--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ সম্পদৰ মান আৰু বিশ্বাসযোগ্যতা ইমানেই বৃদ্ধি পাইছে যে এতিয়া ইটালি ভ্রমণলৈ যোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালিৰ প্রধানমন্ত্রী জর্জিয়া মেল'নিলৈ উপহাৰ হিচাপে লৈ গৈছে অসমৰ এৰী চাদৰ।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় কূটনীতিতো এতিয়া প্ৰৱেশ ঘটিছে অসমৰ সম্পদৰ। কেৱল প্ৰৱেশ ঘটাই নহয়, অসমৰ সম্পদে এতিয়া আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চত উজলাই তুলিছে দেশৰ নাম, বৃদ্ধি কৰিছে দেশৰ গৌৰৱ। অসমৰ সম্পদৰ মান আৰু বিশ্বাসযোগ্যতা ইমানেই বৃদ্ধি পাইছে যে ইটালি ভ্রমণলৈ যোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালিৰ প্রধানমন্ত্রী জর্জিয়া মেল'নিলৈ উপহাৰ হিচাপে লৈ গৈছিল অসমৰ এৰী চাদৰ। 


অসমৰ বয়ন শিল্পই আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু বিশ্বাসযোগ্যতা লাভ কৰাই নিশ্চিতভাৱে অসমৰ শিপিনীৰ বাবে গৌৰৱ আৰু আনন্দৰ ক্ষণ হিচাপে পৰিগণিত হ'ব। সেইদৰে প্রধানমন্ত্রী মোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্রধান ড° কু ডং ইউলৈ উপহাৰ হিচাপে আগবঢ়াইছে অসমৰ মাটিৰ গোন্ধেৰে সংপৃক্ত জহা চাউল। অসমৰ শিল্প-সংস্কৃতি আৰু ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মর্যাদাপূর্ণ স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ এনে প্রচেষ্টাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বয়ন শিল্পৰ ক্ষেত্ৰত শান্তিৰ প্ৰতীক হিচাপে পৰিচিত এৰী হৈছে অসমৰ আস্থা, সংস্কৃতি আৰু স্বকীয়তাৰ এক উজ্জ্বল প্রতিচ্ছবি। 


এই প্রসংগতে উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ বয়ন শিল্প, অসমৰ প্ৰকৃতি আৰু অসমৰ খেতিয়কৰ ঘামেৰে সংপৃক্ত কৃষিজাত সামগ্রীক সদায়েই বিশেষ অগ্রাধিকাৰ দি আহিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক