--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰীৰ মাহেকীয়া এটা স্বাভাৱিক শাৰীৰিক অৱস্থা। মাহেকীয়া অৱস্থা কেইদিনমান আগ বা পিছ হোৱাটো স্বাভাৱিক। কিন্তু কেতিয়াবা দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসেও ঋতুচক্ৰত বিলম্ব ঘটায়।

পিৰিয়ড বা ঋতুচক্ৰৰ স্বাভাৱিক সময় ২৮ৰ পৰা ৩০ দিন। একে সময়তে ঋতুস্ৰাৱৰ সময়ত ৩ৰ পৰা ৭ দিনলৈ ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াৰ বাহিৰেও অত্যধিক ৰক্তক্ষৰণ বা ৩৫ দিনলৈ মাহেকীয়া নোহোৱা প্ৰক্ৰিয়াক অনিয়মিত মাহেকীয়াত গণনা কৰা হয়। ইয়াৰ বহু কাৰণ থাকিব পাৰে। কিন্তু সঘনাই অনিয়মিত মাহেকীয়া হোৱাটো যিকোনো মহিলাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা সমাধান কৰাত কেঁচা অমিতাই সহায় কৰে। 

যদি আপোনাৰ মাহেকীয়া তাৰিখৰ পৰা ১ সপ্তাহতকৈ অধিক পলম হয়, তেন্তে ইয়াক অনিয়মিত মাহেকীয়া বুলি কোৱা হয়। মানসিক চাপ, যৌনতা, মদ্যপান, ভ্ৰমণ আদি বিভিন্ন কাৰণত এনে হ’ব পাৰে। সময়মতে পিৰিয়ড হোৱাটো এটা সুস্থ শৰীৰৰ লক্ষণ। যদি এনেকুৱা নহয়, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ অৱনতিৰ সন্মুখীন হোৱাৰ লক্ষণ। এই অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা উপায় হ’ল সঠিক খাদ্য গ্ৰহণ কৰা। হয়! এইটো একেবাৰে সঁচা যে খাদ্যত কিছুমান প্ৰয়োজনীয় ছুপাৰফুড অন্তৰ্ভুক্ত কৰি আপুনি মাহেকীয়া নিয়মীয়া কৰি ৰাখিব পাৰে।

স্বাস্থ্য বিশেষজ্ঞই এই বিষয়ে কয় যে “অনিয়মীয়া মাহেকীয়া হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ভুল জীৱনশৈলী, অধিক প্ৰচেছড খাদ্য খোৱা, মানসিক চাপ আৰু ৰাতি সময়মতে নোশোৱাৰ অভ্যাস।

কিন্তু চিন্তা কৰিবলগীয়া একো নাই, যদি পিৰিয়ড সময়মতে অহা নাই, তেন্তে ইয়াৰ বাবে খাদ্য তালিকাত কেঁচা অমিতা অন্তৰ্ভুক্ত কৰক। যিয়ে হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰি পিৰিয়ড নিয়মীয়া কৰি ৰখাত সহায় কৰিব।

কিছুমান ক্ষেত্ৰত পকা অমিতাতকৈ কেঁচা অমিতা বেছি উপকাৰী। কেঁচা অমিতাই তেজ আৰু টিছু সহজে মুক্ত কৰাত সহায় কৰে। যদি আপোনাৰ মাহেকীয়া অনিয়মীয়া হয় তেন্তে কেঁচা অমিতা সেৱনে আপোনাৰ সমস্যাত অতি ফলপ্ৰসূ কাম কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ