--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ যি কাৰণতেই মূৰৰ বিষ নহওঁক কিয় সকলো ধৰণৰ মূৰৰ বিষেই অসহ্যকৰ৷  বহু সময়ত দেখা দেখা যায় পুৱাৰ ভাগত মূৰৰ এফালে বিষ হয়। সাধাৰণ ভাষাত এনে মূৰৰ বিষক বহুতে সূৰুয কপালী মূৰৰ বিষ বুলি কয়।

পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ  চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে।

ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ বুলিও কয়।

দৰাচলতে বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে। চকু, নাক আদিৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ’ব পাৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

সূৰয কপালী মূৰৰ বিষত ভূগি থকা সকলে ঘৰুৱা ভাবেও কেতবোৰ প্ৰামাণ্য চিকিৎসা কৰি সুফল লাভ কৰিব পাৰে।
ভাৰতীয় আয়ুৰ্বেদৰ শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে।  আমি যদি সঠিক ভাৱে গছ-লতিকাৰ প্ৰয়োগ কৰো তেন্তে সুফল নিশ্চয়কৈ লাভ কৰিম।

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে অসমৰ বহুঠাইত চলি থকা এবিধ পৰম্পৰাগত পদ্ধতিৰে সূৰুয কপালী মূৰৰ বিষৰ পৰা নিস্তাৰ পাব পাৰে। 

এই পৰম্পৰাগত চিকিৎসা পদ্ধতিত এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে। পানী খিনি ৰঙা যেন  হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে।

এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ  যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰে। এনে ঘৰুৱা চিকিৎসাৰেও সুফল নাপালে চিকিৎসকৰ কাষ চাপিবলৈ হেলা নকৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement