--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানৰ‌ অনুৰাগীৰ অভাৱ নাই। আজি তেওঁ বলীউডৰ অন্যতম শীৰ্ষ ৰেটিং অভিনেত্ৰী। ২০০০ চনত নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰা কৰীনাই এই ২২ বছৰত বিপুল অনুৰাগী অনুগামী লাভ কৰিবলৈ সক্ষম হৈছে। আমোদজনক কথাটো হ’ল অনুৰাগীৰ উপৰিও বলীউডৰ চেলিব্ৰিটিসকলেও কৰীনা ক্ৰাছ হয় বুলিও উল্লেখ কৰে। কিন্তু আচল প্ৰশ্নটো হ’ল কৰীনাৰ ক্ৰাছ কোন আছিল? হয়, কৰীনা কাপুৰে এবাৰ নিজৰ ক্ৰাছৰ কথা মুকলিকৈ কৈছে। 

হিন্দুস্তান টাইমছৰ এক বাতৰি অনুসৰি কৰীনা কাপুৰ খানে এজন অভিনেতাৰ ওপৰত ক্ৰাছ থকাৰ কথা মুকলিকৈ কয় আৰু তেওঁৰ ছবি কেনেকৈ ৮ বাৰ চাইছিল সেই কথা প্ৰকাশ কৰে। এবাৰ ডান্স ৰিয়েলিটি টিভি শ্ব’ ডান্স ইণ্ডিয়া ডান্সত যেতিয়া শ্ব’টোৰ আয়োজক কৰণ ৱাহীয়ে অভিনেত্ৰীগৰাকীক তেওঁৰ প্ৰথম ক্ৰাছৰ নাম প্ৰকাশ কৰিবলৈ কয়, তেতিয়া কৰীনাই কয় যে তেওঁৰ প্ৰথম ক্ৰাছ আছিল ৰাহুল ৰয়। ইয়াৰ সমান্তৰালকৈ কৰীনাই তেওঁৰ বিখ্যাত ছবি আশিকী (১৯৯০) ৮ বাৰ চোৱাৰ কথাও প্ৰকাশ কৰে।

বৰ্তমান কৰীনাৰ  ছাইফ আলী খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১২ চনৰ ১৬ অক্টোবৰত দুয়োৰে বিবাহ হয়। দুয়োৰে দুজন পুত্ৰ টাইমুৰ আৰু জাহাংগীৰ আলী খান।

১৯৯০ চনত মুক্তি পাইছিল আচিকি। এইখন সংগীতৰ ৰোমাঞ্চ নাট্য ছবি, যাৰ পৰিচালক মহেশ ভট্টৰ। ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল ৰাহুল ৰয় আৰু অনু আগৰৱালাক। এই ছবিখন সেই সময়ত বক্স অফিচত ছুপাৰহিট ছবি হিচাপে প্ৰমাণিত হৈছিল। ২০১৫ চনত বলীউডৰ নতুন চেলিব্ৰিটিৰ সৈতে ‘আশিকি ২’ ছবিখন নিৰ্মাণ কৰা হৈছিল। মানুহেও এই ছবিখন বহুত ভাল পাইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু