--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ কাৰোবাৰ ঘৰত, অফিচত বা দোকানত দৌৰি থকা ৭টা বগা ঘোঁৰাৰ ছবি দেখা পাইছে। আপুনি জানেনে ৭টা ঘোঁৰা দৌৰি থকা ছবিৰ মহত্ব কি? কিয় মানুহে এই ছবি দেৱালত লগায়? বাস্তুশাস্ত্ৰৰ মতে, দেৱালত সাতটা বগা ঘোঁৰাৰ ছবি লগোৱাটোৱে সমৃদ্ধি কঢ়িয়াই আনে। সাত সংখ্যাক অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো সাত ফেৰে, সপ্ত ঋষি, ৰামধেনু আদিতো সাত সংখ্যাটো জড়িত হৈ আছে।

জানো আহক কি মহত্ব আছে এই ছবিৰ

১) অকলে থকা ঘোঁৰাৰ ছবি কেতিয়াও লগাব নালাগে, ই শৰীৰৰ ক্ষতি কৰিব পাৰে।

২) দৌৰি থকা ঘোঁৰাবোৰক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ঘোঁৰাৰ ছবিয়ে আমাৰ কামত অগ্ৰগতি আনে। ব্যৱসায়ত লাভ দিয়ে।

৩) যি ব্যক্তিয়ে দৈনিক দৌৰি থকা ঘোঁৰাৰ ছবি চায় তেওঁৰ কামৰ ওপৰত সুপ্ৰভাৱ পৰে আৰু কামবোৰ দ্ৰুতগতিত হয়। ঘোঁৰাবোৰক সমৃদ্ধি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।

৪) যিখন ছবিত ঘোঁৰাবোৰ বিভিন্ন দিশত দৌৰি আছে সেই ছবি ৰাখিব নালাগে। ঘোঁৰাবোৰ একে দিশত দৌৰি থকা হ'ব লাগে। 

৫) ছবিখন সদায় পৰিষ্কাৰ হ'ব লাগে, ইয়াত ধুলি পৰি থাকিব নালাগে। ছবিখন ফটাটো উচিত নহয় আৰু গ্লাচত বন্ধা হলে ভঙা উচিত নহয়।



৬) ঘোঁৰাবোৰৰ ছবি পূব দিশত ৰাখিব লাগে।  এই ছবি ঘৰত ৰাখিলে ঘৰত ধন আৰু শস্যৰ কোনো অভাৱ নহয়। ঘৰত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। 

৭) ঘোঁৰাৰ ছবি লগাওঁতে মনত ৰাখিব যে ঘোঁৰাবোৰ দেখাত সুখী যেন লগা হ'ব লাগে।  খং উঠি থকা ঘোঁৰাৰ ফটো লগাব নালাগে আৰু ঘোঁৰাবোৰে ৰথ টানি থকা হ'ব নালাগে।

৮) এই ছবিখন ঘৰত ৰাখিলে শীঘ্ৰেই ভাল চাকৰিৰ যোগ, চাকৰিত পদোন্নতি সামাজিক সন্মান লগতে সম্পদ লাভ হয়।

৯) নেতিবাচক শক্তিক দূৰ কৰি ইতিবাচক শক্তি জাগ্ৰত কৰে।

১০) বিদ্যাৰ্থীৰ কোঠাত ৰাখিলেও শুভ ফল পোৱা যায়।



যি ঘৰত সাতটা ঘোঁৰাৰ ছবি সংলগ্ন কৰা হৈছে তেওঁলোকে ধ্যান ৰাখিব যাতে ঘোঁৰাৰ ছবিখন যুদ্ধ স্থানৰ হ'ব নালাগে| সাতটা ঘোঁৰাৰ ছবি উদীয়মান সূৰ্যৰ (অস্ত যোৱা সূৰ্যৰ ছবি নহয়) বা সমুদ্ৰতীৰৰ বা সেউজীয়া ঘাঁহৰ ওপৰত হ'ব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস