--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুনকৈ প্ৰণয়ন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন৷ এই তিনিখন আইনে ঔপনিৱেশিক যুগৰ ভাৰতীয় দণ্ডবিধি (আইপিচি), ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ১৮৭২ চনৰ ইণ্ডিয়ান এভিডেন্স ল’ৰ স্থান ল’ব। নতুন আইন কাৰ্যকৰী হোৱাৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ পৰা ভাৰতীয় ন্যায় সংহিতালৈ কি পৰিৱৰ্তন কৰা হৈছে সেয়া জানো আহক—

নতুন আইনত আইপিচিৰ অধীনত কিছুমান ধাৰাৰ সংখ্যা সলনি কৰা হৈছে।

* আইপিচিৰ ধাৰা ৪২০ প্ৰবঞ্চনাৰে জড়িত আছিল৷ কিন্তু নতুন আইনত একে সংখ্যাৰ এটা ধাৰা নাই৷ প্ৰবঞ্চনা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩১৬ৰ অধীনত আহিছে৷

* অবৈধ সমাৱেশৰ সৈতে মোকাবিলা কৰা আইপিচিৰ ধাৰা ১৪৪ক এতিয়া ধাৰা ১৮৭ বুলি কোৱা হ’ব।

* একেদৰে যুদ্ধ কৰা বা যুদ্ধৰ চেষ্টা কৰা বা ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ উদ্গনি দিয়া আইপিচিৰ ধাৰা ১২১ক এতিয়া ধাৰা ১৪৬ বুলি কোৱা হ’ব।

* মানহানিৰ সৈতে সম্পৰ্কিত আইপিচিৰ ধাৰা ৪৯৯ এতিয়া নতুন আইনৰ ধাৰা ৩৫৪ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে।

* ধাৰা ৩৭৬ৰ অধীনত ধৰ্ষণৰ শাস্তিৰ সৈতে মোকাবিলা কৰা হৈছিল৷ এতিয়া হ‘ব ৬৩ ধাৰা। নতুন আইনৰ অধীনত ৬৪ ধাৰা শাস্তিৰ বিষয়ে সম্পৰ্কিত৷ আনহাতে ধাৰা ৭০ দলবদ্ধ ধৰ্ষণৰ অপৰাধৰ বিষয়ে সম্পৰ্কিত।

* দেশদ্ৰোহৰ সৈতে সম্পৰ্কিত আইপিচিৰ ধাৰা ১২৪ক এতিয়া নতুন আইনৰ অধীনত ধাৰা ১৫০ বুলি জনা যাব৷

উল্লেখযোগ্য যে তিনিওখন আইনে যোৱা বছৰ ২১ ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰিছিল আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৫ ডিচেম্বৰত সন্মতি প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী