--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলকিছ বানোৰ ন্যায় প্ৰাপ্তিৰ কামনা কৰাসকলৰ বাবে এক দুখবৰ৷ শুকুৰবাৰে (২৩ ফেব্ৰুৱাৰী) গুজৰাট উচ্চ ন্যায়ালয়ে বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ গোচৰৰ দোষী ৰমেশ চান্দনাক ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভতিজাৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ ১০ দিনৰ পেৰ’ল প্ৰদান কৰে।

যোৱা সপ্তাহত পেৰ’ল বিচাৰি উচ্চ ন্যায়ালয়লৈ দাখিল কৰা চান্দনাই এই গোচৰৰ দ্বিতীয়জন দোষী যিয়ে পেৰ’ল লাভ কৰিছে কাৰণ ২১ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই গোচৰৰ ১১ জন দোষীয়ে গোধৰা চহৰৰ এখন জেলত আত্মসমৰ্পণ কৰে-২০০২ চনৰ গোধৰা সংঘৰ্ষৰ সময়ত বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হয়।

শুকুৰবাৰে জাৰি কৰা আদেশত ন্যায়াধীশ দিব্যেশ যোশীয়ে কয় যে, ‘এই আবেদনৰ জৰিয়তে দোষী-আবেদনকাৰীয়ে ভগ্নীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পেৰ’লত ছুটীৰ বাবে আবেদন কৰিছে। এই আবেদনত আহ্বান জনোৱা ভিত্তিসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ১০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।’

উচ্চতম ন্যায়ালয়ত গুজৰাট চৰকাৰৰ শপতনামা অনুসৰি ২০০৮ চনত কাৰাগাৰত বন্দী হোৱাৰ পাছত চান্দনাই ১১৯৮ দিনৰ পেৰ’ল আৰু ৩৭৮ দিনৰ ছুটী লাভ কৰিছিল।ইয়াৰ পূৰ্বে এই গোচৰৰ আন এজন দোষী প্ৰদীপ মোধিয়াক উচ্চ ন্যায়ালয়ে পেৰ’ল আবেদনৰ অনুমতি দিয়াৰ পাছত ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ পেৰ’লত গোধৰা জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল।

জানিব পৰা মতে বিলকিছ বানো গোচৰত ২১ জানুৱাৰীৰ মাজনিশাৰ কিছু সময়ৰ পূৰ্বে ৰমেশ চন্দনা আৰু প্ৰদীপ মোধিয়াই আন ১১ জন আজীৱন দোষীৰ সৈতে গোধৰা উপ-কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল।

যোৱা ৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই ১১ জন দোষীক অকাল মুক্তিৰ কথা নাকচ কৰি গুজৰাট চৰকাৰৰ অকালতে মুকলি কৰি দিয়াৰ ক্ষমতা নাই বুলিও কৈছিল। মুক্তিৰ নিৰ্দেশ বাতিল কৰি আদালতে দোষীক দুসপ্তাহৰ ভিতৰত পুনৰ জেললৈ আত্মসমৰ্পণ কৰিবলৈ কৈছিল।এই সময়সীমা আছিল কেৱল ২২ জানুৱাৰীলৈকে।

এই লোকসকলেও উচ্চতম ন্যায়ালয়ক তেওঁলোকক আত্মসমৰ্পণৰ বাবে অধিক সময় দিবলৈ অনুৰোধ জনাইছিল যদিও ১৯ জানুৱাৰীত আদালতে তেওঁলোকৰ দাবী নাকচ কৰিছিল।

এই দোষীসকলৰ ভিতৰত আছে ৰাধেশ্যাম শ্বাহ, যশৱন্ত নাই, গোবিন্দ নাই, কেশৰ ভাহনিয়া, বাকা বাহনীয়া, ৰাজু ছোনী, ৰমেশ চান্দনা, শৈলেশ ভাট, বিপিন যোশী, প্ৰদীপ মোধিয়া আৰু মিতেশ ভাট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু