--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত সূৰ্য্য দেৱতাক জল উৎসৰ্গ কৰাৰ মহত্ব আছে। কোৱা হয় যে নিয়মিত স্নানৰ পাছত সূৰ্য্য দেৱতাক পূৰ্ণ অৰ্ঘ্য প্ৰদান কৰিলে সুফল পোৱা যায়। এদিনতে ব্যক্তিজনৰ দুৰ্ভাগ্য দূৰ হৈ ভাগ্য সূৰ্য্যৰ দৰে জিলিকিবলৈ ধৰে। কিন্তু শাস্ত্ৰত সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰাৰ বিষয়ে কিছু নিয়মৰ কথা কোৱা হৈছে। যদি এই নিয়মবোৰ মানি যথাযথভাৱে দৈনিক পুৱা স্নান কৰাৰ পাছত সূৰ্য্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰা হয়, তেন্তে এদিনতে জিলিকি উঠিব আপোনাৰ ভাগ্য।

 অধিকাংশ লোকে পুৱা স্নান কৰি সূৰ্য্য দেৱতাক পানী অৰ্পণ কৰে। কোৱা হয় যে সূৰ্য্য দেৱতাক জল উৎসৰ্গা কৰিলে বহুতো উপকাৰ পোৱা যায়। কিন্তু ইয়াত নিয়মৰ অলপ ভুল হ’লেই পূজাৰ ফল পোৱা নাযায়। সেয়েহে সূৰ্য্য দেৱতাক সঠিকভাৱে পূজা-অৰ্চনা কৰিলেহে পূজাৰ সম্পূৰ্ণ ফল লাভ কৰে বুলি বিশ্বাস আছে।      

সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদানৰ সময়ত মনত ৰাখিবলগীয়া কেইটামান কথা-

 ১. শাস্ত্ৰত কোৱা হৈছে যে সূৰ্য্য দেৱতাক জল অৰ্পণ কৰাৰ সময়ত সদায় তামৰ পাত্ৰ ব্যৱহাৰ কৰা উচিত। কাৰণ তাম হৈছে সূৰ্য্যৰ ধাতু।

 ২. পুৱা সূৰ্য্যদেৱক অৰ্ঘ্য অৰ্পণৰ সময়ত পানীত অক্ষত চাউল, সেন্দূৰ, ফুল আদি অন্তৰ্ভুক্ত কৰক। পূৰ্ণ অৰ্ঘ্য দিয়াৰ পাছতহে সূৰ্য্য দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰি।

 ৩. আপুনি সূৰ্য্য দেৱতাক জল অৰ্পণৰ সময়ত গায়ত্ৰী মন্ত্ৰ জপ কৰিব।

 ৪. সূৰ্য্য দেৱতাক পানী আগবঢ়োৱাৰ সময়ত পানীৰ ধাৰাৰে সূৰ্য্যলৈ চালে চকুৰ দৃষ্টিশক্তি অক্ষুণ্ণ হৈ থাকে বুলি বিশ্বাস কৰা হয়।

 ৫. সূৰ্য দেৱতাক পানী অৰ্পণ কৰাৰ পাছত মাটিত পৰা পানী মূৰত লগাব লাগে। এনে কৰিলে সূৰ্য্য ভগৱানে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰে।

 ৬. সূৰ্য্য দেৱতাক আত্মাৰ কাৰক হিচাপে গণ্য কৰা হয়।

 ৭. সূৰ্য্য দেৱতাক আন্তৰিকতাৰে পূজা কৰিলে এজন ব্যক্তিয়ে জীৱনত সন্মান আৰু সুউচ্চ আসন লাভ কৰে বুলি বিশ্বাস কৰা হয়।

 ৮. যিসকল লোকৰ ৰাশিত সূৰ্য্য দুৰ্বল, তেওঁলোক সকলো চৰকাৰী কামৰ পৰা বঞ্চিত হয়। ব্যৱসায়তো লোকচান হোৱাৰ লগতে অফিচতো বিবাদৰ সন্মুখীন হ’বলগা হয়।

 ৯. সূৰ্য্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য্যদেৱ ব্যক্তিজনৰ ৰাশিফলত শক্তিশালী হৈ পৰে।

 ১০. সূৰ্য্য দেৱতাক পূজা কৰিলে শত্ৰু আৰু ৰোগ নাশ হয় বুলিও কোৱা হয়। একে সময়তে ভয়ৰ পৰা মুক্তিও লাভ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক