--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ কাৰোবাৰ ঘৰত, অফিচত বা দোকানত দৌৰি থকা ৭টা বগা ঘোঁৰাৰ ছবি দেখা পাইছে। আপুনি জানেনে ৭টা ঘোঁৰা দৌৰি থকা ছবিৰ মহত্ব কি? কিয় মানুহে এই ছবি দেৱালত লগায়? বাস্তুশাস্ত্ৰৰ মতে, দেৱালত সাতটা বগা ঘোঁৰাৰ ছবি লগোৱাটোৱে সমৃদ্ধি কঢ়িয়াই আনে। সাত সংখ্যাক অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো সাত ফেৰে, সপ্ত ঋষি, ৰামধেনু আদিতো সাত সংখ্যাটো জড়িত হৈ আছে।

জানো আহক কি মহত্ব আছে এই ছবিৰ

১) অকলে থকা ঘোঁৰাৰ ছবি কেতিয়াও লগাব নালাগে, ই শৰীৰৰ ক্ষতি কৰিব পাৰে।

২) দৌৰি থকা ঘোঁৰাবোৰক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ঘোঁৰাৰ ছবিয়ে আমাৰ কামত অগ্ৰগতি আনে। ব্যৱসায়ত লাভ দিয়ে।

৩) যি ব্যক্তিয়ে দৈনিক দৌৰি থকা ঘোঁৰাৰ ছবি চায় তেওঁৰ কামৰ ওপৰত সুপ্ৰভাৱ পৰে আৰু কামবোৰ দ্ৰুতগতিত হয়। ঘোঁৰাবোৰক সমৃদ্ধি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।

৪) যিখন ছবিত ঘোঁৰাবোৰ বিভিন্ন দিশত দৌৰি আছে সেই ছবি ৰাখিব নালাগে। ঘোঁৰাবোৰ একে দিশত দৌৰি থকা হ'ব লাগে। 

৫) ছবিখন সদায় পৰিষ্কাৰ হ'ব লাগে, ইয়াত ধুলি পৰি থাকিব নালাগে। ছবিখন ফটাটো উচিত নহয় আৰু গ্লাচত বন্ধা হলে ভঙা উচিত নহয়।



৬) ঘোঁৰাবোৰৰ ছবি পূব দিশত ৰাখিব লাগে।  এই ছবি ঘৰত ৰাখিলে ঘৰত ধন আৰু শস্যৰ কোনো অভাৱ নহয়। ঘৰত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। 

৭) ঘোঁৰাৰ ছবি লগাওঁতে মনত ৰাখিব যে ঘোঁৰাবোৰ দেখাত সুখী যেন লগা হ'ব লাগে।  খং উঠি থকা ঘোঁৰাৰ ফটো লগাব নালাগে আৰু ঘোঁৰাবোৰে ৰথ টানি থকা হ'ব নালাগে।

৮) এই ছবিখন ঘৰত ৰাখিলে শীঘ্ৰেই ভাল চাকৰিৰ যোগ, চাকৰিত পদোন্নতি সামাজিক সন্মান লগতে সম্পদ লাভ হয়।

৯) নেতিবাচক শক্তিক দূৰ কৰি ইতিবাচক শক্তি জাগ্ৰত কৰে।

১০) বিদ্যাৰ্থীৰ কোঠাত ৰাখিলেও শুভ ফল পোৱা যায়।



যি ঘৰত সাতটা ঘোঁৰাৰ ছবি সংলগ্ন কৰা হৈছে তেওঁলোকে ধ্যান ৰাখিব যাতে ঘোঁৰাৰ ছবিখন যুদ্ধ স্থানৰ হ'ব নালাগে| সাতটা ঘোঁৰাৰ ছবি উদীয়মান সূৰ্যৰ (অস্ত যোৱা সূৰ্যৰ ছবি নহয়) বা সমুদ্ৰতীৰৰ বা সেউজীয়া ঘাঁহৰ ওপৰত হ'ব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন