--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৱেষণাৰ পৰা দেখা গৈছে যে দিনটোত তিনি ঘণ্টাৰো অধিক সময় যিকোনো ধৰণৰ স্ক্ৰীণ (মোবাইল, টেব আদি) চোৱা, স্ক্ৰীণখন বেছি ওচৰত থকাটোৱেই কঁকালৰ বিষ আৰু মেৰুদণ্ডৰ সমস্যাৰ মূল কাৰণ।শুই থকা অৰ্থাৎ এইবোৰেই মেৰুদণ্ডত যিকোনো ধৰণৰ সমস্যাৰ মূল কাৰণ।

বৰ্তমান স্মাৰ্টফোন আৰু টেবৰ দৰে গেজেটৰ বজাৰখন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বজাৰত পৰিণত হৈছে যদিও এই স্মাৰ্টফোনটো কিশোৰ-কিশোৰী বাবে বৰবিহ হিচাপে প্ৰমাণিত হৈছে। অনলাইন ক্লাছৰ বাবে স্মাৰ্টফোন আৰু টেবলেটৰ ব্যৱহাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আজিৰ নৱজাত শিশুৱে মোবাইল অবিহনে খাদ্য খুৱাবলৈ টান। পিতৃ-মাতৃয়েও সন্তানৰ ব্যস্ত কৰি ৰাখিবলৈ মোবাইলটো হাতত দিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু হয়তো তেওঁলোকে নাজানে এই ম’বাইলে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত আৰু স্বাস্থ্যত কিমান প্ৰভাৱ পেলাব। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে কিশোৰ-কিশোৰী তথা শিশুৰ কঁকালৰ বিষ, চকুৰ দৃষ্টিশক্তি কম কৰাকে ধৰি বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে।

বৈজ্ঞানিক আলোচনী হেল্থ কেয়াৰত শেহতীয়াকৈ (Healthcare) এটা প্ৰবন্ধ প্ৰকাশ পাইছে। ব্ৰাজিলৰ গৱেষকসকলে মেৰুদণ্ডৰ সমস্যাৰ কাৰণৰ ওপৰত গৱেষণা কৰিছে। গৱেষণাৰ পৰা দেখা গৈছে যে দিনটোত তিনি ঘণ্টাৰো অধিক সময় যিকোনো ধৰণৰ স্ক্ৰীণ চোৱা, স্ক্ৰীণখন বেছি ওচৰৰ পৰা চোৱা কঁকালৰ বিষ আৰু মেৰুদণ্ডৰ সমস্যাৰ মূল কাৰণ। অৰ্থাৎ এইবোৰেই মেৰুদণ্ডত যিকোনো ধৰণৰ সমস্যাৰ মূল কাৰণ।

এই অধ্যয়নত থ’ৰেচিক স্পাইন পেইনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। থ’ৰেচিক স্পাইন বুকুৰ পিছফালে থাকে যিটো কান্ধৰ ব্লেডৰ মাজৰ পৰা ডিঙিৰ তলৰ পৰা গ্ৰ’ইনলৈকে বিস্তৃত হৈ থাকে। এই গৱেষণাত হাইস্কুলৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ১৪ৰ পৰা ১৮ বছৰীয়া পুৰুষ আৰু মহিলা ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াত ১৬২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ল’ৰাতকৈ ছোৱালীৰ বুকুৰ মেৰুদণ্ডৰ বিষ বেছিকৈ আক্ৰান্ত হয়।

মেৰুদণ্ডৰ বিষ বৃদ্ধি হোৱাৰ কাৰণ-
বৰ্তমান বিশ্বজুৰি সাধাৰণ জনসংখ্যাৰ বিভিন্ন বয়সৰ গোটত টি এছ পি প্ৰচলিত। ইয়াৰ বলি হোৱা লোকৰ ভিতৰত ১৫-৩৫ শতাংশ প্ৰাপ্তবয়স্ক আৰু ১৩-৩৫ শতাংশ ছাত্ৰ-ছাত্ৰী। মহামাৰীৰ সময়ত ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰ আকাশলংঘী বৃদ্ধিয়ে এই সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিছে। বহু গৱেষণাতো এই কথা নিশ্চিত হৈছে। এই সমস্যা হাইস্কুলীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়, কাৰণ এই বয়সৰ শিশুৱে বেছিভাগ সময় গেজেটৰ সৈতে কটায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন