--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ, আমাৰ শৰীৰৰ ৬৫ৰ পৰা ৭০ শতাংশ এই তৰল পদাৰ্থৰে গঠিত। সেইবাবেই কোৱা হয় যে ‘পানীয়ে হৈছে জীৱন’। প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে আমি ডিহাইড্ৰেচনত ভুগিব নালাগে। যেতিয়াই শৰীৰত পানীৰ অভাৱ হয় তেতিয়াই আমাৰ মগজুৱে পানী খাবলৈ সংকেত দিয়ে, যাক পিয়াহ বোলা হয়। 

পিয়াহ অনুভৱ কৰাটো শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু কিছুমান লোকে হঠাতে অত্যধিক পিয়াহ অনুভৱ কৰে। যদি আপোনাৰো এনেকুৱা সমস্যা আছে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব, কাৰণ ই বহুতো গুৰুতৰ ৰোগৰ সংকেত হ’ব পাৰে আৰু আপোনাৰ বাবে শৰীৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয় হ’ব।

অত্যধিক পিয়াহৰ বাবে এই ৰোগ হ’ব পাৰে

১) ডায়েবেটিছঃ ডায়েবেটিছ এনেকুৱা এটা ৰোগ যিয়ে আজিকালি যিকোনো বয়সৰ মানুহক ইয়াৰ বলি কৰি তুলিছে। কিছুমান ক্ষেত্ৰত জিনীয় কাৰণত হয় যদিও সাধাৰণতে বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস ইয়াৰ বাবে দায়ী। ডায়েবেটিছৰ অৱস্থাত তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায়, যিটো বৃক্কই সহজে ফিল্টাৰ কৰিব নোৱাৰে আৰু ইয়াৰ বাবে শৰীৰত পানীৰ অভাৱ হয় আৰু বাৰে বাৰে পিয়াহ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয়।

২) হজমত সমস্যাঃ আমি প্ৰায়ে বিয়া, পাৰ্টি বা ঘৰত অত্যধিক মছলাযুক্ত খাদ্য খাওঁ, যিটো হজম কৰাটো সহজ নহয়। এনে জটিল খাদ্য হজম কৰিবলৈ আমাৰ শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়, তাৰ পিছত আমি স্বাভাৱিকতকৈ অধিক পিয়াহ অনুভৱ কৰো।

৩) অস্থিৰতাঃ বহু সময়ত আমাৰ মানসিক অৱস্থা ঠিক নাথাকে, যাৰ বাবে আমি অস্থিৰতাৰ সন্মুখীন হ’বলগীয়া হয়, এনে পৰিস্থিতিত মুখখন শুকাবলৈ আৰম্ভ কৰে আৰু তাৰপাছত ব্যক্তিজনে অধিক পানী খোৱাৰ প্ৰয়োজন অনুভৱ কৰে। 

৪) অত্যধিক ঘাম ওলোৱাঃ গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাটো সাধাৰণ কথা, কিন্তু শীতকালত বা স্বাভাৱিক বতৰত যেতিয়া ঘাম বেছিকৈ ওলায় তেতিয়া ই শৰীৰৰ বহু ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ কাৰণে মানুহে অধিক পিয়াহ অনুভৱ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন