--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰূপা গাংগুলী বাংলা চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে মুম্বাইতো সুনাম অৰ্জন কৰিছে। ৰূপা গাংগুলী সমগ্ৰ দেশতে ‘দ্ৰৌপদী’ নামেৰে পৰিচিত। হিন্দী ধাৰাবাহিকৰ তালিকাত এতিয়াও চিৰসোউজ আছে বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’। ১৯৮৮ চনৰ পৰাই এই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ আৰম্ভ হয়। দেশৰ ডাঙৰ ডাঙৰ অভিনেতা-অভিনেত্ৰীসকলে ‘মহাভাৰত’ত অভিনয় কৰিছিল। কিন্তু আটাইতকৈ বেছি ছাপ এৰি থৈ গৈছে ৰূপা গাংগুলীয়ে। তেওঁৰ অভিনয় দক্ষতাই দ্ৰৌপদী চৰিত্ৰটোক অধিক জীৱন্ত আৰু প্ৰাণৱন্ত কৰি তুলিছিল।
Roopa Ganguly: Flooded with memories while watching re-run of Mahabharat |  Entertainment News,The Indian Express
অভিনয় জীৱন্ত কৰিবলৈ চৰিত্ৰটোৰ মাজত সোমাই পৰাটো অতি প্ৰয়োজনীয়। অভিনেত্ৰী ৰূপা গাংগুলীয়ে পাৰিছিল। ভৰপূৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৃশ্যটো কেমেৰাৰ সন্মুখত উপস্থাপন কৰি ৰূপা গাংগুলীয়ে নিজকে ধৰি ৰাখিব পৰা নাছিল। জানিব পৰা মতে, শ্বুটিং চেটত হাউহাউকৈ কান্দিছিল অভিনেত্ৰীগৰাকীয়ে। এটা সময়ত তেওঁক চম্ভালিবলৈ কঠিন হৈ পৰিছিল। এই প্ৰসংগত এক সাক্ষাৎকাৰত অভিনেত্ৰী ৰূপা গাংগুলীয়ে কয় যে, "মই দ্ৰৌপদী চৰিত্ৰটোৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ পৰিলো আৰু ইমানকৈ সোমাই পৰিলো যে দ্ৰৌপদীৰ দুখ-কষ্টই মোক গভীৰভাৱে চুই গৈছিল। লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰায় আধা ঘণ্টা কান্দি কান্দি তেওঁ নিজকে শান্ত কৰিবলৈ সক্ষম হৈছিল।
Who is Roopa Ganguly? - Quora
জনা যায় যে সেই সময়ত ৰূপাক শান্ত কৰিবলৈ পৰিচালকজন নিজেই আগবাঢ়ি আহিছিল। আন অভিনেতা-অভিনেত্ৰীসকলো আগবাঢ়ি আহিল। অৱশ্যে কান্দোনৰ খণ্ডটোৰ পিছতে অভিনেত্ৰীগৰাকী সম্পূৰ্ণৰূপে নিজৰ অভিনয় শৈলীলৈ ঘূৰি আহিল। ইয়াক অভিনয় দক্ষতা বুলি ক’ব পাৰি। প্ৰসংগক্ৰমে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সেই দৃশ্যত ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন শাৰী ব্যৱহাৰ কৰা হৈছে। জনা যায় যে প্ৰকাণ্ড শাৰীখন অৰ্ডাৰ অনুসৰি বনোৱা হৈছিল। 
Roopa Ganguly: Draupadi was a dress rehearsal for my later assault
উল্লেখ্য যে অভিনেত্ৰী দ্ৰৌপদীৰ চৰিত্ৰটোৰ বাবে পৰিচালকৰ প্ৰথম পছন্দ আছিল জুহি চাওলা। কিন্তু সেই সময়ত জুহি চাওলাৰ আন কাম থকাৰ বাবে ৰূপা গাংগুলীক লৈ যোৱা হ’ল। তেওঁৰ অভিনয়ে এতিয়াও ধাৰাবাহিকখনক কালজয়ী কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু