--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলকিছ বানোৰ ন্যায় প্ৰাপ্তিৰ কামনা কৰাসকলৰ বাবে এক দুখবৰ৷ শুকুৰবাৰে (২৩ ফেব্ৰুৱাৰী) গুজৰাট উচ্চ ন্যায়ালয়ে বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ গোচৰৰ দোষী ৰমেশ চান্দনাক ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভতিজাৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ ১০ দিনৰ পেৰ’ল প্ৰদান কৰে।

যোৱা সপ্তাহত পেৰ’ল বিচাৰি উচ্চ ন্যায়ালয়লৈ দাখিল কৰা চান্দনাই এই গোচৰৰ দ্বিতীয়জন দোষী যিয়ে পেৰ’ল লাভ কৰিছে কাৰণ ২১ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই গোচৰৰ ১১ জন দোষীয়ে গোধৰা চহৰৰ এখন জেলত আত্মসমৰ্পণ কৰে-২০০২ চনৰ গোধৰা সংঘৰ্ষৰ সময়ত বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হয়।

শুকুৰবাৰে জাৰি কৰা আদেশত ন্যায়াধীশ দিব্যেশ যোশীয়ে কয় যে, ‘এই আবেদনৰ জৰিয়তে দোষী-আবেদনকাৰীয়ে ভগ্নীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পেৰ’লত ছুটীৰ বাবে আবেদন কৰিছে। এই আবেদনত আহ্বান জনোৱা ভিত্তিসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ১০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।’

উচ্চতম ন্যায়ালয়ত গুজৰাট চৰকাৰৰ শপতনামা অনুসৰি ২০০৮ চনত কাৰাগাৰত বন্দী হোৱাৰ পাছত চান্দনাই ১১৯৮ দিনৰ পেৰ’ল আৰু ৩৭৮ দিনৰ ছুটী লাভ কৰিছিল।ইয়াৰ পূৰ্বে এই গোচৰৰ আন এজন দোষী প্ৰদীপ মোধিয়াক উচ্চ ন্যায়ালয়ে পেৰ’ল আবেদনৰ অনুমতি দিয়াৰ পাছত ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ পেৰ’লত গোধৰা জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল।

জানিব পৰা মতে বিলকিছ বানো গোচৰত ২১ জানুৱাৰীৰ মাজনিশাৰ কিছু সময়ৰ পূৰ্বে ৰমেশ চন্দনা আৰু প্ৰদীপ মোধিয়াই আন ১১ জন আজীৱন দোষীৰ সৈতে গোধৰা উপ-কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল।

যোৱা ৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই ১১ জন দোষীক অকাল মুক্তিৰ কথা নাকচ কৰি গুজৰাট চৰকাৰৰ অকালতে মুকলি কৰি দিয়াৰ ক্ষমতা নাই বুলিও কৈছিল। মুক্তিৰ নিৰ্দেশ বাতিল কৰি আদালতে দোষীক দুসপ্তাহৰ ভিতৰত পুনৰ জেললৈ আত্মসমৰ্পণ কৰিবলৈ কৈছিল।এই সময়সীমা আছিল কেৱল ২২ জানুৱাৰীলৈকে।

এই লোকসকলেও উচ্চতম ন্যায়ালয়ক তেওঁলোকক আত্মসমৰ্পণৰ বাবে অধিক সময় দিবলৈ অনুৰোধ জনাইছিল যদিও ১৯ জানুৱাৰীত আদালতে তেওঁলোকৰ দাবী নাকচ কৰিছিল।

এই দোষীসকলৰ ভিতৰত আছে ৰাধেশ্যাম শ্বাহ, যশৱন্ত নাই, গোবিন্দ নাই, কেশৰ ভাহনিয়া, বাকা বাহনীয়া, ৰাজু ছোনী, ৰমেশ চান্দনা, শৈলেশ ভাট, বিপিন যোশী, প্ৰদীপ মোধিয়া আৰু মিতেশ ভাট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী