--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিম এবিধ ঔষধি গছ। নিমৰ আছে বহু উপকাৰিতা। ইয়াৰ ডাল, পাত,ৰস,শিপা বা মুল সকলোখিনিয়ে উপযোগী। নিম গছৰ কাঠ খুব টান আৰু কেতিয়াও ঘূনপোক নধৰে,উইপোকেও খাব নোৱাৰে আৰু এই কাৰণে আজিকালি নিমৰ আচবাব পত্ৰও তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰাই বাদ্যযন্ত্ৰ বনোৱাৰ কাৰণে নিম কাঠ ব্যৱহৃত হৈ আছে। 

ভাৰতত নিমক পবিত্ৰ গছ, আৰু সকলো ৰোগৰ দৰব বুলি গণ্য কৰা হয়। নিমৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী ভাৰতত ঔষধৰূপে দুহাজাৰ বছৰৰো অধিক কাল ব্যৱহৃত হৈ আহিছে।নিমক আয়ুর্বেদত এক অতুলনীয় ঔষধ হিচাবে বিবেচনা কৰা হয়। বহু স্বাস্থ্য সমস্যা দূৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ কার্যকৰী হিচাপে বিবেচিত হৈছে।

নিম এনে এবিধ উদ্ভিদ, যাৰ প্রতিটো অংশই স্বাস্থ্য সম্পর্কিত সমস্যাবোৰ দূৰ কৰাত ব্যৱহৃত হয়। নিমগছৰ পাত, ডাল, ছাল, বীজ, ফল বা ফুল বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আয়ুর্বেদিক প্রতিকাৰত ব্যৱহৃত হয়।

প্রতিদিনে নিমপাত খোৱাৰ কেইটামান উপকাৰিতা সম্পর্কে ইয়াত ক’ব বিচৰা হৈছে৷ আয়ুর্বেদ অনুসৰি নিমপাত আমাৰ স্নায়ুজনিত ব্যাধি সামঞ্জস্য কৰাৰ ক্ষেত্রত বিশেষভাবে গুৰুত্বপূর্ণ। 

নিম গছৰ উপকাৰিতাসমূহ হ'ল-

১)নিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি বুলি কোৱা হয়।

২)নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।

৩)বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুড়ি ৫ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।

৪)জণ্ডিছ আৰু বহুমূত্র ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়।

৫)মহানিমৰ পাত সিজাই চেঁচা হ'লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।

৬)সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।

৭)মহানিমৰ  ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।

৮)সকলো প্রকাৰৰ জ্বৰ, কাহ কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ মহানিম পাতৰ ভাজি ব্যৱহাৰ কৰাটো উচিত।
  
৯)তেজ বমি হ'লে বা এনে বদহজম হৈ বমি হ'লে নিম পাতৰ ৰস খালে বন্ধ হয়।

১০)যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ'লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।

১১)দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।

১২)মূৰত ওকণি হ'লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।

১৩)নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলেও গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।

১৪)নিম গছ ঘৰত থাকিলে বায়ু বিশুদ্ধ হয়।

গতিকে নিমপাতৰ সোৱাদ তিতা বুলি নোখোৱাকৈ নাথাকিব। সোৱাদত তিতা হ'লেও গুণৰ ফালৰ পৰা মিঠা নিমপাত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ভৰতীয় চাহ সংস্থাৰ কৰ্মকাণ্ডত প্ৰতিক্ৰিয়া উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনৰ
বাক্সাত ৰাস চাই ঘৰলৈ ওভতাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ মৃত্যু
কাছাৰত প্ৰেমত প্ৰতাৰণাৰ বলি হৈ যুৱতীৰ আ*ত্ম*হ*ত্যাৰ চেষ্টা
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ