গতিকে এই দিনটোক বৰদিন বুলি কোৱা হয়। 

ইংৰাজৰ শাসনকালত ইংৰাজে এই দিনটোক বিশেষ কৰি তুলিবলৈ হিন্দীত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। ভাৰতীয়সকলে এই দিনটোক গুৰুত্ব দি বিশেষ দিন বুলি গণ্য কৰাৰ উদ্দেশ্যে ইংৰাজে এই উৎসৱক ভাৰতীয় ভাষাত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। সেই বড়াদিন অসমীয়াত বৰদিন হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক