--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰৰে  এটা হৈছে বৃক্ক। স্বাস্থ্যৱান হৈ থাকিবলৈ বৃক্কক অৱহেলা কৰিব নালাগে। অন্যথা শৰীৰত বহু  জটিলতাই দেখা দিব পাৰে৷  গতিকে যিকোনো ডাঙৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ আগতে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ কথা। যদি  আন কোনো জটিল  ৰোগ নাথাকে, তেন্তে বৃক্কৰ যত্ন লোৱাটো বেছি  কঠিন কাম নহয়।

 কিছুমান সাধাৰণ  যত্নৰ দ্বাৰা বৃক্ক সুস্থ  কৰি ৰাখিব পাৰি। ব্যস্ততাৰ বাবে বহুলোকে  নিজৰ দেহৰ যত্ন লোৱাৰ সুযোগ নাপায়।ফলত বহু ক্ষেত্ৰতে বিপদ বৃদ্ধি পায় । আমাৰ অজ্ঞাতেই আমি বহুতে কিছুমান দৈনন্দিন অভ্যাসত অভ্যস্ত হৈ পৰো৷ যিবোৰ অভ্যাসে বৃক্কৰ সমস্যা  বৃদ্ধি কৰাৰ আশংকা বঢ়াই তুলিব পাৰে ৷ জানো আহক কি সেইবোৰ অভ্যাস-

১) পৰ্যাপ্ত পানী  নোখোৱা। সাধাৰণতে যিকোনো স্বাস্থ্যৱান ব্যক্তিক প্ৰতিদিনে ৩-৪ লিটাৰ পানীৰ প্ৰয়োজন হয়। গতিকে শৰীৰক কিমান পানীৰ প্ৰয়োজন সেয়া চিকিৎসক বা পুষ্টিবিদৰ পৰা পৰামৰ্শ লওঁক। সেই অনুপাতত পানী খাব লাগে । পানীয়ে মুখ্যতঃ শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। সেয়েহে বৃক্কলৈ পানীৰ যোগান যিমানে বেছি হয়, ই ইয়াৰ সক্ৰিয়তা  সিমানে বজাই ৰাখিব পাৰিব। অত্যাধিক সুৰাপানৰ ফলত বৃক্কৰ সমস্যা হ'ব পাৰে।সেয়ে সুৰাপানৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে৷

২) বৃক্কৰ সংক্ৰমণৰ এটা কাৰণ হৈছে বহু সময় ধৰি  প্ৰস্ৰাৱ ধৰি ৰখা। সাধাৰণতে কামৰ হেঁচাত বা আন কোনো কাৰণত বহুলোকে প্ৰস্ৰাৱৰ গতি দমন কৰে। এই অভ্যাসে বিপদ ঘটাব পাৰে।বহু সময় ধৰি  প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত মূত্ৰনলীৰ ওপৰত চাপ পৰে৷ ফলত  বৃক্কৰ ক্ষতি হয়। শৰীৰত অত্যধিক দীঘলীয়া সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত বৃক্কৰ কাৰ্যত  সমস্যা হয় আৰু দীৰ্ঘসময় ধৰি বিষাক্ত পদাৰ্থ ধৰি ৰখাৰ ফলত শৰীৰত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

৩) উচ্চ ডায়েবেটিচে বৃক্কৰ পোনপটীয়াকৈ  ক্ষতি কৰে। গতিকে সদায়ে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। ৰক্ত শৰ্কৰাৰ স্তৰ কোনো ধৰণে বৃদ্ধি হ'বলৈ দিয়া উচিত নহয়।সেয়ে যিকোনো বস্তু খোৱাৰ পূৰ্বে শৰ্কৰাৰ কথাটোও মনত ৰাখিব লাগে৷  বৃক্ক ভালে ৰাখিবলৈ ডায়েবেটিচ প্ৰতিৰোধ কৰাটো প্ৰয়োজনীয়।

৪) বহুলোকে সাধাৰণ বিষতে পেইনকিলাৰ গ্ৰহণ কৰাৰ অভ্যাস আছে। এই ধৰণৰ ঔষধ অত্যধিক পৰিমাণত ব্যৱহাৰ কৰি থাকিলে  বৃক্কৰ সমস্যাৰ সৃষ্টি হয়। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ এণ্টিবায়টিক বা পেইনকিলাৰ গ্ৰহণ কৰা উচিত নহয়।

৫) বহুলোকে দৈনিক ৰন্ধন কাৰ্যত  অত্যধিক  নিমখ ব্যৱহাৰ কৰে।কিছুমানে আকৌ ভাতৰ সৈতে  কেঁচা নিমখো খায়৷  এনে  অভ্যাস বৃক্কৰ স্বাস্থ্যৰ বাবে একেবাৰে ভাল নহয়। যদি আপুনি বৃক্ক ভালে ৰাখিব বিচাৰে তেন্তে খাদ্যত নিমখৰ পৰিমাণ যিমান পাৰি সিমান কমাই ৰখাই ভাল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক