--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰূপা গাংগুলী বাংলা চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে মুম্বাইতো সুনাম অৰ্জন কৰিছে। ৰূপা গাংগুলী সমগ্ৰ দেশতে ‘দ্ৰৌপদী’ নামেৰে পৰিচিত। হিন্দী ধাৰাবাহিকৰ তালিকাত এতিয়াও চিৰসোউজ আছে বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’। ১৯৮৮ চনৰ পৰাই এই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ আৰম্ভ হয়। দেশৰ ডাঙৰ ডাঙৰ অভিনেতা-অভিনেত্ৰীসকলে ‘মহাভাৰত’ত অভিনয় কৰিছিল। কিন্তু আটাইতকৈ বেছি ছাপ এৰি থৈ গৈছে ৰূপা গাংগুলীয়ে। তেওঁৰ অভিনয় দক্ষতাই দ্ৰৌপদী চৰিত্ৰটোক অধিক জীৱন্ত আৰু প্ৰাণৱন্ত কৰি তুলিছিল।
Roopa Ganguly: Flooded with memories while watching re-run of Mahabharat |  Entertainment News,The Indian Express
অভিনয় জীৱন্ত কৰিবলৈ চৰিত্ৰটোৰ মাজত সোমাই পৰাটো অতি প্ৰয়োজনীয়। অভিনেত্ৰী ৰূপা গাংগুলীয়ে পাৰিছিল। ভৰপূৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৃশ্যটো কেমেৰাৰ সন্মুখত উপস্থাপন কৰি ৰূপা গাংগুলীয়ে নিজকে ধৰি ৰাখিব পৰা নাছিল। জানিব পৰা মতে, শ্বুটিং চেটত হাউহাউকৈ কান্দিছিল অভিনেত্ৰীগৰাকীয়ে। এটা সময়ত তেওঁক চম্ভালিবলৈ কঠিন হৈ পৰিছিল। এই প্ৰসংগত এক সাক্ষাৎকাৰত অভিনেত্ৰী ৰূপা গাংগুলীয়ে কয় যে, "মই দ্ৰৌপদী চৰিত্ৰটোৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ পৰিলো আৰু ইমানকৈ সোমাই পৰিলো যে দ্ৰৌপদীৰ দুখ-কষ্টই মোক গভীৰভাৱে চুই গৈছিল। লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰায় আধা ঘণ্টা কান্দি কান্দি তেওঁ নিজকে শান্ত কৰিবলৈ সক্ষম হৈছিল।
Who is Roopa Ganguly? - Quora
জনা যায় যে সেই সময়ত ৰূপাক শান্ত কৰিবলৈ পৰিচালকজন নিজেই আগবাঢ়ি আহিছিল। আন অভিনেতা-অভিনেত্ৰীসকলো আগবাঢ়ি আহিল। অৱশ্যে কান্দোনৰ খণ্ডটোৰ পিছতে অভিনেত্ৰীগৰাকী সম্পূৰ্ণৰূপে নিজৰ অভিনয় শৈলীলৈ ঘূৰি আহিল। ইয়াক অভিনয় দক্ষতা বুলি ক’ব পাৰি। প্ৰসংগক্ৰমে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সেই দৃশ্যত ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন শাৰী ব্যৱহাৰ কৰা হৈছে। জনা যায় যে প্ৰকাণ্ড শাৰীখন অৰ্ডাৰ অনুসৰি বনোৱা হৈছিল। 
Roopa Ganguly: Draupadi was a dress rehearsal for my later assault
উল্লেখ্য যে অভিনেত্ৰী দ্ৰৌপদীৰ চৰিত্ৰটোৰ বাবে পৰিচালকৰ প্ৰথম পছন্দ আছিল জুহি চাওলা। কিন্তু সেই সময়ত জুহি চাওলাৰ আন কাম থকাৰ বাবে ৰূপা গাংগুলীক লৈ যোৱা হ’ল। তেওঁৰ অভিনয়ে এতিয়াও ধাৰাবাহিকখনক কালজয়ী কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক