ডিজিটেল ডেস্ক: লিডুৰ টিৰাপ কলিয়ৰীত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ। তিনিচুকীয়াৰ মাৰ্ঘেৰিটা সমজিলাৰ লিডুত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে।
বুধবাৰে টিৰাপ কলিয়ৰীৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত চলোৱা যৌথ অভিযানত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ দুজন লোকক আটক কৰা হয়।
আটকাধীন লোক দুজন ফিনবিৰোৰ আচোঁ ৱাংছু আৰু লিডুৰ জামিৰ আলী। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন নম্বৰবিহীন বলেৰো পিকআপ বাহনো জব্দ কৰে অভিযানকাৰী দলে।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সৈতে বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।