--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গুড়ত একধৰণৰ প্ৰাকৃতিক মিঠা থাকে যিয়ে আপোনাৰ শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে। গুড় কাৰ্যতঃ গৰম, গতিকে শীতকালত গুড় খালে শৰীৰত উষ্ণতা বৃদ্ধি পায়। গুড় হৈছে-ভিটামিন বি-১২, ভিটামিন বি-৬, কেলছিয়াম, আইৰন, ফ’লেট, মেগনেছিয়াম, চেলেনিয়াম, মেংগানিজ, ফছফৰাছ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদানৰ ভঁৰাল। গুড় খালে স্বাস্থ্য ভাল হৈ থাকে। বিশেষকৈ মহিলাসকলৰ বাবে গুড় উপকাৰী বুলি প্ৰমাণিত হৈছে। দৈনিক ১ টুকুৰা গুড়ৰ সৈতে এগিলাচ কুহুমীয়া পানী খালে মহিলাসকলৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

মহিলাৰ বাবে গুড়ৰ উপকাৰিতা-

১. ইউ টি আই সংক্ৰমণত সকাহঃ-মহিলাসকল প্ৰায়ে ইউ টি আইত অসুবিধাত ভোগ। প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)ৰ পৰা সকাহ পাবলৈ গুড় সেৱন কৰিব পাৰে। মল-মূত্ৰ খোলোচা হ’বলৈ দৈনিক এটুকুৰা গুড় আৰু এগিলাচ কুহুমীয়া পানী খাব লাগে।

২. মাহেকীয়া সময়ত হোৱা বিষঃ-একাংশই মা্হেকীয়া সময়ত তীব্ৰ বিষ অনুভৱ কৰে। এনে অৱস্থাত এগিলাচ কুহুমীয়া পানীৰ সৈতে গুড় সেৱন কৰিলে উপশম পোৱা যায়। গুড়ত মেগনেছিয়াম আৰু চেলেনিয়াম উপাদান থাকে যিয়ে বিষ হ্ৰাস কৰা সহায় কৰে। ইয়াৰ উপৰি মাহেকীয়াৰ সময়ত দুৰ্বলতা নোহোৱা কৰে, কাৰণ গুড়ত আইৰন থাকে যিয়ে মাহেকীয়া সময়ত হোৱা যিকোনো সমস্যা নিমিষতে দূৰ কৰিব পাৰে।

৩. ৰক্তহীনতা দূৰ কৰেঃ-ৰক্তহীনতা, হিম’গ্লবিন হ্ৰাস পোৱাৰ বাবে মহিলাসকল প্ৰায়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। এনে অৱস্থাত গুড় সেৱনে ৰক্তহীনতাৰ পৰা ৰক্ষা কৰিব পাৰে। গুড়ত আইৰন আৰু ফ’লেট থাকে যি মহিলাসকলৰ বাবে অত্যন্ত উপকাৰী। গৰ্ভৱতী মহিলাও গুড় নিয়মীয়াভাৱে গুড় খাব পাৰে।

৪. প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমতঃ-পি এম এছৰ বাবে মহিলাসকল অসুবিধাৰ সন্মুখীন হয়। এনে অৱস্থাত সীমিত পৰিমাণৰ গুড় খালে শৰীৰত সুখী হৰম’ন বা এণ্ড’ৰ্ফিন উৎপন্ন হয়। ইয়াৰ ফলত আপুনি সুখী আৰু মানসিক চাপমুক্ত অনুভৱ কৰে। তেজ বিশুদ্ধকৰণতো সহায় কৰে। গুড় খালেও ছালৰ সমস্যা দূৰ হয়।

৫. হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰেঃ-গুড়ে মহিলাৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে। মহিলাসকলে থাইৰয়ডত হৰম’নৰ ভাৰসাম্যহীনতা, পিচিঅ’ডি আদি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে আপুনি ১ টুকুৰা গুড় আৰু এগিচালক কুহুমীয়া পানী নিয়মীতভাৱে খোৱাৰ অভ্যাস গঢ়ি তোলক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু