--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী৷বৃহস্পতিবাৰে ৰাজ্যসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অৱদানক প্ৰশংসা কৰি কয় যে সিঙে ‘হুইল চেয়াৰতো কাম কৰিছিল’।ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলৰ বিদায়ৰ সময়ত সদনত সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ মনত আছে সদনত, ভোটদানৰ সময়ত ট্ৰেজাৰী বেঞ্চে জয়ী হ’ব বুলি জনা গৈছিল, কিন্তু ড° মনমোহন সিঙে হুইল চেয়াৰত আহিও ভোটদান কৰিছিল।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো এজন সদস্যই নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ উৎকৃষ্ট উদাহৰণ।

উল্লেখ্য যে,বৃহস্পতিবাৰে দিল্লীস্থিত অধ্যক্ষ জগদীপ ধনখড়ৰ বাসগৃহত ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় দিয়া হ’ব।ইয়াৰ পূৰ্বে আজি ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যসভাৰ সদস্যসকলে গ্ৰুপ ফটোত অংশগ্ৰহণ কৰে।পাছত সন্ধিয়া ৬.৩০ বজাত অধ্যক্ষৰ বাসগৃহত অৱসৰপ্ৰাপ্ত সদস্যসকলৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু