--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৫ ডিচেম্বৰ। আহি পালে সেই প্ৰত্যাশিত দিনটো। আজি পৱিত্ৰ বৰদিন। বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে বৰদিন পালন কৰিছে। 

সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টানধৰ্মী লোকসকলে পালন কৰিছে বৰদিন। অসমৰ বিভিন্ন প্ৰান্তত বৰদিনক লৈ ব্যাপক প্ৰস্তুতি। ৰং-বিৰঙী পোহৰেৰে সজাই-পৰাই তোলা হৈছে গীৰ্জাঘৰসমূহ।

এই পৰ্ব উপলক্ষে প্ৰতিটো গীৰ্জা চকুত লগাকৈ সজাই-পৰাই তোলা হৈছে। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কেৰলৰ ধ্বনিৰে চৌপাশ মুখৰিত হৈছে।

সকলোৰে কুশল-মংগল কামনাৰে যীশু খ্ৰীষ্টক জনাইছে প্ৰাৰ্থনা। ঘৰত প্ৰস্তুত কৰিছে বিধে-বিধে ব্যঞ্জন। খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী তৰাৰে গীৰ্জাঘৰৰ লগতে বাসগৃহসমূহ সজাই তুলিছে খ্ৰীষ্টানধৰ্মী লোকসকলে। 

উল্লেখ্য যে ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়।

ইংৰাজী শব্দ খ্ৰীষ্টমাছ হৈছে ‘খ্ৰীষ্টৰ মাছ’ (মাছ মানে উৎসৱ) ৰ সংক্ষিপ্ত ৰূপ। ২২ ডিচেম্বৰৰ মকৰ সংক্ৰান্তিৰ পিছত উত্তৰ গোলাৰ্ধত দিন ক্ৰমাৎ দিন দীঘল বা বৰ হবলৈ আৰম্ভ হয়। আকৌ খ্ৰীষ্টানসকলৰ বাবে যীশুৰ জন্মদিনক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়, গতিকে এই দিনটোক বৰদিন বুলি কোৱা হয়। 

ইংৰাজৰ শাসনকালত ইংৰাজে এই দিনটোক বিশেষ কৰি তুলিবলৈ হিন্দীত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। ভাৰতীয়সকলে এই দিনটোক গুৰুত্ব দি বিশেষ দিন বুলি গণ্য কৰাৰ উদ্দেশ্যে ইংৰাজে এই উৎসৱক ভাৰতীয় ভাষাত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। সেই বড়াদিন অসমীয়াত বৰদিন হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ