--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পিয়াঁজ কেৱল বহু ঘাঁৰ ঔষধেই নহয়, স্বাস্থ্যৰ বাবেও ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয়। ৰসৰ পৰা আৰম্ভ কৰি কেঁচাকৈ খোৱালৈকে পিয়াঁজে আপোনাক প্ৰতিটো ক্ষেত্ৰতে বহুতো উপকাৰ দিব পাৰে। বেছিভাগ ঘৰতে ইয়াৰ অবিহনে খাদ্য কল্পনাও কৰা নহয়, আনহাতে ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মানৰ বাবে একাংশ লোকে পিয়াঁজক খাদ্য হিচাপে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। বহু ঘাঁত মলম হিচাপেও পিঁয়াজ ব্যৱহাৰ কৰা হয়। মুঠৰ ওপৰত এই শাকবিধৰ বহু উপকাৰ আছে বুলি ক’লে ভুল নহ’ব।

পিঁয়াজত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যেনে- ছডিয়াম, ফলেট, পটাছিয়াম, ভিটামিন এ, চি, আৰু ই, কেলচিয়াম, ফছফৰাছ, আৰু মেগনেছিয়াম ইত্যাদি। এই সকলোবোৰ উপাদান মিলি পিঁয়াজক ছুপাৰফুড কৰি তোলে। কেঁচা পিঁয়াজ খালে কি কি লাভ হব পাৰে জানো আহক।

১/ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক
পিঁয়াজত ফ্লেভন’ইড আৰু থাইঅ’ছালফিনেটৰ উত্তম উৎস। বেয়া কলেষ্টেৰল হ্ৰাস কৰাত ফ্লেভন’ইডে বহুত সহায় কৰে। আনহাতে থাইঅ’ছালফিনেটে তেজৰ স্থিৰতা বজাই ৰখাৰ কাম কৰে। এই কাৰণেই কেঁচা পিঁয়াজে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাটো স্বাস্থ্য ভাল ৰখাৰ দৰেই। পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

৩/ চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়
পিঁয়াজত চেলেনিয়াম থাকে, যিয়ে ভিটামিন ই উৎপাদনত সহায় কৰে। চকুৰ কনজাংটিভাইটিছ ধৰাত ভিটামিন ই সহায়ক। কিছুমান চকুৰ দৰবত পিঁয়াজৰ ৰসো থাকে।

৪/ মুখৰ স্বাস্থ্য উন্নত কৰা
বহুতে মুখৰ দুৰ্গন্ধৰ ভয়ত পিঁয়াজ খোৱাৰ পৰা বিৰত থাকে যদিও পিঁয়াজে মুখৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। কাৰণ ইয়াত ভিটামিন চিৰ ভাল উৎস।

৫/ যৌন স্বাস্থ্যৰ উন্নতি
যদি আপোনাৰ সংগীয়ে ইৰেক্টিল ডিছফংচনৰ সৈতে যুঁজি আছে, তেন্তে পিঁয়াজ আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। বায়’মলিকুলছ আলোচনীত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যৌন স্বাস্থ্য উন্নত কৰাৰ বাবে পিঁয়াজ উপকাৰী। এই অধ্যয়নত এইটোও দাবী কৰা হৈছে যে পিঁয়াজে পুৰুষৰ টেষ্টষ্টেৰনৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত