--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী৷বৃহস্পতিবাৰে ৰাজ্যসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অৱদানক প্ৰশংসা কৰি কয় যে সিঙে ‘হুইল চেয়াৰতো কাম কৰিছিল’।ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলৰ বিদায়ৰ সময়ত সদনত সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ মনত আছে সদনত, ভোটদানৰ সময়ত ট্ৰেজাৰী বেঞ্চে জয়ী হ’ব বুলি জনা গৈছিল, কিন্তু ড° মনমোহন সিঙে হুইল চেয়াৰত আহিও ভোটদান কৰিছিল।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো এজন সদস্যই নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ উৎকৃষ্ট উদাহৰণ।

উল্লেখ্য যে,বৃহস্পতিবাৰে দিল্লীস্থিত অধ্যক্ষ জগদীপ ধনখড়ৰ বাসগৃহত ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় দিয়া হ’ব।ইয়াৰ পূৰ্বে আজি ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যসভাৰ সদস্যসকলে গ্ৰুপ ফটোত অংশগ্ৰহণ কৰে।পাছত সন্ধিয়া ৬.৩০ বজাত অধ্যক্ষৰ বাসগৃহত অৱসৰপ্ৰাপ্ত সদস্যসকলৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ