--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতত এনে কোনো লোক নাই যিয়ে কেতিয়াও হালধি ব্যৱহাৰ কৰা নাই, ই আমাৰ পাকঘৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। হালধি অবিহনে বহুতো সুস্বাদু খাদ্য অসম্পূৰ্ণ হৈ ৰয়। কিন্তু আপুনি কেতিয়াবা ক'লা হালধি ব্যৱহাৰ কৰি পাইছে নেকি? ইয়াৰ আছে ৪টা ডাঙৰ লাভালাভ।

 ক'লা হালধি ক'ত পাব?

ক'লা হালধি মুখ্যতঃ ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত পোৱা যায়। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ছালৰ বাবে ই ঔষধতকৈ কম নহয়।

 ক'লা হালধিৰ ৪টা লাভালাভ-

১. আঘাত সোনকালেই আৰোগ্য হয়ঃ-আমি সাধাৰণতে কটা-ছিঙা বা আঘাত আদি পালে বিভিন্ন ধৰণৰ ছালৰ এণ্টেচেপটিক ক্ৰীম ব্যৱহাৰ কৰো, কিন্তু যদি আপুনি আয়ুৰ্বেদৰ চিকিৎসা বিচাৰে, তেন্তে আঘাতপ্ৰাপ্ত এলেকাত ক'লা হালধি লগালে সোনকালে আঘাত আৰোগ্য হয়।

 ২. পাচতন্ত্ৰ শক্তিশালী হয়ঃ-পাকস্থলীৰ সমস্যাৰ বাবে ক'লা হালধি ব্যৱহাৰ কৰা হয় কিয়নো ক’লা হালধিয়ে হজম শক্তি উন্নত কৰে। যদি কাৰোবাৰ পেটৰ বিষ বা গেছৰ সমস্যা হয়, তেন্তে এই মছলাবিধ অতি উপকাৰী। ইয়াৰ বাবে আপুনি ক'লা হালধিগুৰি প্ৰস্তুত কৰিব লাগে আৰু ইয়াক পানীৰ সৈতে মিহলি কৰি খাব লাগে।

 ৩. ছালৰ বাবে কাৰ্যকৰীঃ-হালধীয়া হালধিৰ দৰে ক'লা হালধিও ছালৰ বাবে উপকাৰী। যদি আপুনি ক’লা হালধিৰ গুৰি মৌৰ সৈতে মিহলি কৰি মুখত ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ইয়াৰ উপৰি মুখমণ্ডলৰ বহু পুৰণি দাগ আৰু শালমন দাগ সোনকালে নোহোৱা হয়।

 ৪. গাঁঠিৰ বিষত আৰাম দিয়েঃ-বৰ্ধিত বয়সৰ সৈতে গাঁঠিৰ বিষ হোৱাটো সাধাৰণ কথা, যদি বিষ অত্যধিক হ'বলৈ আৰম্ভ কৰে, বিষ হোৱা ঠাইখিনিত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিফাংগাল গুণাগুণেৰে সমৃদ্ধ ক'লা হালধিৰ পেষ্ট প্ৰয়োগ কৰিব, ই বিষ উপশম হোৱাত সহায় কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস