--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মদ্যপানৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি৷ ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা সুশীল কুমাৰ মোদীয়ে Dry state বিহাৰত সুৰা সেৱন কৰাৰ অভিযোগত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই আৰজেডি নেতা তেজস্বী যাদৱক লৈ কৰা টুইটৰ জৰিয়তে বিতৰ্কৰ সূচনা কৰে।


এক্সত এটা পোষ্টত সুশীল মোদীয়ে বহিষ্কৃত আৰজেডিৰ এমএলচি ৰামবলী সিং চন্দ্ৰবংশীক সাঙুৰি দাবী কৰে যে তেজস্বী যাদৱে ক্ষমতাত থকালৈকে বিহাৰত সুৰা সেৱন কৰিছিল।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰক বিতং তদন্ত কৰিবলৈয়ো বিজেপি নেতাগৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য যে ২০১৬ চনৰ পৰা বিহাৰত সুৰা সেৱন, বিক্ৰী আৰু মজুতকৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।সুশীল মোদীৰ এই টুইটৰ উত্তৰত আৰজেডিয়ে আইনী ব্যৱস্থাৰ হুংকাৰ দিয়ে।

আৰজেডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে কয় যে বিহাৰত সুৰা নিষেধাজ্ঞাৰ কৃতিত্ব তেজস্বী যাদৱক দিয়া উচিত।তিৱাৰীয়ে ২০১৬ চনত ‘মহাগঠবন্ধন’ চৰকাৰে নিৰ্ণায়কভাৱে বন্ধ কৰি দিয়া বিহাৰত সুৰাৰ দোকান প্ৰসাৰিত হোৱাৰ বাবেও পূৰ্বৰ এন ডি এ চৰকাৰক দোষাৰোপ কৰে।

ইফালে, এই দাবীক লৈ সুশীল মোদীক তীব্ৰ সমালোচনা কৰে আৰজেডিৰ মিত্ৰ কংগ্ৰেছে৷ কংগ্ৰেছৰ মুখপাত্ৰ আসিত নাথ তিৱাৰীয়ে কয় যে তেজস্বী যাদৱে সুশীল মোদীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ