--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে দৈনিক ৮ গিলাচ পানী খাব লাগে। বহুতৰে পৰা এনে উপদেশ পোৱাটো সাধাৰণ কথা, কিন্তু সচাঁকৈয়ে আমাৰ শৰীৰক প্ৰতিদিনে ইমান পানীৰ প্ৰয়োজন হয়নে? শেহতীয়াকৈ ২৩খন দেশত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই পৰামৰ্শ শুদ্ধ নহয়।

কিছুমান লোকে ২ লিটাৰৰ পৰিৱৰ্তে ১.৫ৰ পৰা ১.৮ লিটাৰ পানীহে খাব লাগে। শৰীৰৰ প্রয়োজনীয় পানীৰ আধাতকৈ অধিক খাদ্য সামগ্রী, চাহ-কফি, অন্যান্য পানীয়, চুপ, দাইল আদিৰ দ্বাৰা পূৰণ হয়। এনে পৰিস্থিতিত দৈনিক ৮ গিলাচ পানী খোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়।

গৱেষকসকলে ইয়াৰ বাবে ৮ বছৰৰ পৰা ৯৬ বছৰ বয়সৰ ৫ হাজাৰৰো অধিক লোকৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰিছিল। ইয়াৰ ফলাফল বিজ্ঞান আলোচনীত প্ৰকাশ পাইছে। চৰ্চালৈ আহিল যে সকলো মানুহৰ মাজত পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। এজন ব্যক্তিৰ বাসস্থান, ঋতু, উষ্ণতা, উচ্চতা, আৰ্দ্ৰতা আদি কাৰকে পানীৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰে।

ব্যক্তিগত পৰ্যায়ত এজন ব্যক্তিৰ কাম, লিংগ, বয়স, ওজন আৰু ফিটনেছৰ দ্বাৰা পানীৰ প্ৰয়োজনীয়তা প্ৰভাৱিত হয়। ২০ৰ পৰা ৩০ বছৰীয়া পুৰুষ, খেলুৱৈ আৰু শাৰীৰিক শ্ৰম কৰা লোকক অধিক পানীৰ প্ৰয়োজন। উন্নয়নশীল দেশৰ কৃষকসকলৰ পানীৰ প্রয়োজন ঔদ্যোগিক দেশতকৈ অধিক৷

একেদৰে উচ্চ উষ্ণতা থকা দেশত বাস কৰা লোকসকলকো অধিক পানীৰ প্ৰয়োজন। গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাসকলকো অধিক পানীৰ প্ৰয়োজন। যদিও বহুতে পিয়াহ লাগিলেহে পানী খায়।

অধ্যাপক জন স্পিকমেনে কয় যে অধিক পানী খোৱাৰ কোনো ক্ষতি নাই, কিন্তু ব্ৰিটেইনৰ ৪ কোটি প্ৰাপ্তবয়স্ক লোকে যদি প্ৰতিদিনে আধা লিটাৰ অধিক পানী খায়, তেন্তে প্ৰতিদিনে ২০ কোটি লিটাৰ বিশুদ্ধ পানীৰ প্ৰয়োজন হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ