--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ, আমাৰ শৰীৰৰ ৬৫ৰ পৰা ৭০ শতাংশ এই তৰল পদাৰ্থৰে গঠিত। সেইবাবেই কোৱা হয় যে ‘পানীয়ে হৈছে জীৱন’। প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে আমি ডিহাইড্ৰেচনত ভুগিব নালাগে। যেতিয়াই শৰীৰত পানীৰ অভাৱ হয় তেতিয়াই আমাৰ মগজুৱে পানী খাবলৈ সংকেত দিয়ে, যাক পিয়াহ বোলা হয়। 

পিয়াহ অনুভৱ কৰাটো শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু কিছুমান লোকে হঠাতে অত্যধিক পিয়াহ অনুভৱ কৰে। যদি আপোনাৰো এনেকুৱা সমস্যা আছে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব, কাৰণ ই বহুতো গুৰুতৰ ৰোগৰ সংকেত হ’ব পাৰে আৰু আপোনাৰ বাবে শৰীৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয় হ’ব।

অত্যধিক পিয়াহৰ বাবে এই ৰোগ হ’ব পাৰে

১) ডায়েবেটিছঃ ডায়েবেটিছ এনেকুৱা এটা ৰোগ যিয়ে আজিকালি যিকোনো বয়সৰ মানুহক ইয়াৰ বলি কৰি তুলিছে। কিছুমান ক্ষেত্ৰত জিনীয় কাৰণত হয় যদিও সাধাৰণতে বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস ইয়াৰ বাবে দায়ী। ডায়েবেটিছৰ অৱস্থাত তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায়, যিটো বৃক্কই সহজে ফিল্টাৰ কৰিব নোৱাৰে আৰু ইয়াৰ বাবে শৰীৰত পানীৰ অভাৱ হয় আৰু বাৰে বাৰে পিয়াহ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয়।

২) হজমত সমস্যাঃ আমি প্ৰায়ে বিয়া, পাৰ্টি বা ঘৰত অত্যধিক মছলাযুক্ত খাদ্য খাওঁ, যিটো হজম কৰাটো সহজ নহয়। এনে জটিল খাদ্য হজম কৰিবলৈ আমাৰ শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়, তাৰ পিছত আমি স্বাভাৱিকতকৈ অধিক পিয়াহ অনুভৱ কৰো।

৩) অস্থিৰতাঃ বহু সময়ত আমাৰ মানসিক অৱস্থা ঠিক নাথাকে, যাৰ বাবে আমি অস্থিৰতাৰ সন্মুখীন হ’বলগীয়া হয়, এনে পৰিস্থিতিত মুখখন শুকাবলৈ আৰম্ভ কৰে আৰু তাৰপাছত ব্যক্তিজনে অধিক পানী খোৱাৰ প্ৰয়োজন অনুভৱ কৰে। 

৪) অত্যধিক ঘাম ওলোৱাঃ গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাটো সাধাৰণ কথা, কিন্তু শীতকালত বা স্বাভাৱিক বতৰত যেতিয়া ঘাম বেছিকৈ ওলায় তেতিয়া ই শৰীৰৰ বহু ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ কাৰণে মানুহে অধিক পিয়াহ অনুভৱ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ