--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গুড়ত একধৰণৰ প্ৰাকৃতিক মিঠা থাকে যিয়ে আপোনাৰ শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে। গুড় কাৰ্যতঃ গৰম, গতিকে শীতকালত গুড় খালে শৰীৰত উষ্ণতা বৃদ্ধি পায়। গুড় হৈছে-ভিটামিন বি-১২, ভিটামিন বি-৬, কেলছিয়াম, আইৰন, ফ’লেট, মেগনেছিয়াম, চেলেনিয়াম, মেংগানিজ, ফছফৰাছ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদানৰ ভঁৰাল। গুড় খালে স্বাস্থ্য ভাল হৈ থাকে। বিশেষকৈ মহিলাসকলৰ বাবে গুড় উপকাৰী বুলি প্ৰমাণিত হৈছে। দৈনিক ১ টুকুৰা গুড়ৰ সৈতে এগিলাচ কুহুমীয়া পানী খালে মহিলাসকলৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

মহিলাৰ বাবে গুড়ৰ উপকাৰিতা-

১. ইউ টি আই সংক্ৰমণত সকাহঃ-মহিলাসকল প্ৰায়ে ইউ টি আইত অসুবিধাত ভোগ। প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)ৰ পৰা সকাহ পাবলৈ গুড় সেৱন কৰিব পাৰে। মল-মূত্ৰ খোলোচা হ’বলৈ দৈনিক এটুকুৰা গুড় আৰু এগিলাচ কুহুমীয়া পানী খাব লাগে।

২. মাহেকীয়া সময়ত হোৱা বিষঃ-একাংশই মা্হেকীয়া সময়ত তীব্ৰ বিষ অনুভৱ কৰে। এনে অৱস্থাত এগিলাচ কুহুমীয়া পানীৰ সৈতে গুড় সেৱন কৰিলে উপশম পোৱা যায়। গুড়ত মেগনেছিয়াম আৰু চেলেনিয়াম উপাদান থাকে যিয়ে বিষ হ্ৰাস কৰা সহায় কৰে। ইয়াৰ উপৰি মাহেকীয়াৰ সময়ত দুৰ্বলতা নোহোৱা কৰে, কাৰণ গুড়ত আইৰন থাকে যিয়ে মাহেকীয়া সময়ত হোৱা যিকোনো সমস্যা নিমিষতে দূৰ কৰিব পাৰে।

৩. ৰক্তহীনতা দূৰ কৰেঃ-ৰক্তহীনতা, হিম’গ্লবিন হ্ৰাস পোৱাৰ বাবে মহিলাসকল প্ৰায়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। এনে অৱস্থাত গুড় সেৱনে ৰক্তহীনতাৰ পৰা ৰক্ষা কৰিব পাৰে। গুড়ত আইৰন আৰু ফ’লেট থাকে যি মহিলাসকলৰ বাবে অত্যন্ত উপকাৰী। গৰ্ভৱতী মহিলাও গুড় নিয়মীয়াভাৱে গুড় খাব পাৰে।

৪. প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমতঃ-পি এম এছৰ বাবে মহিলাসকল অসুবিধাৰ সন্মুখীন হয়। এনে অৱস্থাত সীমিত পৰিমাণৰ গুড় খালে শৰীৰত সুখী হৰম’ন বা এণ্ড’ৰ্ফিন উৎপন্ন হয়। ইয়াৰ ফলত আপুনি সুখী আৰু মানসিক চাপমুক্ত অনুভৱ কৰে। তেজ বিশুদ্ধকৰণতো সহায় কৰে। গুড় খালেও ছালৰ সমস্যা দূৰ হয়।

৫. হৰমনৰ ভাৰসাম্য ৰক্ষা কৰেঃ-গুড়ে মহিলাৰ হৰমনৰ ভাৰসাম্য ৰক্ষা কৰে। মহিলাসকলে থাইৰয়ডত হৰমনৰ ভাৰসাম্যহীনতা, পিচিঅডি আদি বহু সমস্যাৰ সন্মুখীন হবলগীয়া হয়। ইয়াৰ বাবে আপুনি ১ টুকুৰা গুড় আৰু এগিচালক কুহুমীয়া পানী নিয়মীতভাৱে খোৱাৰ অভ্যাস গঢ়ি তোলক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ